• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Friday, May 9, 2025
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
NORTHEAST NOW (Assamese)
English

এতিয়াও চিনাক্ত হোৱা নাই ১৬০টা মৃতদেহ! বালেশ্বৰৰ পৰা আঁতৰাইছে চৰকাৰে; ক’লৈ নিয়া হৈছে?

এন ই নাও নিউজ, গুৱাহাটী by এন ই নাও নিউজ, গুৱাহাটী
June 4, 2023 12:18 pm
281
VIEWS
Share on FacebookShare on Twitter

কৰমণ্ডল ৰে’ল দুৰ্ঘটনাত নিহত হোৱা বহু লোক এতিয়াও চিনাক্ত হোৱা নাই। পৰিয়ালৰ কোনো লোকৰো সন্ধান পোৱা হোৱা নাই। বৰ্তমান সকলো মৃতদেহ বালেশ্বৰৰ পৰা আঁতৰাই অনাৰ কাম চলি আছে। আৰু ভাল কৰি যাতে মৃতদেহ সংৰক্ষণ কৰিব পৰা যায় তাৰবাবে মৃতদেহবোৰ ৰাজধানী ভুৱনেশ্বৰলৈ লৈ অনা হৈছে। ওড়িশা চৰকাৰে তেনে সিদ্ধান্তই লৈছে।

ভুৱনেশ্বৰত মৃতদেহ সংৰক্ষণৰ ব্যৱস্থা বালেশ্বৰতকৈ তুলনামূলকভাৱে ভাল। গতিকে এই সিদ্ধান্ত লোৱা হৈছে বুলি ওড়িশাৰ মুখ্য সচিব প্ৰদীপ কুমাৰ জেনাই জানিবলৈ দিয়ে।

লগতে পঢ়ক: প্ৰকৃত সেনানী! কৰমণ্ডলত মোবাইলৰ পোহৰত উদ্ধাৰ কাৰ্য আৰম্ভ কৰা সেই নায়কসকলৰ কথা জানেনে?

তেওঁ কয় যে এই পৰ্যন্ত আৰু ১৬০টা মৃতদেহ চিনাক্ত কৰিব পৰা হোৱা নাই। শনিবাৰে সন্ধিয়া মুখ্য সচিবগৰাকীয়ে কয় যে আমি ১৬০টা মৃতদেহ ভুৱনেশ্বৰলৈ আনিম। সেইবোৰ ৰাজধানীৰ বিভিন্ন চৰকাৰী আৰু বেচৰকাৰী চিকিৎসালয়ৰ মৰ্গত ৰখা হ’ব।

৪২ ঘণ্টা ধৰি মৃতদেহবোৰ সংৰক্ষণ কৰা হ’ব। তাৰ ভিতৰত আত্মীয় মানুহ ভুৱনেশ্বৰলৈ আহি মৃতদেহ চিনাক্ত কৰিব পাৰিব। এই সময়ছোৱাত চিনাক্ত কৰিব নোহোৱা সকলো মৃতদেহ কিছু চিকিৎসা পদ্ধতি অনুসৰণ কৰি ওড়িশা চৰকাৰে দাহ কৰি পেলাব।

মুখ্য সচিবগৰাকীয়ে কয় যে এই দুৰ্ঘটনাৰ বাবে ভদ্ৰক আৰু বালেশ্বৰত ৰে’ল সেৱা ব্যাহত হৈ পৰিছে। গতিকে মৃতকৰ আত্মীয়ই পোনপটীয়াকৈ ভুৱনেশ্বৰলৈ আহি মৃতদেহটো চিনাক্ত কৰিব পাৰিব।

লগতে পঢ়ক: সঘনাই কাণত ইয়াৰবাড, বধিৰ হৈ পৰিল যুৱক; সতৰ্ক হওক, নহ’লে পস্তাৱ লাগিব জীৱনভৰ!

দুৰ্ঘটনাস্থলীৰ পৰা উদ্ধাৰ হোৱা যিবোৰ চিনাক্ত হৈছে সেই মৃতদেহবোৰ মৰণোত্তৰ পৰীক্ষাৰ অন্তত পৰিয়ালকেইটাক গতাই দিয়া হৈছে। চিনাক্ত নোহোৱা লোকসকলৰ মৃতদেহ বালেশ্বৰৰ বাহাংগা হাইস্কুল আৰু নৰ্থ ওড়িশা চেম্বাৰ অৱ কমাৰ্চ এণ্ড ইণ্ডাষ্ট্ৰীৰ অস্থায়ী মৰ্গত ৰখা হৈছে। তাৰ পৰাই ভুৱনেশ্বৰলৈ প্ৰেৰণ কৰা হ’ব মৃতদেহবোৰ। ওড়িশাৰ বিভিন্ন চিকিৎসালয়ত এতিয়াও বহু লোক চিকিৎসাধীন হৈ আছে। বহুতকে মুকলি কৰি দিয়া হৈছে।

Recent News

বন্ধ হ’ল জনপ্ৰিয় নিউজ পৰ্টেল ‘দ্য ৱায়াৰ’ : সাংবিধানিক স্বাধীনতা ভংগ কৰাৰ অভিযোগ

বন্ধ হ’ল জনপ্ৰিয় নিউজ পৰ্টেল ‘দ্য ৱায়াৰ’ : সাংবিধানিক স্বাধীনতা ভংগ কৰাৰ অভিযোগ

‘কেনচেল’ বুটামে সঁচাকৈয়ে ATMৰ PIN সুৰক্ষাত  সহায় কৰেনে? জানি লওক প্ৰকৃত সত্য

‘কেনচেল’ বুটামে সঁচাকৈয়ে ATMৰ PIN সুৰক্ষাত  সহায় কৰেনে? জানি লওক প্ৰকৃত সত্য

ৰাষ্ট্ৰীয় শিক্ষা নীতি গ্ৰহণৰ ক্ষেত্ৰত ৰাজ্যসমূহক নিৰ্দেশ দিবলৈ অস্বীকাৰ উচ্চতম ন্যায়ালয়ৰ

ৰাষ্ট্ৰীয় শিক্ষা নীতি গ্ৰহণৰ ক্ষেত্ৰত ৰাজ্যসমূহক নিৰ্দেশ দিবলৈ অস্বীকাৰ উচ্চতম ন্যায়ালয়ৰ

সবাৰো আগত দেশৰ স্বাৰ্থ, ভাৰত-পাক যুদ্ধৰ উত্তেজনাৰ মাজতে স্থগিত IPL!

সবাৰো আগত দেশৰ স্বাৰ্থ, ভাৰত-পাক যুদ্ধৰ উত্তেজনাৰ মাজতে স্থগিত IPL!

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd