NORTHEAST NOW (Assamese)

গুৱাহাটীৰ মালিগাঁও ৰেল লাইনত উদ্ধাৰ অচিনাক্ত মহিলা মৃতদেহ

July 22, 2023 3:11 pm · এন ই নাও নিউজ, গুৱাহাটী

শনিবাৰে পুৱা গুৱাহাটীৰ মালিগাঁও অঞ্চলৰ শ্বাটল গেটত উদ্ধাৰ হয় এগৰাকী অচিনাক্ত মহিলাৰ মৃতদেহ।

সূত্ৰই জনোৱা মতে, মহিলাগৰাকীৰ মৃতদেহটো ৰে’লপথৰ কাষৰ পৰা উদ্ধাৰ কৰা হৈছে। মহিলাগৰাকীৰ পৰিচয় এতিয়াও জানিব পৰা হোৱা নাই।

সন্দেহ কৰা হৈছে যে মহিলাগৰাকী চলন্ত ৰে’লৰ পৰা পৰি মৃত্যু হ’ব পাৰে, অৱশ্যে হত্যাৰ সন্দেহকো নুই কৰিব নোৱাৰি।

ইতিমধ্যে স্থানীয় আৰক্ষীয়ে বিষয়টোৰ তদন্ত আৰম্ভ কৰা হৈছে।

শেহতীয়াকৈ বিশাখাপট্টনমত ৰে’লপথৰ পৰা উদ্ধাৰ হৈছিল এজন অসমীয়া যুৱকৰ মৃতদেহ।

মৃত যুৱকজন নগাঁও জিলাৰ ননৈৰ নিবাসী জোনাৰাম বৰা বুলি জানিব পৰা গৈছে।

লাভ কৰা তথ্য অনুসৰি ১৫ জুলাইত জোনাৰমে চাকৰিৰ উদ্দেশ্যে গুৱাহাটীৰ পৰা হায়দৰাবাদলৈ ৰেলযোগে যাত্ৰা আৰম্ভ কৰিছিল। কিন্তু দুৰ্ভাগ্যবশতঃ দুদিন পিছতে তেওঁৰ পৰিয়ালৰ লোকে আৰক্ষীৰ ফোন পাই তেওঁৰ মৃতদেহ বিশাখাপট্টনমৰ ৰে’লপথৰ ওচৰতে উদ্ধাৰ হোৱা বুলি জানিব পাৰে।

অৱশ্যে জোনাৰামৰ মৃত্যুক হত্যাকাণ্ড বুলি সন্দেহ কৰিছে পৰিয়ালৰ লোকে। মৃতদেহটো ঘৰলৈ ঘূৰাই অনাৰ বাবে অসম চৰকাৰক আৰ্থিক সাহায্যৰ বাবে আবেদন জনাইছে।

Related News