অসম-মিজোৰাম সীমান্তৰ সাম্প্ৰতিক পৰিস্থিতিৰ বুজ ল’লে কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহে।
কেন্দ্ৰীয় গৃহমস্ত্ৰীগৰাকীয়ে বুধবাৰে ৰাতি টেলিফোনযোগে মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালক সীমান্তৰ পৰিস্থিতিৰ লগতে এই ক্ষেত্ৰত ৰাজ্য চৰকাৰে গ্ৰহণ কৰা পৰিস্থিতিৰ সম্পৰ্কতো বুজ লয়।
টেলিফোনিক বাৰ্তালাপৰ সময়ত কেন্দ্ৰীয় গৃহমস্ত্ৰীগৰাকীয়ে কয় যে দুয়োখন ৰাজ্যৰ মাজত শান্তিপূৰ্ণ পৰিস্থিতি বাহাল ৰখাৰ বাবে কেন্দ্ৰীয় গৃহ মন্ত্ৰণালয়ে ইতিমধ্যে পদক্ষেপ গ্ৰহণ কৰিছে।
বাৰ্তালাপৰ সময়ত মুখ্যমন্ত্ৰীয়ে দুয়োখন ৰাজ্যৰ মাজত সীমান্তৰ বিবাদৰ আশু সমাধান আৰু পৰিস্থিতি স্বাভাৱিক কৰাৰ বাবে অসম চৰকাৰে গ্ৰহণ কৰা ব্যৱস্থাৱলীৰ সম্পৰ্কত কেন্দ্ৰীয় গৃহমন্ত্ৰীগৰাকীক অৱগত কৰে।
মুখ্যমন্ত্ৰীয়ে কয় যে দুয়োখন ৰাজ্য চৰকাৰৰ শীৰ্ষ বিষয়াসকলৰ সৈতে ইতিমধ্যে আলোচনাৰ প্রক্ৰিয়া আৰম্ভ হৈছে। মিজোৰামৰ মুখ্যমন্ত্ৰীৰ সৈতে হোৱা আলোচনাৰ সময়তো দুয়োখন ৰাজ্যৰ মাজত ঐক্য আৰু ভাতৃত্ববোধ অক্ষুণ্ণ ৰখাৰ বাবে মিজোৰামৰ মুখ্যমন্ত্ৰীয়ে ইতিবাচক পদক্ষেপ গ্ৰহণত সঁহাৰি জনোৱা বিষয়টোও মুখ্যমন্্ৰীয়ে কেন্দ্ৰীয় গৃহমন্ত্ৰীগৰাকীক অৱগত কৰে।
উল্লেখ্য যে কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহৰ নিৰ্দেশত অসমলৈ অহা কেন্দ্ৰীয় গৃহ মন্ত্ৰালয় (উত্তৰ-পূব)ৰ যুটীয়া সচিব সত্যেন্দ্ৰ গাৰ্গৰ অধ্যক্ষতাত বুধবাৰে শিলচৰত এখন গুৰুত্বপূৰ্ণ বৈঠক অনুষ্ঠিত হয়।
বৈঠকত দুয়োখন ৰাজ্যৰ গৃহ বিভাগৰ আয়ুক্ত সচিব দুয়োগৰাকীও উপস্থিত থাকে। এই আলোচনাৰ সময়ত দুয়োখন ৰাজ্যৰ মাজত শান্তি-শৃংখলা অক্ষুণ্ণ ৰখাৰ ক্ষেত্ৰত বিতংভাৱে আলোচনা কৰা হয়।
আনহাতে, মুখ্যমন্ত্ৰীয়ে সীমান্তৰে ট্ৰাক আৰু অন্যান্য যান-বাহন চলাচলৰ ব্যৱস্থা সুগম কৰাৰ বাবেও বুধবাৰে নিৰ্দেশ দিয়ে। মুখ্যমন্ত্ৰীৰ নিৰ্দেশমৰ্মে আজিৰে পৰা যাতায়াত ব্যৱস্থা পুনৰ স্বাভাৱিক অৱস্থালৈ ঘূৰি আহিছে।