• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Wednesday, July 29, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home Popular Stories

কেন্দ্ৰীয় পথ পৰিবহন মন্ত্ৰী নীতিন গাডকাৰীয়ে আধাৰশিলা স্থাপন কৰিলে মাল্টি মডেল লজিষ্টিক্স পাৰ্কৰ

অশোক কাগজ কলৰ ২০০ একৰ ভূমিত স্থাপন হ'ব এই লজিষ্টিক্স পাৰ্ক

by
October 20, 2020 6:33 pm
9d1622e9-b75d-4671-884f-6908bce4ecc4
1
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

কেন্দ্ৰীয় পথ পৰিবহন মন্ত্ৰী নীতিন গাডকাৰীয়ে ভাৰতমালা পৰিযোজনাৰ অধীনত পথ, ৰে’ল, বিমান আৰু জলপথৰ জৰিয়তে পোনপটীয়া যোগাযোগৰ ব্যৱস্থা সম্বলিত দেশৰ ভিতৰতে প্রথমখন ‘মাল্টি মডেল লজিষ্টিক্স পাৰ্ক’ৰ আধাৰশিলা আজি যোগীঘোপাৰ অশোক কাগজ কলৰ প্রায় ২০০ একৰ ভূমিত ভিডিঅ’ কনফাৰেন্সযোগে স্থাপন কৰে।

যোগীঘোপাৰ প্রকল্পস্থলীত মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালৰ লগতে কেন্দ্ৰীয় খাদ্য সংসাধন দপ্তৰৰ ৰাজ্যিক মন্ত্ৰী ৰামেশ্বৰ তেলী, উদ্যোগমন্ত্ৰী চন্দ্ৰমোহন পাটোৱাৰী, খাদ্য-অসামৰিক যোগান আৰু গ্ৰাহক পৰিক্ৰমা বিভাগৰ মন্ত্ৰী ফণীভূষণ চৌধুৰী, পৰ্যটন মন্ত্ৰী চন্দন ব্ৰহ্মৰ লগতে কেইবাগৰাকীও বিধায়ক এই অনুষ্ঠানত উপস্থিত থাকে।

Apply Now

ৰাষ্ট্ৰীয় ঘাইপথ ১৭ (৩১/বি)ৰ সৈতে প্রত্যক্ষ যোগাযোগ থকাৰ লগতে আকাশ মাৰ্গেৰে নৱনিৰ্মিত ৰূপচী বিমানবন্দৰ আৰু লোকপ্ৰিয় গোপীনাথ বৰদলৈ বিমান বন্দৰ, নদী পথেৰে যোগীঘোপা ৱাটাৰ টাৰ্মিনেল (প্রস্তাৱিত)ৰপৰা আৰু মুখ্য ৰে’ল পথৰ পৰা পোনপটীয়াকৈ এই প্রকল্প সংযুক্ত হ’ব।

প্রতিবছৰে ১৩ এম এম টি পৰ্যন্ত সামগ্ৰী পৰিবহনৰ ক্ষমতা থাকিবলগীয়া এই পাৰ্কে সামগ্ৰী পৰিবহন, মজুতকৰণ, শুক্ক আদায়, পাৰ্কিং আৰু তদাৰকী সংক্ৰান্ত সেৱাৰ একক মঞ্চ হিচাপে কাম কৰিব। এই উপলক্ষে দিল্লীৰ পৰা ভিডিঅ’ কনফাৰেন্সযোগে বক্তব্য প্রদান কৰি কেন্দ্ৰীয় পথ পৰিবহন মন্ত্ৰী নীতিন গাড়কাৰীয়ে কয় যে এই প্রকল্প সম্পূৰ্ণ হৈ উঠিলে প্রায় ২০ লাখ প্রত্যক্ষ আৰু পৰোক্ষ নিয়োগ সৃষ্টি হ’ব।

১১৭১ কোটি টকা ব্যয়ৰে দুটা পৰ্যায়ত ৰূপায়ণ কৰিবলগীয়া এই প্রকল্প ২০২৩ চনৰ ভিতৰত সম্পূৰ্ণ কৰা হ’ব বুলি মন্ত্ৰীগৰাকীয়ে কয়। এই প্রকল্প বাস্তৱায়িতকৰণৰ দিশত মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালৰ গুৰুত্বপূৰ্ণ ভূমিকাৰ কথা উল্লেখ কৰি কেন্দ্ৰীয় মন্ত্ৰীগৰাকীয়ে এই প্রকল্প যাতে মান সম্পন্ন হয় আৰু নিৰ্দ্ধাৰিত সময়ৰ ভিতৰত ৰূপায়িত হয় তাৰ বাবে মুখ্যমন্ত্ৰী সোণোৱালক ৰাষ্ট্ৰীয় ঘাইপথ উন্নয়ন প্ৰাধিকৰণৰ কাম-কাজৰ প্রতিমাহে পৰ্যালোচনা কৰিবলৈ অনুৰোধ জনায়।

কেন্দ্ৰীয় মন্ত্ৰীগৰাকীয়ে কয় যে ভাৰত চৰকাৰৰ পথ পৰিবহন মন্ত্ৰালয়ে ৰাজ্যখনৰ বাবে প্রায় ৮০ হাজাৰ কোটি টকা ব্যয়ৰে পথ আৰু দলং নিৰ্মাণ প্রকল্প ৰূপায়ণৰ পদক্ষেপ গ্ৰহণ কৰিছে। এই সমূহৰ ভিতৰত ৫ হাজাৰ কোটি টকা ব্যয়ৰে নিৰ্মাণ কৰিবলগীয়া ১৯ কিঃমিঃ দৈৰ্ঘ্যৰ ধুবুৰী-ফুলবাৰী দলঙৰ কাম অহা ২-৩ মাহৰ ভিতৰতে আৰম্ভ হ’ব। তদুপৰি, গুৱাহাটী-যোগীঘোপা পথটো চাৰিলেনযুক্ত পথ ৰূপে গঢ়ি তোলা হ’ব।

কেন্দ্ৰীয় মন্ত্ৰীগৰাকীয়ে এই ‘মাল্টি মডেল লজিষ্টিক্স পাৰ্ক’ৰ কাষতে এখন স্মাৰ্ট চিটি গঢ়ি তুলিবৰ বাবে ৰাজ্য চৰকাৰক আহ্বান জনাই কয় যে বিগত সময়ছোৱাত কেন্দ্ৰীয় পথ পৰিবহন মন্ত্ৰালয়ে বৰাক আৰু ব্ৰহ্মপুত্ৰ নদীৰ খননৰ জৰিয়তে বাংলাদেশৰ চট্টগ্ৰাম আৰু মংলা বন্দৰলৈ অসমৰ পৰা সামগ্ৰী ৰপ্তানিৰ পৰিৱেশ গঢ়ি তুলিছে।

অনুষ্ঠানত ভাষণ প্রদান কৰি মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালে আজিৰ দিনটো সমগ্ৰ নামনি অসমৰ বাবে এক স্মৰণীয় দিন বুলি অভিহিত কৰে। মুখ্যমন্ত্ৰীয়ে কয় যে স্বাধীনতাৰ বিগত সময়ছোৱাত নামনি অসমৰ ৰাইজে এই অঞ্চলটো চৰকাৰৰ দ্বাৰা অৱহেলিত হৈ অহা বুলি অভিযোগ কৰি আহিছিল। নামনি ‘অসমত কোনো উল্লেখযোগ্য উদ্যোগ নোহোৱাৰ বাবে উন্নয়নৰ ফালৰ পৰা বঞ্চিত হোৱা বুলি জনসাধাৰণে ‘উপলব্ধি কৰি আহিছিল।

কিন্তু ২০১৪ চনত দেশৰ শাসনভাৰ গ্রহণ কৰিয়েই প্রধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে উত্তৰ-পূবৰ উন্নয়নক অগ্ৰাধিকাৰ দিয়াৰ লগতে অঞ্চলটোৰ এক সুকীয়া পৰিচয় দেশবাসীৰ আগত তুলি ধৰিলে যাৰ ফলত উত্তৰ-পূৰ্বাঞ্চলে দ্ৰুত গতিৰে আগবাঢ়ি যাবলৈ সক্ষম হৈছে।

মুখ্যমন্ত্ৰী সোণোৱালে কয় যে অসম চৰকাৰেও ৰাজ্যৰ উন্নয়নক নতুন গতি প্রদান কৰিবলৈ ২০১৮ চনত বিশ্ব বিনিয়োগ সন্মিলন আয়োজন কৰিলে। এই সন্মিলনত ২৪০ খন বুজাবুজিৰ চুক্তি স্বাক্ষৰ হোৱাৰ লগতে প্রায় ৭৯ হাজাৰ কোটি টকাৰ বিনিয়োগৰ বাট মুকলি হ’ল।

ৰাজ্য চৰকাৰৰ উদ্যোগ আৰু বাণিজ্য মন্ত্ৰী চন্দ্ৰমোহন পাটোৱাৰীয়ে কয় যে প্রস্তাৱিত এই প্রকল্পৰ সফল ৰূপায়ণে ৰাজ্যৰ দৃশ্যপট সলনি কৰিব। সামগ্ৰিকভাৱে ৰাজ্যৰ অর্থনৈতিক দিশলৈ পৰিৱৰ্তন আনি এই প্রকল্পই পূৰ্বে নদী পথেদি অসমে ব্যৱসায়-বাণিজ্য কৰি যেনেদৰে অৰ্থনৈতিকভাৱে নিজকে শক্তিশালী কৰি তুলিছিল সেই দিন পুনৰ উভতাই আনিব।

অনুষ্ঠানত কেন্দ্ৰীয় ড’নাৰ মন্ত্ৰালয়ৰ ৰাজ্যিক (স্বতন্তু) মন্ত্ৰী জীতেন্দ্ৰ সিং আৰু কেন্দ্ৰীয় পথ পৰিবহন দণ্ডৰৰ ৰাজ্যিক মন্ত্ৰী জেনেৰেল ভি কে সিঙে ভিডিঅ’ কনফাৰেন্স যোগে ভাষণ প্রদান কৰে।

আজিৰ কাৰ্যসূচীতে ৰাষ্ট্ৰীয় ঘাইপথ প্রাধিকৰণ আৰু অশোক কাগজকলৰ মাজত এখন বুজাবুজিৰ চুক্তিও স্বাক্ষৰিত হয়। অনুষ্ঠানত বৰপেটা সমষ্টিৰ সাংসদ আব্দুল খালেকে ভাৰ্ছুৱেলি যোগদান কৰাৰ উপৰি বিধায়কসকল ক্ৰমে অনন্ত মালো, অশ্বিনী ৰায় ‘সৰকাৰ, দীপক ৰাভা, অশোক সিংখঘী আৰু খতুপৰ্ণ বৰুৱাকে প্রমুখ্য কৰি বহু চৰকাৰী উচ্চপদস্থ বিষয়া উপস্থিত থাকে।

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

উন্নয়নৰ নামত হাবি-বন, খাল-বিল, নৈ পুতি পেলালে পানী ক’লৈ যাব?

উন্নয়নৰ নামত হাবি-বন, খাল-বিল, নৈ পুতি পেলালে পানী ক’লৈ যাব?

July 29, 2026 10:31 am
‘জেন-জি’ৰ প্ৰতিবাদত উচপ খাই উঠিল নেকি বিজেপি? ‘জেন-জি’ ভোটাৰৰ কাষ চপাৰ ব্যাপক প্ৰস্তুতি

‘জেন-জি’ৰ প্ৰতিবাদত উচপ খাই উঠিল নেকি বিজেপি? ‘জেন-জি’ ভোটাৰৰ কাষ চপাৰ ব্যাপক প্ৰস্তুতি

July 29, 2026 10:30 am
ককৰোচ জনতা পাৰ্টিৰ আন্দোলনে আমাক কি ৰাজনৈতিক শিক্ষা দিলে?

ককৰোচ জনতা পাৰ্টিৰ আন্দোলনে আমাক কি ৰাজনৈতিক শিক্ষা দিলে?

July 29, 2026 9:49 am
অসমত অপৰিৱৰ্তিত বান পৰিস্থিতি: শিৱসাগৰত ৭ জনৰ মৃত্যু, মৃতকৰ সংখ্যা ৭৫লৈ বৃদ্ধি

অসমত অপৰিৱৰ্তিত বান পৰিস্থিতি: শিৱসাগৰত ৭ জনৰ মৃত্যু, মৃতকৰ সংখ্যা ৭৫লৈ বৃদ্ধি

July 29, 2026 9:09 am

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

উন্নয়নৰ নামত হাবি-বন, খাল-বিল, নৈ পুতি পেলালে পানী ক’লৈ যাব?

উন্নয়নৰ নামত হাবি-বন, খাল-বিল, নৈ পুতি পেলালে পানী ক’লৈ যাব?

July 29, 2026 10:31 am
‘জেন-জি’ৰ প্ৰতিবাদত উচপ খাই উঠিল নেকি বিজেপি? ‘জেন-জি’ ভোটাৰৰ কাষ চপাৰ ব্যাপক প্ৰস্তুতি

‘জেন-জি’ৰ প্ৰতিবাদত উচপ খাই উঠিল নেকি বিজেপি? ‘জেন-জি’ ভোটাৰৰ কাষ চপাৰ ব্যাপক প্ৰস্তুতি

July 29, 2026 10:30 am
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd