পুনৰ উত্তপ্ত মণিপুৰ! ইম্ফলত কেন্দ্ৰীয় মন্ত্ৰী ৰাজকুমাৰ ৰঞ্জন সিঙৰ ঘৰত অগ্নিসংযোগ

কেন্দ্রীয় মন্ত্ৰী ৰাজকুমাৰ ৰঞ্জন সিঙৰ বাসগৃহত অগ্নিসংযোগ কৰিছে দুস্কৃতিকাৰীয়ে।

মণিপুৰত এতিয়াও অব্যাহত আছে হিংসাত্মক ঘটনা। নিশা ইম্ফলত থকা কেন্দ্ৰীয় মন্ত্ৰী ৰাজকুমাৰ ৰঞ্জন সিঙৰ ঘৰত অগ্নিসংযোগ কৰা হয়। ঘটনাৰ সময়ত কেন্দ্ৰীয় মন্ত্ৰী আৰ কে ৰঞ্জন সিং ঘৰত নাছিল বুলি বিষয়াসকলে জানিবলৈ দিয়ে।

অশান্ত মণিপুৰত পুনৰ সংঘৰ্ষৰ সূত্ৰপাত ঘটিছে। ৰাজধানী ইম্ফলত বৃহস্পতিবাৰে জাৰি কৰা হৈছিল সান্ধ্য আইন। কিন্তু তাৰ মাজতে নিৰাপত্তাৰক্ষীৰ সৈতে দুস্কৃতিকাৰীৰ সংঘৰ্ষই আতংক বিয়পাই দিছে। বহু ঘৰ জ্বলাই দিয়া হৈছে। পৰিস্থিতি নিয়ন্ত্ৰণ কৰিবলৈ আৰক্ষীয়ে কন্দুৱা গেছ ব্যৱহাৰ কৰিবলগীয়া হয়।

লগতে পঢ়ক: ‘কুকি উগ্ৰপন্থীৰে সম্পৰ্ক’: মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ বিৰুদ্ধে NSAৰ অধীনত ব্যৱস্থা গ্ৰহণৰ দাবী বিৰোধীৰ

বুধবাৰে কাংপোকপি জিলাৰ খামেলোক গাঁৱত ভয়ংকৰ হিংসাৰ বলি হৈছিল ১১জন লোক। আহত হৈছিল ১৫ জনতকৈ অধিক লোক। এইবাৰ ৰাজ্যৰ ৰাজধানীও হিংসাৰ কবলত পৰিছে।

বাতৰি অনুসৰি, বৃহস্পতিবাৰে বিয়লি ইম্ফলৰ নিউ চিকল অঞ্চলত দুষ্কৃতিকাৰীয়ে অশান্তিৰ সৃষ্টি কৰে। তেওঁলোকে আৰক্ষীক আক্ৰমণ কৰে। আৰক্ষীয়ে পাল পাতি কন্দুৱা গেছৰ শ্বেল নিক্ষেপ কৰে। ইয়াৰ পিছতে উত্তেজনা বাঢ়ি যায়। কেইবাটাও ঘৰত অগ্নিসংযোগৰ ঘটনা ঘটে। বৰ্তমানো ক্ষতিগ্ৰস্ত অঞ্চলত যথেষ্ট উত্তেজনা অব্যাহত আছে।

উল্লেখ্য যে কুকি-মেইটেই সংঘাতৰ বাবে মণিপুৰ অশান্ত হৈ পৰিছে। সংখ্যাগৰিষ্ঠ ‘মেইটেই’ জনগোষ্ঠীক অনুসূচিত জাতি হিচাপে স্বীকৃতি দিয়াৰ আন্দোলনে ক্ষুদ্ৰ ৰাজ্যখনৰ নগা-কুকি জনগোষ্ঠীৰ মাজত প্ৰতিক্ৰিয়াৰ সৃষ্টি কৰিছে। আৰু ইয়াক কেন্দ্ৰ কৰিয়েই  ৰক্তাক্ত সংঘৰ্ষ, কাৰ্ফিউ, আৰক্ষীৰ গুলীচালনাৰ দৰে ঘটনা কেইসপ্তাহমানৰ পৰা সমগ্ৰ দেশে প্ৰত্যক্ষ কৰি আহিছে।

লগতে পঢ়ক: কুকি উগ্ৰপন্থীৰ সৈতে সম্পৰ্ক ৰক্ষা কৰা মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই পদত্যাগ কৰক: ডি ৱাই এফ আই

মুঠতে পৰিস্থিতি পুনৰ উত্তপ্ত হৈ পৰিছে। লগতে ম্যানমাৰৰ পৰা অহা কুকি উগ্ৰপন্থীয়ে হিংসাত ইন্ধন যোগ কৰিছে। বুধবাৰে খামেলাক গাঁৱত দুষ্কৃতিকাৰীৰ আকস্মিক আক্ৰমণত বহু লোক নিহত হোৱাৰ লগতে বহু লোক আহত হয়। এইবাৰ ইম্ফলতো আন্দোলনকাৰীসকলে তাণ্ডৱ চলাইছে।