NORTHEAST NOW (Assamese)

কোকৰাঝাৰত প্ৰধান মন্ত্ৰী উজ্বলা যোজনা-২ৰ শুভ আৰম্ভণি

January 12, 2019 10:58 am · ৰিনয় বসুমতাৰী

কেন্দ্ৰীয় পেট্ৰলিয়াম আৰু প্ৰাকৃতিক গেছ মন্ত্ৰ্যালয়ে প্ৰধান মন্ত্ৰী উজ্বলা যোজনা-২ৰ অন্তৰ্গত কোকৰাঝাৰৰ ৰন্ধন গেছৰ সংযোগ নথকা ঘৰ সমূহত ৰন্ধন গেছৰ সংযোগ দিয়াৰ ব্যৱস্থা গ্ৰহণ কৰিছে।

প্ৰধান মন্ত্ৰী উজ্বলা যোজনাৰ জিলা নডেল অফিচাৰ বিকাশ কুমাৰ মহন্তই কৈছে যে এই পদক্ষেপে খৰি, কয়লা, গোৱৰ আদিক ৰন্ধন কাৰ্যৰ ইন্ধনৰ বাবে ব্যৱহাৰ কৰাৰ পলত হোৱা স্বাস্থ্যৰ ক্ষতিৰ পৰা মহিলা আৰু শিশুসকলক সুৰক্ষিত কৰিব।

মহন্তই কৈছে যে প্ৰধান মন্ত্ৰী উজ্বলা যোজনা-২ য়ে ভাৰতৰ গ্ৰাম্য ঘৰসমূহক বহুলভাৱে সামৰি লোৱাৰ ফলত ২০১৬ চনত  ৬২শতাংশ ৰন্ধন গেছ ব্যৱহাৰকাৰীৰ বিপৰীতে ২০১৮ চনত ৮৯.৫ শতাংশ হৈছেগৈ।

মহন্তই আৰু কৈছে যে উজ্বলা হিতাধিকাৰীসকলৰ বাবে ৫ কেজিৰ ৰিফিলিং বিকল্পৰো ব্যৱস্থা কৰা হৈছে।  এই যোজনাৰ হিতাধিকাৰীসকলে তেওঁলোকৰ ৫ ১৪.২ কেজিৰ চিলিণ্ডাৰসমূহ ৫ কেজিৰ চিলিণ্ডাৰৰ সৈতে অথবা কেজিৰ চিলিণ্ডাৰসমূহ ১৪.২ কেজিৰ চিলিণ্ডাৰৰ সৈতে সলাই ল’ব পাৰিব।

Related News