• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Sunday, July 6, 2025
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
NORTHEAST NOW (Assamese)
English

ভাৰতত সংকটত খ্ৰীষ্টান! বৃদ্ধি পাইছে খ্ৰীষ্টানৰ ওপৰত হিন্দুত্ববাদীৰ আক্ৰমণ

এন ই নাও নিউজ, গুৱাহাটী by এন ই নাও নিউজ, গুৱাহাটী
December 28, 2022 5:40 pm
United Christian Forum reports
161
VIEWS
Share on FacebookShare on Twitter

ইউনাইটেড খ্ৰীষ্টান ফ’ৰাম (ইউচিএফ)ৰ শেহতীয়া এক সমীক্ষাত প্ৰকাশিত তথ্যত দেখা গৈছে ভাৰতত খ্ৰীষ্টানৰ ওপৰত উগ্ৰ হিন্দুত্ববাদীৰ হিংসাত্মক আক্ৰমণৰ ঘটনা ক্ৰমশঃ বৃদ্ধি পাইছে। ফ’ৰামে প্ৰকাশ কৰা তথ্যৰ মতে ২০২২ চনত ভাৰতত খ্ৰীষ্টান ধৰ্মাৱলম্বীৰ বিৰুদ্ধে সংঘটিত হিংসাত্মক আক্ৰমণৰ ঘটনাই পূৰ্বৰ সকলো অভিলেখকে অতিক্ৰম কৰিছে।

যোৱা ২৬ নৱেম্বৰত প্ৰকাশ পোৱা তথ্য অনুসৰি চলিত বৰ্ষৰ ২১ নৱেম্বৰলৈকে দেশত খ্ৰীষ্টানসকলৰ বিৰুদ্ধে প্ৰায় ৫১১টা হিংসাত্মক ঘটনা সংঘটিত হৈছে। ২০২১ চনত সংঘটিত এনে হিংসাত্মক ঘটনাৰ সংখ্যা আছিল ৫০৫ টা।

উল্লেখ্য, ২০১৫ চনৰ জানুৱাৰী মাহত খ্ৰীষ্টান ভুক্তভোগীসকলক আইনী প্ৰতিকাৰৰ সুবিধা লাভ কৰাত সহায়ক হোৱাকৈ এটা টোল ফ্ৰী নম্বৰ মুকলি কৰা হৈছিল। ইউচিএফ উক্ত হেল্পলাইন নম্বৰে সংগ্ৰহ কৰা তথ্যৰ ভিত্তিত এই প্ৰতিবেদন প্ৰস্তুত কৰিছে।

প্ৰতিবেদনখনৰ মতে এই হিংসাত্মক ঘটনাবোৰৰ মাজত আছে প্ৰাৰ্থনাত বাধা জন্মোৱা, খ্ৰীষ্টান ধৰ্মাৱলম্বী লোকক প্ৰত্যক্ষভাৱে আক্ৰমণ কৰা, যাজক আৰু তেওঁলোকৰ আত্মীয়ৰ ওপৰত আক্ৰমণৰ লগতে গীৰ্জা ভাঙি পেলোৱা আদি।

যোৱা পাঁচ বছৰৰ ইউচিএফৰ তথ্যসমূহৰ পৰা এইটো স্পষ্ট হৈছে যে খ্ৰীষ্টানসকলৰ বিৰুদ্ধে হিংসাত্মক আক্ৰমণৰ ঘটনা ক্ৰমাৎ বৃদ্ধি পাইছে। ২০১৮ চনত এনে ঘটনা ২৯২ টা হোৱাৰ বিপৰীতে ২০১৯ চনত ৩২৮ টালৈ বৃদ্ধি পায়।

আনহাতে, ২০২০ চনত ক’ভিদ পৰিস্থিতিৰ বাবে লকডাউন বলৱৎ কৰাৰ সময়তো ২৭৯ টাকৈ এনে আক্ৰমণৰ ঘটনা সংঘটিত হৈছিল। ইফালে ২০২১ চনত দেশত এই সংখ্যা প্ৰায় দুগুণ বৃদ্ধি পাই ৫০৫ টা হৈছিলল আৰু ২০২২ চনত ই ৫১১ টালৈ বৃদ্ধি পায়।

সমীক্ষাটোৰ মতে বিজেপি শাসিত ৰাজ্যসমূহ এনে আক্ৰমণ ঘটনা অধিক পৰিমাণে সংঘটিত হৈছে। চলিত বৰ্ষত যোগী আদিত্যনাথৰ শাসিত উত্তৰ প্ৰদেশত ১৪৯ টা আৰু ভূপেশ বাঘেলৰ শাসিত ছত্তিশগড়ত ১১৫ টা আক্ৰমণৰ ঘটনা সংঘটিত হৈছে।

চলিত বৰ্ষত ছেপ্টেম্বৰ আৰু মে’ মাহত খ্ৰীষ্টানসকলৰ বিৰুদ্ধে সৰ্বাধিক হিংসাৰ ঘটনা সংঘটিত হৈছে। ছেপ্টম্বৰত ৬৪ টাৰ বিপৰীতে মে’ত ৬১ টা এনেধৰণৰ ঘটনা সংঘটিত হয়।

উত্তৰ-পূৰ্বাঞ্চলৰ ৰাজ্যসমূহৰ ভিতৰত মেঘালয় আৰু ত্ৰিপুৰাত এনে আক্ৰমণৰ এটাকৈ ঘটনা সংঘটিত হোৱাৰ বিপৰীতে অসমত দুটাকৈ ঘটনা সংঘটিত হৈছিল।

দক্ষিণ ভাৰতৰ ৰাজ্যসমূহৰ ভিতৰত কৰ্ণাটক আৰু তামিলনাডুত খ্ৰীষ্টানসকলৰ বিৰুদ্ধে ৩০টাকৈ আক্ৰমণৰ সংঘটিত হৈছে। ইয়াৰ বিপৰীতে কেৰেলা আৰু পুডুচেৰীত খ্ৰীষ্টানসকলৰ ওপৰত আক্ৰমণৰ কোনো ঘটনা সংঘটিত হোৱা নাই যদিও অন্ধ্ৰপ্ৰদেশত ৬ টা আৰু তেলেংগানাত ৪ টা এনে আক্ৰমণ সংঘটিত হয়।

মুঠৰ ওপৰত দেখা গৈছে যে উগ্ৰ হিন্দুত্ববাদীসকলে কেৱল মুছলমানৰ ওপৰতে ধৰ্মীয় আক্ৰমণ সংঘটিত কৰি ক্ষান্ত থকা নাই। খ্ৰীষ্টানৰ বিৰুদ্ধেও এনে আক্ৰমণৰ ঘটনা ক্ৰমশঃ বৃদ্ধি পাইছে। এইটো নক’লেও হ’ব যে কেন্দ্ৰত বিজেপিয়ে শাসনলৈ অহাৰ পাছৰে পৰা দেশত ধৰ্মীয় অহিষ্ণুতা আৰু উগ্ৰ হিন্দুত্ববাদীৰ আক্ৰমণৰ ঘটনা ক্ৰমশঃ বৃদ্ধি পাবলৈ ধৰিছে। UCFৰ এই সমীক্ষাও এই কথাটোকে প্ৰমাণ কৰিছে।

Recent News

১৭ বছৰত ৪২খন বিশ্ববিদ্যালয়ত অধ্যয়ন! ২০ টা ডিগ্ৰীৰ অধিকাৰী কোন এই গৰাকী ভাৰতীয়

১৭ বছৰত ৪২খন বিশ্ববিদ্যালয়ত অধ্যয়ন! ২০ টা ডিগ্ৰীৰ অধিকাৰী কোন এই গৰাকী ভাৰতীয়

আই চি ইউত সংকটজনক অৱস্থাত অভিনেতা; কন্যাৰ অনুৰোধত আৰ্থিক সাহায্য আগবঢ়ালে কোনে?

আই চি ইউত সংকটজনক অৱস্থাত অভিনেতা; কন্যাৰ অনুৰোধত আৰ্থিক সাহায্য আগবঢ়ালে কোনে?

ষষ্ঠ অনুসূচীৰ অধীনত হিমন্ত চৰকাৰে জনজাতীয় স্বায়ত্তশাসন হৰণ কৰাৰ অভিযোগ গৌৰৱ গগৈৰ

ষষ্ঠ অনুসূচীৰ অধীনত হিমন্ত চৰকাৰে জনজাতীয় স্বায়ত্তশাসন হৰণ কৰাৰ অভিযোগ গৌৰৱ গগৈৰ

শীঘ্ৰেই ডি ৱাই চন্দ্ৰচুড়ৰ বাংলো খালী কৰক; কেন্দ্ৰলৈ চিঠি উচ্চতম ন্যায়ালয়ৰ! ঘটনাটো কি?

শীঘ্ৰেই ডি ৱাই চন্দ্ৰচুড়ৰ বাংলো খালী কৰক; কেন্দ্ৰলৈ চিঠি উচ্চতম ন্যায়ালয়ৰ! ঘটনাটো কি?

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd