• About
  • Copyright
  • Privacy Policy
  • Authors
  • Contact
English |  
Friday, January 22, 2021
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
No Result
View All Result
NORTHEAST NOW (Assamese)
English
Home উত্তৰ-পূব অসম

নগাঁৱৰ ষ্ট্ৰং ৰুমত নিশা উত্তপ্ত পৰিস্থিতি : সুৰামত্ত চি আৰ পি এফৰ বিষয়াৰ তাণ্ডৱ

ৰাজনৈতিক দলৰ একাংশ এজেণ্টক গতিয়াই উলিওৱাক চাঞ্চল্য, আৰক্ষীকো গতিয়ালে চিআৰপিএফয়ে

NE NOW NEWS মিণ্টু দাস
নগাঁও , December 7, 2018 12:39 pm

2 min read

5a99e4f5-f0f9-43d3-b082-cd6e91adf372

বৃহস্পতিবাৰে নিশা নগাঁৱত ষ্ট্ৰং ৰুমত উত্তপ্ত পৰিস্থিতি। ফটো : নৰ্থইষ্ট নাও

210
VIEWS
Share on FacebookShare on Twitter

পঞ্চায়ত নিৰ্বাচনৰ বেলট বাকচ ৰখা নগাঁও চৰকাৰী বালক উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ ষ্ট্ৰং ৰুম চৌহদত বৃহস্পতিবাৰে নিশা এক উত্তপ্ত পৰিস্থিতিৰ সৃষ্টি হয়। নিশা প্ৰায় ৮.৩০ বজাত ষ্ট্ৰ‌ং ৰুম স্থাপন কৰা বিদ্যালয়খনত অতৰ্কিতে এগৰাকী অৰ্ধ সামৰিক বাহিনীৰ উচ্চ পদস্থ বিষয়া প্ৰৱেশ কৰি সেই স্থানত বাহৰ পাতি থকা একাংশ দলীয় এজেণ্টক গুৰুলা-গুৰুলকৈ মাৰপিট কৰে।

জিলা নিৰ্বাচনী বিভাগৰ পৰা প্ৰদান কৰা আই কাৰ্ড দেখুওৱা সত্ত্বেও বিষয়াজনৰ নেতৃত্বত অৰ্ধ বাহিনীৰ এটা দলে এজেণ্টসকলক  ষ্ট্ৰং ৰুমৰ গেটৰ বাহিৰলৈ বলপূৰ্বকভাৱে উলিয়াই দিয়াৰ লগতে এজেণ্টসকলৰ বাবে স্থাপন কৰা অস্থায়ী কেম্পটোৰ সকলো সামগ্ৰী ভাঙি লণ্ড-ভণ্ড কৰে।

আনকি, সুৰাৰ ৰাগীত মাতাল বিষয়াজনে উপায়ুক্তক উদ্দেশ্যি কটূ মন্তব্যও কৰে।  অৰ্ধ সামৰিক বাহিনীৰ উচ্চ পদস্থ বিষয়াজনৰ এই কাৰ্যত হতভম্ব হৈ পৰা কৰ্তব্যত নিয়োজিত চাৰিগৰাকী আৰক্ষী কনিষ্টবলে বিষয়াজনক বুজাবলৈ চেষ্টা কৰে যদিও তেওঁলোককো গতা মাৰি পেলাই দিয়ে।

ইয়াকে লৈ ষ্ট্ৰং ৰুম চৌহদত এক উত্তপ্ত পৰিস্থিতিৰ সৃষ্টি হয়। অৱশ্যে,পাছত উচ্চ পদস্থ আৰক্ষী বিষয়া আহি পৰিস্থিতি নিয়ন্ত্ৰণ কৰে। কংগ্ৰেছ দলৰ একাংশ প্ৰাৰ্থী তথা এজেণ্টে অভিযোগ কৰা মতে, ষ্ট্ৰং ৰুমৰ চোৱা চিতাৰ দায়িত্বত নিয়োজিত এজেণ্টসকলক বাহিৰলৈ উলিয়াই দি নিশাৰ ভাগত ৰেগিং কৰাৰ পৰিকল্পনা কৰিছিল।

ইপিনে, অপ্ৰীতিকৰ পৰিস্থিতি সৃষ্টি কৰাৰ অভিযোগত জিলাখনৰ গড়াজান জিলা পৰিষদৰ প্ৰাৰ্থী ছেলিম জাবেদক আৰক্ষীয়ে আটক কৰিছে।

Recent News

IMG-20210121-WA0143~2

পশু কল্যাণ বিভাগৰ তৰফৰ পৰা কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ বন্যপ্ৰাণী কল্যাণৰ বাবে এম্বুলেঞ্চ প্ৰদান

WhatsApp Image 2021-01-22 at 8.06.27 AM

প্ৰচণ্ড বিস্ফোৰণত কঁপি উঠিল শিবমোগা; কমেও ৮জনৰ মৃত্যু, প্ৰধানমন্ত্ৰী মোদীৰ শোকপ্ৰকাশ

WhatsApp Image 2021-01-21 at 7.40.44 PM

ৰবীন্দ্ৰ ভৱনত পৰিৱেশিত হ’ল “মোক্ষ”: প্ৰয়াত পদ্মশ্ৰী সুনীল কোঠাৰীক সশ্ৰদ্ধ স্মৰণ

IMG-20210121-WA0007

২২ জানুৱাৰীত বন্ধ নহয় শিৱসাগৰ; বন্ধ উঠাই ল’লে সংগ্ৰামী যুৱ ছাত্ৰ পৰিষদে

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd