অসমৰ দুগৰাকী, মোডীৰ মন্ত্ৰীসভাত কোনখন ৰাজ্যই পালে সৰ্বাধিক মন্ত্ৰী?

দেওবাৰে সন্ধিয়া পুনৰ দেশৰ প্ৰধানমন্ত্ৰী হিচাপে শপত গ্ৰহণ কৰে নৰেন্দ্ৰ মোদীয়ে। তেওঁৰ লগত আন ৭১ জন সাংসদে শপত গ্ৰহণ কৰে। ইয়াৰে ৩০ জন কেবিনেট মন্ত্ৰী। বাকী ৫ জন স্বতন্ত্ৰ দায়িত্বপ্ৰাপ্ত। আনসকল ৰাজ্যিক মন্ত্ৰী। মোদীৰ ৩.০ মন্ত্ৰীসভাত অসমৰ দুগৰাকীয়ে মন্ত্ৰীপদ লাভ কৰিছে। সেইমতে, সৰ্বানন্দ সোণোৱালে কেবিনেট মন্ত্ৰী আৰু পৱিত্ৰ মাৰ্ঘেৰিটাই ৰাজ্যমন্ত্ৰীৰ পদ লাভ কৰে। কিন্তু কোনখন ৰাজ্যই এই নতুন মন্ত্ৰীসভাত সৰ্বাধিক মন্ত্ৰীপদ লাভ কৰিলে?

দেখা গৈছে যে এই তালিকাৰ শীৰ্ষত আছে উত্তৰ প্ৰদেশ। যদিও মোডী নিজে গুজৰাটৰ বাসিন্দা, তথাপিও এই ৰাজ্যৰ পৰাই তেওঁ নিৰ্বাচনত প্ৰতিদ্বন্দ্বিতা কৰিছিল। বাৰাণসীৰ পৰা জয়লাভ কৰাৰ পাছত তৃতীয়বাৰৰ বাবে সিংহাসনত বহিল। মোডীৰ উপৰিও উত্তৰ প্ৰদেশৰ পৰা ৰাজনাথ সিং, হৰদীপ সিং পুৰী, পংকজ চৌধুৰী, অনুপ্ৰিয়া পেটেল, জীতিন প্ৰসাদ, জয়ন্ত চোধুৰী, বি এল ভাৰ্মা, কমলেশ পাছোৱান আৰু এছ পি সিং বাঘেলে মন্ত্ৰীসভাত স্থান লাভ কৰে।

ইয়াৰ পিছতে আছে বিহাৰ। তাৰ পৰাই মোডী ৩.০ত গিৰিৰাজ সিং, নিত্যানন্দ ৰায়, সতীশ ডুবে, চিৰাগ পাছোৱান, জিতনৰাম মাজি, ৰামনাথ ঠাকুৰ, লালন সিং আৰু ৰাজভূষণ চৌধুৰীয়ে স্থান লাভ কৰিছে।

লগতে পঢ়কঃ নতুন মন্ত্ৰীসকলৰ সৈতে নিজ বাসগৃহত প্ৰথমখন বৈঠক আহ্বান প্ৰধানমন্ত্ৰী মোদীৰ; চাওক মন্ত্ৰীবৰ্গৰ সম্পূৰ্ণ তালিকা

আনহাতে, মহাৰাষ্ট্ৰৰ মন্ত্ৰীসকল হ’ল নীতিন গাডকাৰী, পীয়ুষ গোৱেল, প্ৰতাপ ৰাও যাদৱ, ৰক্ষা খাদছে আৰু ৰামদাস আঠোৱালে।

ইপিনে, কৰ্ণাটকৰ পৰা সুযোগ লাভ কৰে নিৰ্মলা সীতাৰমণ, এইচ ডি কুমাৰস্বামী, প্ৰহ্লাদ যোশী, শোভা কৰণ্ডলাজে আৰু ভি সোমনাই। গুজৰাটৰ পৰা  মন্ত্ৰীপদ লাভ কৰিছে অমিত শ্বাহ, এছ জয়শংকৰ, মানসুখ মাণ্ডব্য, চি আৰ পাটিল আৰু নিমুবেন বাম্বানিয়াই।

মধ্যপ্ৰদেশৰ পৰা মন্ত্ৰীপদ লাভ কৰা সকলৰ ভিতৰত ‘মামা’ শিৱৰাজ সিং চৌহানৰ লগতে আছে জ্যোতিৰাদিত্য সিন্ধিয়া, সাবিত্ৰী ঠাকুৰ আৰু বীৰেন্দ্ৰ কুমাৰ। ৰাজস্থানৰ পৰা গজেন্দ্ৰ সিং শ্বেখাৱত, অৰ্জুনৰাম মেঘৱাল, ভূপেন্দ্ৰ যাদৱ আৰু ভগীৰথ চৌধুৰী।

লগতে পঢ়কঃ ICC T-20 World Cup: কম ৰান কৰিও দুৰ্দান্ত বলিঙেৰে পাকিস্তানক পৰাস্ত কৰি ইতিহাস দোহাৰিলে ভাৰতে

অৱশ্যে পশ্চিমবংগৰ পৰা মাত্ৰ শান্তনু ঠাকুৰ আৰু সুকান্ত মজুমদাৰ দুগৰাকীয়ে মন্ত্ৰীপদ লাভ কৰে যদিও কেবিনেট মন্ত্ৰী নাপালে। এই তালিকাত হাৰিয়ানা, তেলেংগানা, ঝাৰখণ্ড, পঞ্জাৱ, উত্তৰাখণ্ড, তামিলনাডু, কেৰালা, অৰুণাচল প্ৰদেশ, গোৱা, জম্মু-কাশ্মীৰ আৰু হিমাচল প্ৰদেশৰ প্ৰতিনিধিও অন্তৰ্ভুক্ত কৰা হৈছে।