নিৰ্বাচনৰ ধামখুমীয়াৰ মাজতে উত্তৰ প্ৰদেশত কৃষকে গ্ৰহণ কৰিছে প্ৰতিবাদৰ এক অভিনৱ পন্থা। মঙলবাৰে মুখ্যমন্ত্ৰী যোগী আদিত্যনাথৰ এখন নিৰ্বাচনী সভাৰ ওচৰত শ শ গৰু মুকলি কৰি দিয়ে কৃষকে।
লক্ষ্ণৌৰ পৰা ৪০ কিলোমিটাৰ দূৰত্বত থকা বাৰাবাঁকীৰ কৃষকসকলে তেওঁলোকৰ এলেকাত সন্মুখীন হোৱা উদঙীয়া গৰুৰ সমস্যাৰ ক্ষেত্ৰত দৃষ্টি আকৰ্ষণ কৰিবলৈ এই পন্থা হাতত লয়।
কৃষক নেতা ৰমনদীপ সিং মানে টুইট কৰা এটা ভিডিঅ’ত কৃষক সকলে এনেদৰে নিৰ্বাচনী সভাৰ কাষত শ শ গৰুক মুকলি কৰি দিয়া দেখিবলৈ পোৱা গৈছে।
“বাৰাবাঁকীত যোগী আদিত্যনাথৰ অনুষ্ঠানৰ পূৰ্বে কৃষকসকলে পথাৰৰ পৰা শ শ গৰু আনি ৰেলীৰ স্থানৰ ওচৰত এৰি গৈছিল। কৃষকসকলে এই উদঙীয়া গৰুবোৰ চম্ভালিবলৈ কোনো উপায় বিচাৰি পোৱা নাই।” মানে টুইটত উল্লেখ কৰে।
“পাঁচ বছৰ ধৰি উত্তৰ প্ৰদেশ চৰকাৰেও কোনো সমাধান কৰিব নোৱাৰিলে। অনুষ্ঠানটোৰ পূৰ্বে বিজেপিয়ে কি সমাধান আনিছে, কৃষকসকলে লক্ষ্য কৰিব বিচাৰে।” টুইটত তেওঁ কয়।
সমগ্ৰ উত্তৰ প্ৰদেশত উদঙীয়া গৰুৰ সমস্যাই কৃষকসকলৰ শস্য ক্ষতিগ্ৰস্ত কৰাৰ লগতে নিদ্ৰাহীন ৰাতি কটাবলৈ বাধ্য কৰিছে।
बाराबंकी में छुट्टा जानवरों का वीडियो सोमवार को सपा MLC राजेश यादव ने शेयर किया था जो काफी वायरल हुआ। हरकत में आये प्रशासन ने सभास्थल से सभी पशुओं को हटवा दिया
बीजेपी नेताओं ने इसे सपा की साजिश बताया है। बाराबंकी पुलिस का कहना है कि मंगलवार को इस प्रकार की कोई घटना नहीं हुई https://t.co/a2qmMVJXBH
— Ramandeep Singh Mann (@ramanmann1974) February 23, 2022
ৰাজ্যখনত মুখ্যমন্ত্ৰী যোগী আদিত্যনাথে গো-বধ নিষেধ কৰিছিল। হিন্দুসকলৰ পবিত্ৰ পূজনীয় পশুবিধক হত্যা কৰাটো যোগী চৰকাৰে মানি নলয়।
সাধাৰণতে কোনো কামত নহা গৰুবোৰক গোপালকসকলে কচাইৰ দোকানলৈ পঠাই দিয়াটোৱে পৰম্পৰাগত প্ৰণালী আছিল। ইয়াৰ ফলত আয়ো হৈছিল।
গোপালকসকলৰ লাভ হোৱাৰ উপৰিও দলিত মুছলিমসকলৰো এটা জীৱিকা আছিল। সেয়া হৈছে- কচাইৰ বৃত্তি। কিন্তু যোগী চৰকাৰৰ দিনত এইবোৰ সকলো বন্ধ কৰা হ’ল।
ইয়াৰ ফলত দৰিদ্ৰ গোপালকসকলে কোনো কামত নহা এই গৰুবোৰ এৰি দিব লগা হৈছে। শেষত এতিয়া উত্তৰপ্ৰদেশৰ খেতিপথাৰ-ৰাস্থাই ঘাটে জাকে জাকে উদঙীয়া গৰুৰ উপদ্ৰৱ! আনকি এই গৰুবোৰে মানুহকো আক্ৰমণ কৰিব ধৰিছে।
এই উদঙীয়া গৰুৰ সমস্যা এইবাৰ নিৰ্বাচনৰ এক গুৰুত্বপূৰ্ণ ইচ্ছ্যু হৈ পৰিছে। সমাজবাদী পাৰ্টিয়ে বেছ কিছু দিনৰ পৰা এই বিষয়ত চৰ্চা চলাই আহিছে। আনহাতে প্ৰধানমন্ত্ৰী মোদীয়েও শেহতীয়াকৈ এখন নিৰ্বাচনী সভাত এই সমস্যা সমাধানৰ আশ্বাস দিছে।