• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Thursday, September 3, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home দেশ

উত্তৰ প্ৰদেশত চৰকাৰী বিদ্যালয়ত আজৱ কাণ্ড: অসুস্থ ছাত্ৰী স্বাস্থ্য পৰীক্ষাৰ বাবে মাতি আনিলে তান্ত্ৰিক!

ৰাজ্য চৰকাৰলৈ জাননী জাৰি ৰাষ্ট্ৰীয় মানৱ অধিকাৰ আয়োগৰ

এন ই নাও নিউজ, গুৱাহাটী by এন ই নাও নিউজ, গুৱাহাটী
December 24, 2022 3:16 pm
UP School Calls tantrik To Treat Students

প্ৰতিনিধিত্বমূলক ছবি

1
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

সমাজৰ পৰা কু-সংস্কাৰ তথা অন্ধবিশ্বাস দূৰীকৰণৰ লগতে বিজ্ঞানমনস্কতাৰ প্ৰসাৰত আটাইতকৈ মুখ্য ভূমিকা পালন কৰে শিক্ষানুষ্ঠানসমূহে। পিছে উত্তৰ প্ৰদেশৰ এখন চৰকাৰী বিদ্যালয়ে এই ভূমিকা গ্ৰহণৰ পৰিৱৰ্তে অন্ধবিশ্বাসৰহে আশ্ৰয় লৈ সৃষ্টি কৰিছে তীব্ৰ বিতৰ্কৰ।

ৰাজ্যখনৰ মাহ’বা জিলাৰ এখন চৰকাৰী বিদ্যালয়ত অধ্যয়নৰত ১৫ গৰাকী ছাত্ৰী মধ্যাহ্ন ভোজন কৰি অসুস্থ হৈ পৰাৰ পাছতে চিকিৎসাৰ বাবে মাতি আনে এগৰাকী তান্ত্ৰিক। এই খবৰ প্ৰকাশ পোৱাৰ পাছতে ৰাষ্ট্ৰীয় মানৱ অধিকাৰ আয়োগে উত্তৰ প্ৰদেশ চৰকাৰলৈ জাননী জাৰি কৰিছে।

Apply Now

প্ৰকাশিত খবৰ অনুসৰি সংবাদ মাধ্যমত প্ৰকাশ পোৱা এই ঘটনাৰ সত্যতা মানৱ অধিকাৰ আয়োগে পৰ্যবেক্ষণ কৰিছে। যদি এই ঘটনা সঁচা হয়, বিদ্যালয় কৰ্তৃপক্ষই অসুস্থ ছাত্ৰীসকলক চিকিৎসাৰ বাবে চিকিৎসালয়লৈ নিয়াৰ পৰিৱৰ্তে এনেদৰে তান্ত্ৰিকৰ সহায় লৈ চৰকাৰী বিদ্যালয় এখনত অন্ধবিশ্বাসক উদগনি যোগোৱাৰ লগতে ছাত্ৰ-ছাত্ৰীসকলৰ মানৱ অধিকাৰ উলংঘন কৰা হৈছে বুলি আয়োগে উল্লেখ কৰিছে।

আয়োগে উত্তৰ প্ৰদেশ চৰকাৰৰ মুখ্য সচিবলৈ জাননী জাৰি কৰি চাৰি সপ্তাহৰ ভিতৰত ঘটনা সন্দৰ্ভত বিশদ প্ৰতিবেদন দাখিল কৰিবলৈ নিৰ্দেশ দিছে। ভৱিষ্যতে ৰাজ্যত যাতে এই ধৰণৰ ঘটনা পুনৰ সংঘটিত নহয়, তাৰ বাবে গ্ৰহণ কৰা বা গ্ৰহণ কৰিবলগীয়া পদক্ষেপসমূহ প্ৰতিবেদনত অন্তৰ্ভুক্ত কৰিবলৈও আয়োগে নিৰ্দেশনা জাৰি কৰিছে।

আয়োগে লগতে ছাত্ৰ-ছাত্ৰীসকল এইদৰে অসুস্থ হৈ পৰাৰ মূলতে নিম্ন মানদণ্ডৰ মধ্যাহ্ন ভোজন পৰিবেশন কৰা হৈছিল নেকি সেই বিষয়টো গুৰুত্ব প্ৰদান কৰিছে। যদি এনে হৈছে, এনে কাৰ্যই সংশ্লিষ্ট কৰ্তৃপক্ষৰ উদাসীনতাৰ ইংগিত দিয়ে বুলি আয়োগে লগতে জাননীখনত উল্লেখ কৰিছে।

যোৱা ২১ ডিচেম্বৰত সংবাদ মাধ্যমত প্ৰকাশ পোৱা বাতৰি অনুসৰি, অসুস্থ ছাত্ৰীসকলক এক তান্ত্ৰিকে তন্ত্ৰ-মন্ত্ৰৰে চিকিৎসা কৰা এটা ভিডিঅ’ আৰক্ষীৰ দৃষ্টিগোচৰ হৈছিল আৰু ইয়াৰ পাছতে আৰক্ষীয়ে তান্ত্ৰিকগৰাকীক বিদ্যালয়ৰ পৰা খেদি পঠিয়াই অসুস্থ ছাত্ৰীসকলক চিকিৎসাৰ বাবে স্থানীয় সামূহিক স্বাস্থ্য কেন্দ্ৰলৈ লৈ গৈছিল।

অসুস্থ ছাত্ৰীসকলৰ অধিকাংশই ৯ বছৰৰ পৰা ১৩ বছৰ বয়সৰ ভিতৰত আছিল বুলি বাতৰিত প্ৰকাশ পাইছিল।

এন ই নাও নিউজ, গুৱাহাটী

এন ই নাও নিউজ, গুৱাহাটী

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

শিৰত ৪টা আন্তঃৰাষ্ট্ৰীয় স্বৰ্ণ পদক; ফুটপাথত পাচলি বিক্ৰী কৰি পেট প্ৰৱৰ্তাইছে অমৰদ্বীপে

শিৰত ৪টা আন্তঃৰাষ্ট্ৰীয় স্বৰ্ণ পদক; ফুটপাথত পাচলি বিক্ৰী কৰি পেট প্ৰৱৰ্তাইছে অমৰদ্বীপে

September 3, 2026 8:32 pm
নিৰ্ধাৰিত সময়ৰ পূৰ্বেই ভাৰতীয় বায়ুসেনাৰ পৰা অৱসৰ; বেচৰকাৰী চাকৰিত যোগদান অভিনন্দনৰ

নিৰ্ধাৰিত সময়ৰ পূৰ্বেই ভাৰতীয় বায়ুসেনাৰ পৰা অৱসৰ; বেচৰকাৰী চাকৰিত যোগদান অভিনন্দনৰ

September 3, 2026 7:34 pm
বকোৰ গামেৰিমুৰা আৰক্ষী চকীত গুলীচালনাৰ ঘটনাত নিহত দুই আৰক্ষী বিষয়া

বকোৰ গামেৰিমুৰা আৰক্ষী চকীত গুলীচালনাৰ ঘটনাত নিহত দুই আৰক্ষী বিষয়া

September 3, 2026 6:44 pm
মোডী-পেজেস্কিয়ানৰ বৈঠকৰ পিছতে আমেৰিকাৰ সকীয়নি! কি ক’লে বিদেশ সচিব মাৰ্কো ৰুবিঅ’ই?

মোডী-পেজেস্কিয়ানৰ বৈঠকৰ পিছতে আমেৰিকাৰ সকীয়নি! কি ক’লে বিদেশ সচিব মাৰ্কো ৰুবিঅ’ই?

September 3, 2026 6:11 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

শিৰত ৪টা আন্তঃৰাষ্ট্ৰীয় স্বৰ্ণ পদক; ফুটপাথত পাচলি বিক্ৰী কৰি পেট প্ৰৱৰ্তাইছে অমৰদ্বীপে

শিৰত ৪টা আন্তঃৰাষ্ট্ৰীয় স্বৰ্ণ পদক; ফুটপাথত পাচলি বিক্ৰী কৰি পেট প্ৰৱৰ্তাইছে অমৰদ্বীপে

September 3, 2026 8:32 pm
নিৰ্ধাৰিত সময়ৰ পূৰ্বেই ভাৰতীয় বায়ুসেনাৰ পৰা অৱসৰ; বেচৰকাৰী চাকৰিত যোগদান অভিনন্দনৰ

নিৰ্ধাৰিত সময়ৰ পূৰ্বেই ভাৰতীয় বায়ুসেনাৰ পৰা অৱসৰ; বেচৰকাৰী চাকৰিত যোগদান অভিনন্দনৰ

September 3, 2026 7:34 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd