• About
  • Copyright
  • Privacy Policy
  • Authors
  • Contact
English |  
Saturday, January 23, 2021
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
No Result
View All Result
NORTHEAST NOW (Assamese)
English
Home উত্তৰ-পূব অসম

ডেৰ বছৰৰ পাছত পুনৰ ওকালতিলৈ উভতি যাব ‘খিলঞ্জীয়া নেতা’ উপমন্যু হাজৰিকা

Kalpa Saikia কল্পজ্যোতি শইকীয়া
গুৱাহাটী , May 6, 2019 9:37 pm

2 min read

index

উপমন্যু হাজৰিকা। ফাইল ফটো

1.3k
VIEWS
Share on FacebookShare on Twitter

যোৱা প্ৰায় দুটা বছৰ ধৰি খিলঞ্জীয়াৰ অধিকাৰ আৰু সুৰক্ষাৰ হকে মাত মাতি অহা প্ৰব্ৰজন বিৰোধী মঞ্চৰ আহ্বায়ক উপমন্যু হাজৰিকাই শেহতীয়াকৈ অৱতীৰ্ণ হৈছিল লোকসভা নিৰ্বাচনৰ ৭ নং গুৱাহাটী সমষ্টিৰ প্ৰাৰ্থী হিচাপে।

যিহেতু নিৰ্বাচনী প্ৰচাৰৰ অন্ত পৰিল এতিয়া স্বাভাৱিকতে প্ৰশ্ন উঠে পুনৰ উচ্চতম ন্যায়ালয়লৈ উভতি গৈ উকালতি কৰিব নেকি জ্যেষ্ঠ অধিবক্তা উপমন্যু হাজৰিকাই?

হয়, নিৰ্বাচনী প্ৰচাৰৰ অন্ত পৰাৰ পাছত প্ৰায় এসপ্তাহ ঘৰতে জিৰণি লৈ কাইলৈ দিল্লীলৈ উভতি যাব হাজৰিকা। নৰ্থ ইষ্ট নাওক এই কথা জনাইছে হাজৰিকাই।

‘’মই কাইলৈ দিল্লীলৈ যাম। মঞ্চৰ হৈ কাম কৰি থকাৰ বাবে আৰু নিৰ্বাচনী প্ৰচাৰৰ ক্ষেত্ৰত জড়িত হৈ থকাৰ বাবে বহুবছৰ ধৰি ওকালতি কৰিব পৰা নাই। এতিয়া গৈ মই প্ৰেক্টিছ আৰম্ভ কৰি পইচা-পাতি অলপ ঘটিব লাগিব, নিৰ্বাচনত বহু খৰচ হ’ল সেই খৰচ উলিয়াব লাগিব।‘’ নিৰ্বাচনৰ পাছৰ দিনকেইটা কেনেদৰে কটাইছে বুলি সোধা এক প্ৰশ্নৰ উত্তৰত এইদৰে কয় হাজৰিকাই।

ইপিনে, সংগঠনৰ কাম-কাজত ওত:প্ৰোতভাৱে জড়িত হৈ পৰা হাজৰিকাই দীৰ্ঘ সময় ধৰি ওকালতি কৰা নাই বুলিও মন্তব্য কৰে হাজৰিকাই।

তেওঁ কয়, ‘’২০১৮ চনটো মই ওকালতিৰ প্ৰেক্টিছ প্ৰায় নাই কৰা বুলি ক’লেও ভুল কোৱা নহ’ব। এটাৰ পাছত আন এটা আন্দোলন কৰা হৈছিল খিলঞ্জীয়াৰ অধিকাৰ সুৰক্ষাক লৈ।‘’

তদুপৰি, নিৰ্বাচনৰ ফলাফলক লৈ কিমান দূৰ আশাবাদী বুলি আমাৰ সাংবাদিকে সোধা এক প্ৰশ্নৰ উত্তৰত সাংসদ হোৱা বাবে আশাবাদী নহয় বুলি মন্তব্য কৰে হাজৰিকা।

‘’ৰাইজৰ আবেগ আছে। আমাৰ কামখিনি হ’ব লাগে। আমাক সংৰক্ষণ দিয়ক, সুৰক্ষিত কৰক, বিদেশীমুক্ত অসম, এইখিনিয়েই আমাৰ মূল দাবী। সাংসদ, বিধায়ক হোৱাটো ইমান এটা ডাঙৰ কথা নহয়।‘‘ নিৰ্বাচনৰ পূৰ্বে তেওঁক সাংসদ হিচাপে নিযুক্ত কৰিলে সংসদত খিলঞ্জীয়াৰ অধিকাৰৰ হকে মাত মতাৰ শ্ল’গান দিয়া হাজৰিকাৰ এই মন্তব্যই বিশেষ তাৎপৰ্য্য বহন কৰিছে।

প্ৰশ্ন হয়,‘’নিশ্চিত পৰাজয়’’ৰ উমান পাই ফলাফলৰ পূৰ্বেই দিল্লীলৈ গৈ পুনৰ ওকালতিত ব্যস্ত হ’ব বিচাৰিছে নেকি উপমন্যু হাজৰিকাই?

Recent News

পোনপ্ৰথমবাৰলৈ আছুৰ শ্বহীদ ন্যাসৰ সন্মুখত বিজেপি চৰকাৰৰ আৰক্ষীয়ে লগালে প্ৰকাণ্ড বেৰিকেড

পোনপ্ৰথমবাৰলৈ আছুৰ শ্বহীদ ন্যাসৰ সন্মুখত বিজেপি চৰকাৰৰ আৰক্ষীয়ে লগালে প্ৰকাণ্ড বেৰিকেড

Modi-speech-696

প্ৰধানমন্ত্ৰী মোদীৰ শিৱসাগৰ ভ্ৰমণ আৰু কিছু প্ৰাসংগিক কথা…

জোঁৰ সমদলত বাধা দিয়া আৰক্ষীৰ উচ্চপদস্থ বিষয়াক জবাবদিহি কৰিলে সমুজ্জ্বল ভট্টাচাৰ্য্যই

জোঁৰ সমদলত বাধা দিয়া আৰক্ষীৰ উচ্চপদস্থ বিষয়াক জবাবদিহি কৰিলে সমুজ্জ্বল ভট্টাচাৰ্য্যই

বোকাখাতত কৃষি আৰু উদ্যান শস্য মেলা, ভাৰ্চুৱেল আলোচনাত অংশগ্ৰহণ বিদেশী বিশেষজ্ঞৰ

বোকাখাতত কৃষি আৰু উদ্যান শস্য মেলা, ভাৰ্চুৱেল আলোচনাত অংশগ্ৰহণ বিদেশী বিশেষজ্ঞৰ

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd