DMCA.com Protection Status
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Monday, August 15, 2022
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
No Result
View All Result
NORTHEAST NOW (Assamese)
English
Home উত্তৰ-পূব অসম

ভাৰতীয় ৰিজাৰ্ভ বেংকৰ প্ৰাক্তন গভৰ্ণৰ উৰ্জিত পেটেলক এআইআইবিৰ উপ-সভাপতি নিযুক্তি

এন ই নাও নিউজ,গুৱাহাটী by এন ই নাও নিউজ,গুৱাহাটী
January 9, 2022 7:23 pm
211
VIEWS
Share on FacebookShare on Twitter

ভাৰতীয় ৰিজাৰ্ভ বেংকৰ প্ৰাক্তন গভৰ্ণৰ উৰ্জিত পেটেলক বেইজিং স্থিত বহুজাতিক বিত্তীয় প্ৰতিষ্ঠান এআইআইবিৰ উপ-সভাপতি হিচাপে নিযুক্তি দিয়া হৈছে। দেওবাৰে বেংকটোৰ সূত্ৰই এই কথা প্ৰকাশ কৰিছে।

ভাৰত এছিয়ান ইনফ্ৰাষ্ট্ৰাকচাৰ ইনভেষ্টমেণ্ট বেংকৰ (এআইআইবি) প্ৰতিষ্ঠাপক সদস্য।

এই বিত্তীয় সংস্থাটোৰ নেতৃত্বত আছে চীনৰ প্ৰাক্তন বিত্ত মন্ত্ৰী জিন লিকুন।

৫৮ বছৰীয়া পেটেল তিনি বছৰৰ কাৰ্যকালৰ বাবে এআইআইবিৰ পাঁচজন উপ-সভাপতিৰ ভিতৰৰে এজন হিচাবে নিযুক্ত হৈছে।

ফেব্ৰুৱাৰী মাহত পেটেলে তেওঁৰ এই নতুন দায়িত্বত আনুষ্ঠানিক ভাবে অধীস্থিত হ’ব বুলি জানিব পৰা গৈছে।

তেওঁ বিদায়ী উপ-সভাপতি ডি.জে. পাণ্ডিয়ানৰ পৰা তেওঁৰ দায়িত্ব চমজি ল’ব।

পাণ্ডিয়ানে দক্ষিণ এছিয়া, প্ৰশান্ত মহাসাগৰীয় দ্বীপপুঞ্জ আৰু দক্ষিণ-পূব এছিয়াত এআইআইবিৰ ঋণ আদি বিষয়সমূহ চোৱা-চিতা কৰিছিল।

পূৰ্বে গুজৰাটৰ মুখ্য সচিব হিচাপে কাৰ্যনিৰ্বাহ কৰা পাণ্ডিয়ানে এই মাহৰ শেষৰ ফালে ভাৰতলৈ উভতি আহিব বুলি জানিব পৰা গৈছে।।

উল্লেখ্য এআইআইবিৰ উপ-সভাপতি হিচাপে নিযুক্তি উৰ্জিত পেটেলে ৫ ছেপ্টেম্বৰ, ২০১৬ ত ৰঘুৰাম ৰাজনৰ পিছত ভাৰতীয় ৰিজাৰ্ভ বেংকৰ ২৪ সংখ্যক গভৰ্ণৰ হিচাপে দায়িত্ব গ্ৰহণ কৰিছিল। পেটেলে ডিচেম্বৰ, ২০১৮ ত ব্যক্তিগত কাৰণত পদত্যাগ কৰিছিল।

পেটেলে পূৰ্বে আন্তৰ্জাতিক মুদ্ৰা নিধি (আইএমএফ), বষ্টন কনচাল্টিং গ্ৰুপ আৰু ৰিলায়েন্সৰ সৈতেও দীৰ্ঘদিন ধৰি কাম কৰিছিল।

পেটেলৰ এআইআইবিৰ উপ-সভাপতি নিৰ্বাচিত হোৱাটো ভাৰতৰ বাবে গুৰুত্বপূৰ্ণ বুলি বিবেচিত হৈছে। কাৰণ ভাৰতে প্ৰতিষ্ঠানটোৰ পৰা ২৮ টা প্ৰকল্পৰ বাবে ৬.৭ বিলিয়ন ডলাৰ পুঁজি লাভ কৰিবলৈ সক্ষম হৈছে।

এআইআইবিয়ে শেহতীয়াকৈ চেন্নাই মেট্ৰ’ ৰেলৰ সম্প্ৰসাৰণৰ বাবে ৩৫৬.৬৭ নিযুত ডলাৰ ঋণ প্ৰদান কৰিছে।

বেংকটোৱে চেন্নাই চহৰ আৰু ইয়াৰ উপনগৰসমূহৰ উন্নয়নৰ বাবেও আন কেইবাটাও আন্তঃগাঁথনি প্ৰকল্পৰ বাবে পুঁজি যোগান ধৰাৰ কথাও বিবেচনা কৰি আছে। বেংকটোৱে বেংগালুৰু মেট্ৰ’ ৰেল প্ৰকল্পৰ বাবেও পুঁজি যোগান ধৰিছে।

Recent News

স্বাধীনতাৰ পয়সত্তৰ বছৰীয়া চিন্তা; যিদৰে দেখিছো, অনুভৱ কৰিছো…

স্বাধীনতাৰ পয়সত্তৰ বছৰীয়া চিন্তা; যিদৰে দেখিছো, অনুভৱ কৰিছো…

আমাৰ পতাকা আৰু কিছু চিন্তা

আমাৰ পতাকা আৰু কিছু চিন্তা

ৰাষ্ট্ৰপতিৰ সাহসিকতাৰ বঁটাৰ বাবে নিৰ্বাচিত বোকাখাত থানাৰ ভাৰপ্ৰাপ্ত আৰক্ষী বিষয়া বিতোপন চুতীয়া

ৰাষ্ট্ৰপতিৰ সাহসিকতাৰ বঁটাৰ বাবে নিৰ্বাচিত বোকাখাত থানাৰ ভাৰপ্ৰাপ্ত আৰক্ষী বিষয়া বিতোপন চুতীয়া

শিক্ষাৰ্থীৰ মূৰত মাচুলৰ বোজা জাপি দিয়াৰ সিদ্ধান্ত চৰকাৰে প্ৰত্যাহাৰ কৰক: ডি ৱাই এফ আই

শিক্ষাৰ্থীৰ মূৰত মাচুলৰ বোজা জাপি দিয়াৰ সিদ্ধান্ত চৰকাৰে প্ৰত্যাহাৰ কৰক: ডি ৱাই এফ আই

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd