বিতৰ্ক আৰু সমালোচনা উৰ্বশী ৰাউটেলাৰ সমাৰ্থক। প্ৰায়েই বিতৰ্কৰ সৃষ্টি কৰি লাইমলাইটত থাকে! মডেল-অভিনেত্ৰীগৰাকীৰ কাৰ্যকলাপক ট্ৰলিঙেও একেবাৰে এৰি নিদিয়ে। বিতৰ্কিত মন্তব্যৰ বাবে শিৰোনামত থাকিলেও সপ্ৰতিভ অভিনেত্ৰী।
এইবাৰ তেওঁৰ জন্মদিনৰ কেকটো হৈ পৰিছে আলোচনাৰ কেন্দ্ৰবিন্দু। হীৰাৰে মেৰিয়াই থোৱা সাতস্তৰীয় কেকটোৰ দাম ১৬ কোটি। দামৰ কথা শুনি নেটিজেনসকলৰ চকু কপালত উঠিছে।
উৰ্বশীৰ ৩২ সংখ্যক জন্মদিন আছিল ২৫ ফেব্ৰুৱাৰীত। আৰু সেই বিশেষ দিনটোত অভিনেত্ৰীগৰাকীয়ে এটা বিশাল কেক অৰ্ডাৰ দিছিল। কেকৰ ছবিখন ছ’চিয়েল মিডিয়াত শ্বেয়াৰ কৰিছে নিজেই। এনেয়ে উৰ্বশীৰ পোষ্ট। তাতে আকৌ হীৰা লগোৱা এটা বিশাল কেক, গতিকে স্বাভাৱিকতে ছবিখন নিমিষতে ভাইৰেল হৈ গ’ল।
নেটিজেনৰ এটা অংশই দাবী কৰে যে তেওঁ পৃথিৱীৰ প্ৰথমগৰাকী ব্যক্তি যিয়ে ইমান দামী কেক কাটিছে। আকৌ কিছুমানে সুধিলে, “হীৰা মেৰিওৱা কেক এটা কাটিলে কেনেকৈ খাব পাৰি?” একাংশই অভিনেত্ৰীগৰাকীৰ উপাৰ্জনৰ সন্দৰ্ভতো প্ৰশ্ন উত্থাপন কৰিছে।
ইয়াৰ পূৰ্বে কেইবাবাৰো অভিনেত্ৰীগৰাকীৰ আয়ক লৈ প্ৰশ্ন উত্থাপন হৈছে। কাৰণ, যোৱা বছৰ অভিনেত্ৰীগৰাকীয়ে ১২ কোটি টকাৰ এখন ৰ’লছ ৰয়েচ ক্ৰয় কৰিছিল। সেই সময়ত অভিনেত্ৰীগৰাকীয়ে ইমান টকা ক’ৰ পৰা পালে বুলি বহু লোকে প্ৰশ্ন উত্থাপন কৰিছিল। আৰু এতিয়া উৰ্বশীৰ সন্মুখত একেই প্ৰশ্ন। কিন্তু তেওঁ মুখখন বন্ধ ৰাখিছে।
অৱশ্যে জন্মদিনত কেৱল বিলাসী অনুষ্ঠানৰ আয়োজন কৰাই নহয়, অভিনেত্ৰীগৰাকীয়ে সমাজ সেৱাৰ ওপৰতো গুৰুত্ব আৰোপ কৰে। ছত্রপুৰৰ বাগেশ্বৰ ধামত ২৫১ গৰাকী ছোৱালীৰ বিয়াৰ খৰচ উৰ্বশীয়ে বহন কৰে। তেওঁ সকলোকে লগ পায়। সিহঁতক আশীৰ্বাদ দিয়ে। উৰ্বশীৰ এই পদক্ষেপৰ প্ৰশংসাৰে ভৰি পৰিছে। মুঠতে অভিনেত্ৰীগৰাকীৰ জন্মদিনক লৈ চলি থকা চৰ্চাৰ যেন অন্তই নপৰিব।





