• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Wednesday, July 22, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home Popular Stories

ভেনিজুৱেলাৰ পৰিস্থিতিক লৈ ৰাষ্ট্ৰসংঘৰ নিৰাপত্তা পৰিষদত জৰুৰী বৈঠক

এন ই নাও নিউজ, গুৱাহাটী by এন ই নাও নিউজ, গুৱাহাটী
January 4, 2026 7:31 pm
39
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

ভেনিজুৱেলাৰ ৰাষ্ট্ৰপতি নিকোলাছ মাদুৰোক আমেৰিকাই আটক কৰি নিউয়ৰ্কলৈ স্থানান্তৰ কৰা বুলি উত্থাপিত দাবীক কেন্দ্ৰ কৰি বিশ্বজুৰি তীব্ৰ চাঞ্চল্যৰ সৃষ্টি হৈছে। বিভিন্ন আন্তঃৰাষ্ট্ৰীয় সংবাদ মাধ্যমৰ প্ৰতিবেদন অনুসৰি, শনিবাৰে ভেনিজুৱেলাত চলোৱা এক বিশেষ সামৰিক অভিযানত মাদুৰো আৰু তেওঁৰ পত্নীক আমেৰিকান বিশেষ বাহিনীয়ে আটক কৰে। পৰৱৰ্তী সময়ত দেওবাৰে তেওঁলোকক নিউয়ৰ্কলৈ নিয়া হয় বুলি জানিব পৰা গৈছে।

আমেৰিকাৰ এটৰ্নী জেনেৰেল পেম বণ্ডীয়ে সংবাদ মাধ্যমৰ আগত সদৰী কৰা মতে, মাদুৰো আৰু তেওঁৰ পত্নীক নিউয়ৰ্কৰ দক্ষিণ অংশত অৱস্থিত এখন সংশোধনাগাৰত ৰখা হৈছে। অৱশ্যে এই আটক কোনটো নিৰ্দিষ্ট অভিযোগৰ ভিত্তিত কৰা হৈছে, সেই সন্দৰ্ভত আমেৰিকা চৰকাৰে এতিয়ালৈকে কোনো আনুষ্ঠানিক তথ্য ৰাজহুৱা কৰা নাই।

Apply Now

আমেৰিকা প্ৰশাসনৰ মতে, মাদুৰোৰ বিৰুদ্ধে নিচাযুক্ত সামগ্ৰীৰ চোৰাং ব্যৱসায়েৰে সন্ত্ৰাসবাদত ইন্ধন যোগোৱাৰ অৰ্থাত ‘নাৰ্কো-টেৰৰিজম’ (Narco-terrorism) আৰু আন্তঃৰাষ্ট্ৰীয় অস্ত্ৰ সৰবৰাহৰ সৈতে জড়িত থকাৰ পুৰণি অভিযোগ আছে। এটৰ্নী জেনেৰেলৰ দাবী অনুসৰি, মাদুৰো চৰকাৰ এক বিশাল আন্তঃৰাষ্ট্ৰীয় ড্ৰাগছ চক্ৰৰ সৈতে জড়িত আছিল। এই সন্দৰ্ভত মাদুৰো, তেওঁৰ পত্নী আৰু পুত্ৰসহ মুঠ ছয়জন ব্যক্তিৰ বিৰুদ্ধে গোচৰ ৰুজু কৰা হৈছে।

ইফালে, এই ঘটনাৰ পাছতেই ভেনিজুৱেলাত জৰুৰীকালীন অৱস্থা ঘোষণা কৰা হৈছে। স্থানীয় লোকসকলৰ মতে, শুকুৰবাৰে মাজনিশা সংঘটিত হোৱা সামৰিক অভিযানৰ পাছতো অঞ্চলটোৰ পৰা আমেৰিকাৰ সেনা আঁতৰি যোৱা নাই। বৰঞ্চ আকাশমাৰ্গত এতিয়াও আমেৰিকাৰ সামৰিক বিমানৰ উপস্থিতি পৰিলক্ষিত হৈছে।

ভেনিজুৱেলাত আমেৰিকাৰ এই সামৰিক ভূমিকা আৰু শেহতীয়া ঘটনাক লৈ ৰাষ্ট্ৰসংঘৰ নিৰাপত্তা পৰিষদত (UNSC) এখন জৰুৰী বৈঠক আহ্বান কৰা হৈছে। কলম্বিয়াৰ অনুৰোধত এই বৈঠকৰ অনুমোদন দিয়া হৈছে। গুৰুত্বপূৰ্ণ কথাটো হ’ল যে নিৰাপত্তা পৰিষদৰ স্থায়ী সদস্য ৰাছিয়া আৰু চীনৰ দৰে দেশেও এই বৈঠকৰ বাবে সমৰ্থন আগবঢ়াইছে। কূটনৈতিক মহলৰ মতে, এই বৈঠকত আন্তঃৰাষ্ট্ৰীয় আইন আৰু ৰাষ্ট্ৰসংঘৰ চনদ উলংঘাৰ দৰে গুৰুতৰ বিষয়সমূহ উত্থাপন হোৱাৰ সম্ভাৱনা আছে।

এন ই নাও নিউজ, গুৱাহাটী

এন ই নাও নিউজ, গুৱাহাটী

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

নিটৰ প্ৰশ্নকাকত ফাদিলক লৈ উত্তাল সদন! শিক্ষামন্ত্ৰীৰ পদত্যাগৰ দাবীত ক’লা কাপোৰ পিন্ধি বিৰোধীৰ প্ৰতিবাদ

নিটৰ প্ৰশ্নকাকত ফাদিলক লৈ উত্তাল সদন! শিক্ষামন্ত্ৰীৰ পদত্যাগৰ দাবীত ক’লা কাপোৰ পিন্ধি বিৰোধীৰ প্ৰতিবাদ

July 22, 2026 3:35 pm
মোদী চৰকাৰৰ স্বৈৰাচাৰী ৰূপ! ছাত্ৰৰ ন্যায়ৰ দাবীত ধৰণাত বহা ৰাহুল-প্ৰিয়ংকাক গ্ৰেপ্তাৰ: হিটলাৰী শাসনৰ বিৰুদ্ধে উত্তাল  ৰাজধানী

মোদী চৰকাৰৰ স্বৈৰাচাৰী ৰূপ! ছাত্ৰৰ ন্যায়ৰ দাবীত ধৰণাত বহা ৰাহুল-প্ৰিয়ংকাক গ্ৰেপ্তাৰ: হিটলাৰী শাসনৰ বিৰুদ্ধে উত্তাল  ৰাজধানী

July 22, 2026 2:46 pm
ভিৰ বাঢ়ি আহিছে যন্তৰ মন্তৰত! ৰাহুল গান্ধীৰ ৫ দফীয়া দাবী, বিদেশলৈকে বিয়পিছে আন্দোলনৰ জুই

ভিৰ বাঢ়ি আহিছে যন্তৰ মন্তৰত! ৰাহুল গান্ধীৰ ৫ দফীয়া দাবী, বিদেশলৈকে বিয়পিছে আন্দোলনৰ জুই

July 22, 2026 12:55 pm
জন্তৰ-মন্তৰৰ প্ৰতিবাদকাৰীক সহায় কৰিবলৈ অনলাইনত খাদ্য অৰ্ডাৰ শতাধিক লোকৰ

জন্তৰ-মন্তৰৰ প্ৰতিবাদকাৰীক সহায় কৰিবলৈ অনলাইনত খাদ্য অৰ্ডাৰ শতাধিক লোকৰ

July 22, 2026 12:33 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

নিটৰ প্ৰশ্নকাকত ফাদিলক লৈ উত্তাল সদন! শিক্ষামন্ত্ৰীৰ পদত্যাগৰ দাবীত ক’লা কাপোৰ পিন্ধি বিৰোধীৰ প্ৰতিবাদ

নিটৰ প্ৰশ্নকাকত ফাদিলক লৈ উত্তাল সদন! শিক্ষামন্ত্ৰীৰ পদত্যাগৰ দাবীত ক’লা কাপোৰ পিন্ধি বিৰোধীৰ প্ৰতিবাদ

July 22, 2026 3:35 pm
মোদী চৰকাৰৰ স্বৈৰাচাৰী ৰূপ! ছাত্ৰৰ ন্যায়ৰ দাবীত ধৰণাত বহা ৰাহুল-প্ৰিয়ংকাক গ্ৰেপ্তাৰ: হিটলাৰী শাসনৰ বিৰুদ্ধে উত্তাল  ৰাজধানী

মোদী চৰকাৰৰ স্বৈৰাচাৰী ৰূপ! ছাত্ৰৰ ন্যায়ৰ দাবীত ধৰণাত বহা ৰাহুল-প্ৰিয়ংকাক গ্ৰেপ্তাৰ: হিটলাৰী শাসনৰ বিৰুদ্ধে উত্তাল  ৰাজধানী

July 22, 2026 2:46 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd