আমেৰিকাৰ ৰাষ্ট্ৰপতি ড’নাল্ড ট্ৰাম্পে গ্ৰীণলেণ্ড দখল কৰিবলৈ উদ্বাউল হৈ পৰিছে। তেওঁ স্পষ্টকৈ কৈছে যে তেওঁ এই ভূখণ্ড বিচাৰে। ক্ৰমে উত্তেজনা বাঢ়িছে। এই পৰিস্থিতিত আমেৰিকাই গ্রীনলেণ্ডৰ পিটুফিক ঘাটিত সেনা নিয়োগ কৰাৰ কথা ঘোষণা কৰিছে৷ অতি সোনকালেই সেনাসহ আমেৰিকাৰ সামৰিক বিমান যাত্ৰা কৰিব।
সোমবাৰে নৰ্থ আমেৰিকান এৰ’স্পেচ ডিফেন্স কমাণ্ডে (NORAD) আমেৰিকান সেনা নিয়োগ কৰাৰ কথা ঘোষণা কৰে। অৱশ্যে এই সেনা গ্ৰীণলেণ্ড দখল কৰিবলৈ নহয়, বৰঞ্চ ‘দীৰ্ঘ পৰিকল্পিত’ অভিযানৰ অংশ হিচাপে প্ৰেৰণ কৰা হৈছে বুলি জনোৱা হৈছে।
কেৱল সেয়াই নহয়, NORAD-এ দাবী কৰে যে গ্ৰীণলেণ্ড আৰু ডেনমাৰ্কেও এই সমগ্ৰ বিষয়টোৰ কথা জানে। কিন্তু বহুতে এই প্ৰশ্ন উত্থাপন কৰিছে যে ‘দীৰ্ঘ পৰিকল্পিত’ অভিযানৰ আঁৰত আমেৰিকাই যুদ্ধৰ বাবে সাজু হৈছে নেকি?
পিটুফিক মহাকাশ ঘাটিটো গ্ৰীনলেণ্ডৰ উত্তৰ-পশ্চিম অংশত অৱস্থিত। আৰ্কটিক অঞ্চলত কি হৈ আছে ইয়াৰ পৰাই তাৰ ওপৰত চকু ৰাখিবলৈ আটাইতকৈ ভাল। যিহেতু ডেনমাৰ্ক নাটোৰ সদস্য, সেয়েহে পিটুফিক ঘাটিত প্ৰায় ২০০ আমেৰিকান সেনা স্থায়ীভাৱে নিয়োজিত হৈ আছে। কিন্তু কিছুমান কূটনৈতিক বিশ্লেষকৰ মতে গ্ৰীনলেণ্ডক লৈ উত্তেজনাৰ প্ৰেক্ষাপটত নতুন সেনা প্ৰেৰণ কৰাটো যথেষ্ট তাৎপৰ্যপূৰ্ণ।
ইপিনে, ডেনমাৰ্কেও বহি থকা নাই। গ্ৰীণলেণ্ডলৈ ট্ৰাম্পৰ দৃষ্টি পৰাৰ লগে লগে তেওঁলোকেও সেনা আৰু সামৰিক সঁজুলি প্ৰেৰণ কৰিবলৈ আৰম্ভ কৰে। ন্যুক আৰু কেংগাৰলুছুৱাক অঞ্চলত বৃহৎ সংখ্যক সেনা মোতায়েন কৰা হৈছে। ডেনিছ সেনা কঢ়িয়াই অনা কেইবাখনো বিমান আজি গ্ৰীণলেণ্ডৰ মাটিত অৱতৰণ কৰে। পৰিস্থিতি ক্ৰমান্বয়ে জটিল হৈ পৰিছে।
ইতিমধ্যে গ্রীনলেণ্ডৰ সন্দর্ভত কোনো চুক্তি নোহোৱালৈকে ইউৰোপৰ ৮খন দেশৰ ওপৰত ১০ শতাংশ শুল্ক আৰোপ কৰিছে ট্রাম্পে৷ আনকি আগন্তুক দিনত শুল্ক ২৫ শতাংশলৈ বৃদ্ধি হ’ব পাৰে বুলিও তেওঁ সকীয়াই দিছে।
ট্ৰাম্পে পোনপটীয়াকৈ উল্লেখ কৰিছে যে তেওঁক শান্তিৰ নোবেল বঁটা প্ৰদান কৰা হোৱা নাই। গতিকে শান্তিৰ কথা চিন্তা কৰাৰ কোনো দায়িত্ব তেওঁৰ নাই। অৱশ্যে ট্ৰাম্পে গ্ৰীনলেণ্ড দখল কৰিবলৈ “বল প্ৰয়োগ” কৰিব নে নকৰে সেই বিষয়ে স্পষ্ট কৰা নাই। এই বিষয়ে সোধাত আমেৰিকাৰ ৰাষ্ট্ৰপতিগৰাকীয়ে কয় যে মই কোনো মন্তব্য নকৰো।





