NORTHEAST NOW (Assamese)

নেন্সি পেলোচীক ঘৰত বিচাৰি নাপাই স্বামীক হাতুৰীৰে আক্ৰমণ দুৰ্বৃত্তৰ; গ্ৰেপ্তাৰ অভিযুক্ত

October 29, 2022 7:24 am · এন ই নাও নিউজ, গুৱাহাটী
নেন্সি পেলোচি আৰু স্বামী পল পেলোচি।

Nancy Pelosi’s husband beaten with hammer আমেৰিকা যুক্তৰাষ্ট্ৰৰ প্ৰতিনিধি সভাৰ (হাউছ অফ ৰিপ্ৰেজেন্টেটিভ) অধ্যক্ষ নেন্সি পেলোচীৰ স্বামী পল পেলোচিক তেওঁৰ ঘৰতে এজন অচিনাক্ত দুবৃত্তই আক্ৰমণ কৰে। পেলোচিৰ কাৰ্যালয়ে শুকুৰবাৰে এটা বিবৃতি জাৰি কৰিছে। এই আক্ৰমণত পল আঘাতপ্ৰাপ্ত হৈছে। আৰক্ষীয়ে ইতিমধ্যে অভিযুক্তক গ্ৰেপ্তাৰ কৰিছে।

পেলোচীৰ কাৰ্যালয়ে জানিবলৈ দিয়া মতে শুকুৰবাৰে এজন অচিনাক্ত ব্যক্তিয়ে অধ্যক্ষৰ চান ফ্ৰান্সিস্কোৰ ঘৰত প্ৰৱেশ কৰে। তাৰ পিছত তেওঁ ৮২ বছৰীয়া পলক হাতুৰীৰে আক্ৰমণ কৰে।

লগতে পঢ়ক: জনসংখ্যাৰ মন্থৰ বৃদ্ধিত চিন্তিত বেইজিংঃ নৱ দম্পতিক বাৰে বাৰে সোধা হৈছে, ‘কেতিয়া সন্তান জন্ম হ’ব?’

আক্ৰমণত আঘাতপ্ৰাপ্ত পলক লগে লগে চিকিৎসালয়লৈ লৈ যোৱা হয়। অভিযুক্তজনক আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰিছে। অৱশ্যে আক্ৰমণৰ কাৰণ এতিয়াও জানিব পৰা হোৱা নাই।

এক বিবৃতিত পেলোচিৰ মুখপাত্ৰ ড্ৰু হামিলে কয়, “আক্ৰমণকাৰীজনক আৰক্ষীৰ জিম্মাত লোৱা হৈছে। তদন্তকাৰী দলে আক্ৰমণৰ কাৰণ অনুসন্ধান কৰি আছে।  পেলোচিক চিকিৎসালয়লৈ লৈ যোৱা হৈছে। তেওঁ সম্পূৰ্ণ আৰোগ্য লাভ কৰিব বুলি আশা কৰা হৈছে।

লগতে পঢ়ক: ৰাছিয়া-ইউক্ৰেইন যুদ্ধৰ উত্তেজনাৰ মাজতে ৮ নৱেম্বৰত ৰাছিয়া ভ্ৰমণ কৰিব ভাৰতৰ বৈদেশিক মন্ত্ৰী এছ জয়শংকৰে

আনহাতে, আক্ৰমণৰ সময়ত নেন্সি ছান ফ্ৰান্সিস্কোত নাছিল বুলি বিবৃতিটোত কোৱা হৈছে ।শেহতীয়া সূত্ৰসমূহৰ মতে আক্ৰমণকাৰীয়ে নেন্সি পেলোচিক বিচাৰিয়েই ঘৰটোত প্ৰৱেশ কৰিছিল।

Related News