ইৰানত অব্যাহত থকা তীব্ৰ চৰকাৰবিৰোধী প্ৰতিবাদৰ মাজতে মধ্যপ্ৰাচ্যৰ ভূ-ৰাজনীতি পুনৰ উত্তপ্ত হৈ পৰিছে। আমেৰিকাৰ ৰাষ্ট্ৰপতি ড’নাল্ড ট্ৰাম্পে ইৰানৰ শাসকীয় পক্ষক কঠোৰ সকীয়নি প্ৰদান কৰাৰ পাছতে এতিয়া ইজৰাইলত ‘হাই এলাৰ্ট’ জাৰি কৰা হৈছে। যিকোনো মুহূৰ্ততে আমেৰিকাই ইৰানত সামৰিক হস্তক্ষেপ কৰিব পাৰে বুলি দেশখনৰ নিৰাপত্তা সংস্থাসমূহে আশংকা ব্যক্ত কৰিছে।
বিগত ২৮ ডিচেম্বৰৰ পৰা ইৰানৰ লাখ লাখ জনতাই দেশখনৰ ‘চুপ্ৰীম লিডাৰ’ৰ (Supreme Leader) বিৰুদ্ধে ৰাজপথলৈ ওলাই আহি প্ৰতিবাদ সাব্যস্ত কৰিছে। এই পৰিস্থিতিৰ মাজতে ৰাষ্ট্ৰপতি ড’নাল্ড ট্ৰাম্পে ইৰান চৰকাৰক সকীয়নি দি কয় যে প্ৰতিবাদকাৰীৰ ওপৰত চলোৱা কোনো ধৰণৰ অত্যাচাৰ সহ্য কৰা নহ’ব। শনিবাৰে ট্ৰাম্পে স্পষ্টকৈ উল্লেখ কৰে যে আমেৰিকা যুক্তৰাষ্ট্ৰ প্ৰতিবাদকাৰীসকলক সহায় কৰিবলৈ সম্পূৰ্ণ সাজু। ট্ৰাম্পৰ এই মন্তব্যই ইৰানত আমেৰিকাৰ সামৰিক অভিযানৰ ইংগিত বহন কৰা বুলি চৰ্চা চলিছে।
ইফালে ইৰানত আমেৰিকাৰ সম্ভাৱ্য হস্তক্ষেপৰ পাছত সৃষ্টি হ’ব পৰা পৰিস্থিতিৰ মোকাবিলা কৰিবলৈ ইজৰাইল চৰকাৰে এখন উচ্চস্তৰীয় বৈঠক আহ্বান কৰিছে। ইজৰাইলৰ নিৰাপত্তা বাহিনীয়ে ইৰানৰ প্ৰতিটো গতিবিধিৰ ওপৰত চোকা নজৰ ৰাখিছে। উল্লেখযোগ্য যে, যোৱা বছৰৰ জুন মাহত ইৰান আৰু ইজৰাইলৰ মাজত হোৱা ১২ দিনীয়া যুদ্ধৰ সময়ত আমেৰিকাই ইজৰাইলক সমৰ্থন কৰি ইৰানৰ ওপৰত বিমান আক্ৰমণ চলাইছিল। বৰ্তমানৰ উত্তেজনাৰ মাজতো আমেৰিকা আৰু ইজৰাইল একগোট হোৱা পৰিলক্ষিত হৈছে।
শনিবাৰে ইজৰাইলৰ প্ৰধানমন্ত্ৰী বেঞ্জামিন নেতানিয়াহু আৰু আমেৰিকাৰ বিদেশ মন্ত্ৰী মাৰ্কো ৰুবিঅ’ৰ মাজত এক গুৰুত্বপূৰ্ণ টেলিফোনিক বাৰ্তালাপ সম্পন্ন হয়। দুয়ো ইৰানৰ বৰ্তমানৰ পৰিস্থিতি আৰু আমেৰিকাৰ সম্ভাৱ্য ভূমিকা সন্দৰ্ভত আলোচনা কৰে বুলি জানিব পৰা গৈছে। অৱশ্যে এই আলোচনাৰ সবিশেষ এতিয়ালৈকে ৰাজহুৱা কৰা হোৱা নাই।
ইপিনে, ইৰানৰ পাৰমাণৱিক আৰু বেলিষ্টিক মিছাইল কাৰ্যসূচীক লৈ ইজৰাইলৰ সৈতে সংঘাত চৰম পৰ্যায়ত উপনীত হৈছে। প্ৰধানমন্ত্ৰী নেতানিয়াহুৱে শেহতীয়াকৈ হুংকাৰ দিছে যে যদিহে ইৰানে ইজৰাইলক আক্ৰমণ কৰাৰ সাহস কৰে, তেন্তে তাৰ পৰিণতি ভয়ংকৰ হ’ব। এতিয়া সমগ্ৰ বিশ্বৰ চকু মধ্যপ্ৰাচ্যৰ এই পৰিৱৰ্তিত পৰিস্থিতিৰ ওপৰত নিবদ্ধ হৈছে।





