• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Monday, September 14, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home Popular Stories

আমেৰিকা আৰু ইৰাণৰ মাজত শান্তি চুক্তি! মধ্যপ্ৰাচ্যত যুদ্ধৰ অৱসান, হৰমুজ প্ৰণালী মুকলি কৰাৰ সিদ্ধান্ত

এন ই নাও নিউজ, গুৱাহাটী by এন ই নাও নিউজ, গুৱাহাটী
June 18, 2026 10:22 am
38
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

জি-চেভেন সন্মিলনৰ পাছত ফ্ৰান্সৰ ৰাষ্ট্ৰপতি ইমানুৱেল মেক্ৰ‘নৰ সৈতে নৈশভোজৰ সময়ত চুক্তিত স্বাক্ষৰ আমেৰিকাৰ ৰাষ্ট্ৰপতি ডনাল্ড ট্ৰাম্পৰ, ত্ৰিশ দিনৰ ভিতৰত ইৰাণৰ পৰা নৌ-অৱৰোধ প্ৰত্যাহাৰৰ প্ৰতিশ্ৰুতি আমেৰিকাৰ

মধ্যপ্ৰাচ্যত চলি থকা সংঘাতৰ অৱসান ঘটোৱাৰ লক্ষ্যৰে আমেৰিকা যুক্তৰাষ্ট্ৰ আৰু ইৰাণে এক ঐতিহাসিক শান্তি চুক্তিত স্বাক্ষৰ কৰিছে। জি-চেভেন সন্মিলনৰ পাছত ফ্ৰান্সৰ ৰাষ্ট্ৰপতি ইমানুৱেল মেক্ৰ‘নৰ সৈতে পেৰিছৰ ভাৰ্ছেলছ প্ৰাসাদত আয়োজিত এক নৈশভোজৰ সময়ত আমেৰিকাৰ ৰাষ্ট্ৰপতি ডনাল্ড ট্ৰাম্পে এই চুক্তিত স্বাক্ষৰ কৰে। এই চুক্তিৰ জৰিয়তে যোৱা ২৮ ফেব্ৰুৱাৰীত আমেৰিকা আৰু ইজৰাইলৰ আক্ৰমণৰ পাছত ইৰাণত আৰম্ভ হোৱা প্ৰায় ১১০ দিনীয়া যুদ্ধখনৰ আনুষ্ঠানিকভাৱে অৱসান ঘটিছে।

Apply Now

ফ্ৰান্সৰ ৰাষ্ট্ৰপতি ইমানুৱেল মেক্ৰ‘নে সামাজিক মাধ্যম এক্সৰ জৰিয়তে এই চুক্তি স্বাক্ষৰৰ কথা প্ৰকাশ কৰি কয় যে এই চুক্তিয়ে স্থায়ী শান্তিৰ পথ প্ৰশস্ত কৰাৰ লগতে হৰমুজ প্ৰণালী পুনৰ মুকলি কৰাৰ সুযোগ প্ৰদান কৰিব। শক্তিৰ মূল্য হ্ৰাস কৰাত সহায়ক হ‘বলগীয়া এই পদক্ষেপক তেওঁ দেশবাসীৰ বাবে এক সঠিক আৰু গুৰুত্বপূৰ্ণ পদক্ষেপ হিচাপে আখ্যা দিছে। ইফালে, ইৰাণৰ তৰফৰ পৰাও এই চুক্তিত স্বাক্ষৰ কৰাৰ কথা নিশ্চিত কৰা হৈছে। ইৰাণৰ চৰকাৰী সংবাদ সংস্থা ইৰ্ণাৰ উদ্ধৃতিৰে ইৰাণৰ বৈদেশিক মন্ত্ৰালয়ৰ মুখপাত্ৰ ইছমাইল বাকাইয়ে জনাইছে যে ৰাষ্ট্ৰপতিসকলৰ স্বাক্ষৰৰ জৰিয়তে ইছলামাবাদ বুজাবুজি চুক্তিৰ পাঠ চূড়ান্ত কৰা হৈছে আৰু এতিয়া এই চুক্তিৰ ৰূপায়ণ পৰীক্ষা কৰাৰ সময় আহি পৰিছে।

দেওবাৰে ৰাষ্ট্ৰপতি ট্ৰাম্পে প্ৰথমবাৰৰ বাবে এই চুক্তিৰ কথা ঘোষণা কৰাৰ পাছত ইয়াৰ স্বচ্ছতাক লৈ ৰাজহুৱা হেঁচা বৃদ্ধি পাইছিল। ইয়াৰ পৰিপ্ৰেক্ষিতত বুধবাৰে আমেৰিকাৰ বিষয়াসকলে এক কনফাৰেঞ্চ কলৰ জৰিয়তে চুক্তিখনৰ পাঠ ৰাজহুৱা কৰে। আনুষ্ঠানিকভাৱে আমেৰিকা যুক্তৰাষ্ট্ৰ আৰু ইছলামিক ৰিপাব্লিক অৱ ইৰাণৰ মাজত ইছলামাবাদ বুজাবুজি চুক্তি হিচাপে নামকৰণ কৰা এই নথিখনে লেবাননকো সামৰি সকলোবোৰ সামৰিক অভিযান তাৎক্ষণিক আৰু স্থায়ীভাৱে বন্ধ কৰাৰ আহ্বান জনাইছে।

চুক্তিৰ চৰ্ত অনুসৰি, আমেৰিকা যুক্তৰাষ্ট্ৰই ত্ৰিশ দিনৰ ভিতৰত ইৰাণৰ ওপৰত আৰোপ কৰা নৌ-অৱৰোধ প্ৰত্যাহাৰ কৰিবলৈ প্ৰতিশ্ৰুতিবদ্ধ হৈছে আৰু এই সময়ছোৱাত জাহাজৰ চলাচল যুদ্ধৰ পূৰ্বৰ পৰ্যায়লৈ ঘূৰি আহিব বুলি আশা কৰা হৈছে। ইয়াৰ উপৰি, চূড়ান্ত চুক্তি সম্পন্ন হোৱাৰ ত্ৰিশ দিনৰ ভিতৰত আমেৰিকাই ইৰাণৰ আশে-পাশে থকা নিজৰ সামৰিক বাহিনী প্ৰত্যাহাৰ কৰিব। আনহাতে, ইৰাণে পৰৱৰ্তী ষাঠি দিনৰ বাবে কোনো মাচুল নোহোৱাকৈ বাণিজ্যিক জাহাজসমূহৰ সুৰক্ষিত যাতায়াতৰ বাবে সৰ্বোত্তম প্ৰয়াস কৰিব বুলি চুক্তিত উল্লেখ আছে।

এই চুক্তি স্বাক্ষৰিত হোৱাৰ লগে লগে আমেৰিকা আৰু ইৰাণে চূড়ান্ত চুক্তিৰ চৰ্তসমূহ আলোচনা কৰিবলৈ ষাঠি দিনৰ সময় লাভ কৰিব। প্ৰথমে এই আনুষ্ঠানিক স্বাক্ষৰ পৰ্ব শুকুৰবাৰে চুইজাৰলেণ্ডত অনুষ্ঠিত হোৱাৰ কথা আছিল যদিও শেহতীয়াকৈ ইৰাণে জানিবলৈ দিয়া মতে, জেনেভাত অনুষ্ঠিত হ‘বলগীয়া পৰৱৰ্তী বৈঠকখন পূৰ্বৰ নিৰ্ধাৰিত সূচী অনুসৰিয়েই আগবাঢ়িব। অনাগত সময়ত দুয়োখন দেশৰ মাজৰ এই বুজাবুজিয়ে মধ্যপ্ৰাচ্যৰ পৰিস্থিতি স্বাভাৱিক কৰাত নিৰ্ণায়ক ভূমিকা গ্ৰহণ কৰিব বুলি আশা কৰা হৈছে।

এন ই নাও নিউজ, গুৱাহাটী

এন ই নাও নিউজ, গুৱাহাটী

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

বজাৰত জুই, দেশত নিয়ন্ত্ৰণহীন খাদ্য সামগ্ৰীৰ মূল্যবৃদ্ধি:  ৪.৮২ শতাংশলৈ বৃদ্ধি পালে খুচুৰা মুদ্ৰাস্ফীতিৰ হাৰ

বজাৰত জুই, দেশত নিয়ন্ত্ৰণহীন খাদ্য সামগ্ৰীৰ মূল্যবৃদ্ধি:  ৪.৮২ শতাংশলৈ বৃদ্ধি পালে খুচুৰা মুদ্ৰাস্ফীতিৰ হাৰ

September 14, 2026 5:08 pm
গুৱাহাটীৰ হত্যাকাণ্ডৰ অভিযুক্ত ৰামানু্জ গোস্বামীৰ দেহত গুলীৰ কোনো আঘাত নাই: জিএমচিএইচৰ অধীক্ষকৰ স্পষ্টীকৰণ

গুৱাহাটীৰ হত্যাকাণ্ডৰ অভিযুক্ত ৰামানু্জ গোস্বামীৰ দেহত গুলীৰ কোনো আঘাত নাই: জিএমচিএইচৰ অধীক্ষকৰ স্পষ্টীকৰণ

September 14, 2026 4:04 pm
প্ৰযুক্তিৰ ক্ষেত্ৰত কেন্দ্ৰৰ ডাঙৰ পদক্ষেপ: নিৰ্মাণ কৰিব ‘ছ’ভাৰেইন ক্লাউড’ ব্যৱস্থা

প্ৰযুক্তিৰ ক্ষেত্ৰত কেন্দ্ৰৰ ডাঙৰ পদক্ষেপ: নিৰ্মাণ কৰিব ‘ছ’ভাৰেইন ক্লাউড’ ব্যৱস্থা

September 14, 2026 3:38 pm
১৩ বছৰৰ আইনী যুঁজৰ অন্ত! উচ্চতম ন্যায়ালয়ৰ নিৰ্দেশত আদালতত আত্মসমৰ্পণ তৰুণ তেজপালৰ

১৩ বছৰৰ আইনী যুঁজৰ অন্ত! উচ্চতম ন্যায়ালয়ৰ নিৰ্দেশত আদালতত আত্মসমৰ্পণ তৰুণ তেজপালৰ

September 14, 2026 3:12 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

বজাৰত জুই, দেশত নিয়ন্ত্ৰণহীন খাদ্য সামগ্ৰীৰ মূল্যবৃদ্ধি:  ৪.৮২ শতাংশলৈ বৃদ্ধি পালে খুচুৰা মুদ্ৰাস্ফীতিৰ হাৰ

বজাৰত জুই, দেশত নিয়ন্ত্ৰণহীন খাদ্য সামগ্ৰীৰ মূল্যবৃদ্ধি:  ৪.৮২ শতাংশলৈ বৃদ্ধি পালে খুচুৰা মুদ্ৰাস্ফীতিৰ হাৰ

September 14, 2026 5:08 pm
গুৱাহাটীৰ হত্যাকাণ্ডৰ অভিযুক্ত ৰামানু্জ গোস্বামীৰ দেহত গুলীৰ কোনো আঘাত নাই: জিএমচিএইচৰ অধীক্ষকৰ স্পষ্টীকৰণ

গুৱাহাটীৰ হত্যাকাণ্ডৰ অভিযুক্ত ৰামানু্জ গোস্বামীৰ দেহত গুলীৰ কোনো আঘাত নাই: জিএমচিএইচৰ অধীক্ষকৰ স্পষ্টীকৰণ

September 14, 2026 4:04 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd