• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Friday, July 3, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

ব্ৰিটেইনত উপস্থিত বাইডেন; সাক্ষাৎ কৰিব ৰজা চাৰ্লছ আৰু প্ৰধানমন্ত্ৰী সুনকক, স্থান পাব কি প্ৰসংগই?

এন ই নাও নিউজ, গুৱাহাটী by এন ই নাও নিউজ, গুৱাহাটী
July 10, 2023 10:16 am
1
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

আমেৰিকাৰ ৰাষ্ট্ৰপতি জো বাইডেনে তিনিখন দেশৰ ভ্ৰমণৰ আৰম্ভণি কৰি দেওবাৰে সন্ধিয়া লণ্ডনত উপস্থিত হয়। তেওঁ সোমবাৰে ব্ৰিটেইনৰ প্ৰধানমন্ত্ৰী ঋষি সুনকৰ সৈতে বৈঠকত বহাৰ লগতে উইণ্ডচৰ কেছলত ৰজা চাৰ্লছৰ সৈতে জলবায়ু পৰিৱৰ্তনৰ বিষয়ত আলোচনা কৰিব।

হোৱাইট হাউছে জনাইছে যে এই ভ্ৰমণ “আমাৰ ৰাষ্ট্ৰসমূহৰ মাজত ঘনিষ্ঠ সম্পৰ্ক আৰু অধিক শক্তিশালী কৰাৰ বাবে” কৰা হৈছে।

দেওবাৰে সন্ধিয়া লণ্ডনৰ উত্তৰ-পূব ষ্টেনষ্টেড বিমানবন্দৰলৈ উৰা মাৰি অহা ৰাষ্ট্ৰপতিগৰাকীয়ে সোমবাৰে ডাউনিং ষ্ট্ৰীটলৈ গৈ সুনাকৰ সৈতে অনুষ্টুপীয়া বৈঠকত বহিব। কেইমাহ মানৰ ভিতৰত এইখন হ’ব তেওঁলোকৰ পঞ্চমখন বৈঠক। সুনাকৰ মুখপাত্ৰই কয় যে আলোচনাত আগন্তুক নাটো শীৰ্ষ সন্মিলন আৰু ইউক্ৰেইন বিষয় ঠাই পোৱাৰ সম্ভাৱনা আছে।

Apply Now

নিজৰ কাৰ্যালয়ৰ পৰা প্ৰকাশ কৰা এক বিবৃতিত সুনাকে কয় যে আমি আমাৰ অৱস্থান আৰু অৰ্থনৈতিক সুৰক্ষাৰ প্ৰতি নতুন আৰু অভূতপূৰ্ব প্ৰত্যাহ্বানৰ সন্মুখীন হোৱাৰ লগে লগে আমাৰ মিত্ৰতাসমূহ পূৰ্বতকৈ অধিক গুৰুত্বপূৰ্ণ হৈ পৰিছে।

সুনাকে কয় যে ব্ৰিটেইন ইউৰোপৰ নাটোৰ আগশাৰীৰ মিত্ৰ, আমি আমেৰিকাৰ আটাইতকৈ গুৰুত্বপূৰ্ণ বাণিজ্য, প্ৰতিৰক্ষা আৰু কূটনৈতিক অংশীদাৰ, আৰু আমি ইউক্ৰেইনক যুদ্ধক্ষেত্ৰত সফল হ’বলৈ প্ৰয়োজনীয় সহায় আগবঢ়োৱাৰ ক্ষেত্ৰত আগৰণুৱা।

ইউৰোপীয় সংঘৰ সৈতে ব্রেক্সিটৰ পিছৰ চুক্তি আৰু ৰিপাব্লিকান দলৰ প্রাক্তন ৰাষ্ট্ৰপতি ড’নাল্ড ট্ৰাম্পৰ সৈতে জনছনৰ ঘনিষ্ঠ সম্পৰ্কক লৈ তেওঁৰ পূৰ্বসূৰী বৰিছ জনছন আৰু লিজ ট্ৰাছৰ অধীনত সম্পৰ্ক শিথিল হোৱাৰ পিছত সুনাকে বাইডেনৰ সৈতে সম্পৰ্ক মেৰামতিৰ ক্ষেত্ৰত কিছু আগবাঢ়িছে।

বাইডেনৰ বাবে এই ভ্ৰমণৰ অধিক গুৰুত্বপূৰ্ণ অংশ হ’ব লণ্ডনৰ পশ্চিমে অৱস্থিত উইণ্ডচৰ কেছলত ৰজা চাৰ্লছৰ সৈতে তেওঁৰ সাক্ষাৎ, য’ত ২০১৬ চনত ৰজাৰ প্ৰয়াত মাতৃ ৰাণী এলিজাবেথে ডেম’ক্ৰেটিক দলৰ ৰাষ্ট্ৰপতি বাৰাক ওবামা আৰু ২০১৮ চনত ট্ৰাম্পে আতিথ্য প্ৰদান কৰিছিল। ২০২১ চনত বাইডেনেও উইণ্ডচৰত ৰাণী এলিজাবেথক চাহ মেলত লগ পাইছিল।

বাতৰি অনুসৰি, ৰাষ্ট্ৰপতি বাইডেন আৰু ৰজা চাৰ্লছে জলবায়ুৰ বিষয়ত আলোচনা কৰিব। উল্লেখ্য এই বিষয়ৰ ওপৰত ৭৪ বছৰীয়া চাৰ্লছে পাঁচ দশকৰো অধিক সময় ধৰি প্ৰচাৰ চলাই আহিছে আৰু মাত মাতি আহিছে।

যোৱা বছৰ ৰাণী এলিজাবেথৰ অন্ত্যেষ্টিক্ৰিয়াৰ বাবে ভ্ৰমণৰ সময়ত বাইডেনে চাৰ্লছক লগ পাইছিল যদিও আমেৰিকাৰ ৰাষ্ট্ৰপতিসকলৰ দীৰ্ঘদিনীয়া প্ৰথা অনুসৰি মে’ মাহত ৰজাৰ ৰাজ অভিষেকত অংশগ্ৰহণ কৰা নাছিল।

আমেৰিকাৰ বিশেষ জলবায়ু বিষয়ক দূত জন কেৰীয়ে বিবিচিক জনোৱা মতে, সোমবাৰে ব্ৰিটিছ শক্তি মন্ত্ৰী গ্ৰাণ্ট শ্বেপছৰ সৈতে আয়োজন কৰিবলগীয়া জলবায়ু বিত্ত সন্মিলনৰ বিষয়ে ৰজা চাৰ্লছ আৰু বাইডেনক অৱগত কৰিবলৈ তেওঁক আমন্ত্ৰণ জনোৱা হৈছে।

এই বৈঠকৰ পিছত বাইডেন আৰু সুনাকে ব্ৰিটেইন এৰি লিথুৱেনিয়ালৈ ৰাওনা হ’ব য’ত নাটোৰ নেতাসকলে এক গুৰুত্বপূৰ্ণ শীৰ্ষ সন্মিলনৰ বাবে একত্ৰিত হ’ব। ইয়াৰ পিছত বাইডেনে নৰ্ডিক নেতাসকলৰ সৈতে বৈঠকৰ বাবে হেলচিংকিলৈ যাত্ৰা কৰাৰ সম্ভাৱনা আছে।

এন ই নাও নিউজ, গুৱাহাটী

এন ই নাও নিউজ, গুৱাহাটী

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

ইজৰাইলী বাহিনীৰ আক্ৰমণত নিহত পেলেষ্টাইনী ফুটবল দলৰ গ’লৰক্ষক চেলিম আল-আছকাৰ

ইজৰাইলী বাহিনীৰ আক্ৰমণত নিহত পেলেষ্টাইনী ফুটবল দলৰ গ’লৰক্ষক চেলিম আল-আছকাৰ

July 3, 2026 1:28 pm
ভাৰত নহয়, নিজৰ সেনা আৰু নেতাইহে ধ্বংস কৰিছে পাকিস্তানক: ছিংগাপুৰৰ প্ৰাক্তন ৰাষ্ট্ৰদূতৰ বিস্ফোৰক মন্তব্য

ভাৰত নহয়, নিজৰ সেনা আৰু নেতাইহে ধ্বংস কৰিছে পাকিস্তানক: ছিংগাপুৰৰ প্ৰাক্তন ৰাষ্ট্ৰদূতৰ বিস্ফোৰক মন্তব্য

July 3, 2026 1:17 pm
অসম প্ৰকাশন পৰিষদৰ ‘গ্ৰন্থবৰ্ষ ২০২৫ ফেল’শ্বিপ’ ঘোষণা, ৪৯ গৰাকী লেখকলৈ এই বিশেষ সন্মান

অসম প্ৰকাশন পৰিষদৰ ‘গ্ৰন্থবৰ্ষ ২০২৫ ফেল’শ্বিপ’ ঘোষণা, ৪৯ গৰাকী লেখকলৈ এই বিশেষ সন্মান

July 3, 2026 1:08 pm
ইউক্ৰেইনৰ কিয়েভত মাৰাত্মক আক্ৰমণ ৰাছিয়াৰ, নিহত ২৭ জন; খৰখেদাকৈ দেশলৈ উভতিল জেলেনস্কি

ইউক্ৰেইনৰ কিয়েভত মাৰাত্মক আক্ৰমণ ৰাছিয়াৰ, নিহত ২৭ জন; খৰখেদাকৈ দেশলৈ উভতিল জেলেনস্কি

July 3, 2026 12:26 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

ইজৰাইলী বাহিনীৰ আক্ৰমণত নিহত পেলেষ্টাইনী ফুটবল দলৰ গ’লৰক্ষক চেলিম আল-আছকাৰ

ইজৰাইলী বাহিনীৰ আক্ৰমণত নিহত পেলেষ্টাইনী ফুটবল দলৰ গ’লৰক্ষক চেলিম আল-আছকাৰ

July 3, 2026 1:28 pm
ভাৰত নহয়, নিজৰ সেনা আৰু নেতাইহে ধ্বংস কৰিছে পাকিস্তানক: ছিংগাপুৰৰ প্ৰাক্তন ৰাষ্ট্ৰদূতৰ বিস্ফোৰক মন্তব্য

ভাৰত নহয়, নিজৰ সেনা আৰু নেতাইহে ধ্বংস কৰিছে পাকিস্তানক: ছিংগাপুৰৰ প্ৰাক্তন ৰাষ্ট্ৰদূতৰ বিস্ফোৰক মন্তব্য

July 3, 2026 1:17 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd