• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Wednesday, July 22, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home Popular Stories

সম্পৰ্কত কিমান সময় দিছে তাৰ হিচাপ ৰাখিবলৈ এক্সেল শ্বীটৰ ব্যৱহাৰ: বেংগালুৰুৰ যুৱকৰ আজৱ কাণ্ডই জোকাৰিছে ছ’চিয়েল মিডিয়া

এন ই নাও নিউজ, গুৱাহাটী by এন ই নাও নিউজ, গুৱাহাটী
February 18, 2026 6:35 pm
41
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

সময়ৰ মূল্য সকলোৰে বাবে অপৰিসীম। আমাৰ সমাজত কয় যে,এবাৰ পাৰ হৈ যোৱা সময় কেতিয়াও ঘূৰি নাহে। কিন্তু এই কথাষাৰক অতি নিষ্ঠাৰে আৰু গাণিতিক ৰূপত নিজৰ জীৱনত প্ৰয়োগ কৰি এতিয়া চৰ্চাৰ কেন্দ্ৰবিন্দু হৈ পৰিছে বেংগালুৰুৰ এজন যুৱক। পংকজ নামৰ এই যুৱকজনে যোৱা ছবছৰ ধৰি তেওঁৰ জীৱনৰ প্ৰতিটো মুহূৰ্ত কাৰ লগত কেনেকৈ অতিবাহিত কৰিছে, তাৰ এটা নিখুঁত হিচাপ ৰাখিছে। তেওঁ এই সকলোবোৰ তথ্য এটা এক্সেল শ্বীটত লিপিবদ্ধ কৰিছে যিটো এতিয়া ইণ্টাৰনেটত ভাইৰেল হৈ পৰিছে। পেছাত চফটৱেৰ বিশেষজ্ঞ পংকজে এই কামৰ বাবে এখন বিশেষ তালিকা প্ৰস্তুত কৰিছে য’ত তেওঁ কাক কিমান সময় দিলে আৰু তাৰ বিনিময়ত তেওঁ কি পালে, তাৰ সম্পূৰ্ণ বিশ্লেষণ আছে।

পংকজ পেছাগতভাৱে গ্ৰাহক সম্পৰ্ক ব্যৱস্থাপনা বা চি আৰ এম বিভাগৰ লগত জড়িত। তেওঁ নিজৰ এই পেছাগত জ্ঞানক ব্যক্তিগত জীৱনতো ব্যৱহাৰ কৰি জিয়া নামৰ এটা চফটৱেৰ প্ৰস্তুত কৰিছে। এই চফটৱেৰটোৰ সহায়তে তেওঁ যোৱা ছবছৰৰ বন্ধুত্ব আৰু সম্পৰ্কবোৰৰ জোখ-মাপ লৈ আহিছে। তেওঁৰ মতে বন্ধুত্ব কেৱল আৱেগ নহয়, ইয়াকো হিচাপৰ আওতালৈ আনিব পাৰি। পংকজে তেওঁৰ এক্স হেণ্ডেলত উল্লেখ কৰিছে যে যদি কোনোবা এজন ব্যক্তিৰ সৈতে গঢ়ি তোলা সম্পৰ্কৰ ৰিটাৰ্ণ অন ইনভেষ্টমেণ্ট বা বিনিয়োগৰ বিপৰীতে পোৱা লাভ দীৰ্ঘদিন ধৰি ঋণাত্মক হৈ থাকে, তেন্তে তেওঁ সেই ব্যক্তিজনৰ সৈতে যোগাযোগ সম্পূৰ্ণৰূপে বন্ধ কৰি দিয়ে। এই অদ্ভুত পদ্ধতিটোক লৈ বহুলোকে সমালোচনা কৰিলেও তেওঁ নিজৰ সিদ্ধান্তত অটল হৈ আছে।

Apply Now

পংকজৰ এই কাৰ্যই মানুহৰ মাজত মিশ্ৰিত প্ৰতিক্ৰিয়াৰ সৃষ্টি কৰিছে। বহুতৰে মতে তেওঁ সম্পৰ্কক টকাৰ সৈতে তুলনা কৰিছে, কিন্তু পংকজে স্পষ্ট কৰি দিছে যে তেওঁ কেৱল সময়ৰ সঠিক ব্যৱহাৰৰ পৰিসংখ্যাতহে গুৰুত্ব দিয়ে। তেওঁৰ এই তালিকাত বন্ধু-বান্ধৱীৰ পৰা আৰম্ভ কৰি চিনাকি প্ৰতিজন ব্যক্তিৰ নাম আছে। তেওঁ দিনে কিমান মানুহক লগ পায় আৰু কাৰ লগত কিমান সময় কথা পাতে, তাৰ প্ৰতিটো মিনিটৰ হিচাপ তাত দিয়া আছে। ভাইৰেল হোৱা এক্সেল শ্বীটখনত দেখা গৈছে যে তেওঁ নিজৰ প্ৰেমিকাৰ বন্ধুসকলৰ নামো এখন সুকীয়া টেবুলত ৰাখিছে আৰু কাৰ লগত কিমান সময় পাৰ কৰিছে তাৰ চৰ্চা কৰিছে।

যুৱকজনৰ এই গাণিতিক সূত্ৰ অনুসৰি, যিকোনো এজন ব্যক্তিৰ সৈতে প্ৰাথমিক সম্পৰ্ক গঢ়িবলৈ তেওঁ প্ৰায় ৮ৰ পৰা ১২ ঘণ্টা সময় খৰচ কৰে। কিন্তু যদিহে সেই সম্পৰ্কটোত বিশ্বাস আৰু গভীৰতা আনিব লাগে, তেন্তে তেওঁ ৩ৰ পৰা ৬ মাহৰ ভিতৰত ৪৫ৰ পৰা ৬০ ঘণ্টা সময় বিনিয়োগ কৰাটো প্ৰয়োজন বুলি গণ্য কৰে। তেওঁৰ মতে বেছিভাগ মানুহেই ইমান সময় দিব নোৱাৰে বাবে সম্পৰ্কবোৰ আগনাবাঢ়ে। আনহাতে যিসকলে এই প্ৰাৰম্ভিক পৰ্যায়টো পাৰ কৰে, তেওঁলোকৰ সৈতে ১২ৰ পৰা ১৮ মাহৰ ভিতৰত ৮০ৰ পৰা ১২০ ঘণ্টা সময় কটাই তেওঁ সম্পৰ্কটোৰ অধিক গভীৰলৈ যাবলৈ চেষ্টা কৰে। আৱেগক গণিতৰ মাজেৰে বিচাৰ কৰা পংকজৰ এই কাহিনীয়ে এতিয়া সকলোৰে চকু কপালত তুলিছে।

এন ই নাও নিউজ, গুৱাহাটী

এন ই নাও নিউজ, গুৱাহাটী

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

মোদী চৰকাৰৰ স্বৈৰাচাৰী ৰূপ! ছাত্ৰৰ ন্যায়ৰ দাবীত ধৰণাত বহা ৰাহুল-প্ৰিয়ংকাক গ্ৰেপ্তাৰ: হিটলাৰী শাসনৰ বিৰুদ্ধে উত্তাল  ৰাজধানী

মোদী চৰকাৰৰ স্বৈৰাচাৰী ৰূপ! ছাত্ৰৰ ন্যায়ৰ দাবীত ধৰণাত বহা ৰাহুল-প্ৰিয়ংকাক গ্ৰেপ্তাৰ: হিটলাৰী শাসনৰ বিৰুদ্ধে উত্তাল  ৰাজধানী

July 22, 2026 2:46 pm
ভিৰ বাঢ়ি আহিছে যন্তৰ মন্তৰত! ৰাহুল গান্ধীৰ ৫ দফীয়া দাবী, বিদেশলৈকে বিয়পিছে আন্দোলনৰ জুই

ভিৰ বাঢ়ি আহিছে যন্তৰ মন্তৰত! ৰাহুল গান্ধীৰ ৫ দফীয়া দাবী, বিদেশলৈকে বিয়পিছে আন্দোলনৰ জুই

July 22, 2026 12:55 pm
জন্তৰ-মন্তৰৰ প্ৰতিবাদকাৰীক সহায় কৰিবলৈ অনলাইনত খাদ্য অৰ্ডাৰ শতাধিক লোকৰ

জন্তৰ-মন্তৰৰ প্ৰতিবাদকাৰীক সহায় কৰিবলৈ অনলাইনত খাদ্য অৰ্ডাৰ শতাধিক লোকৰ

July 22, 2026 12:33 pm
বানপীড়িত উজনি অসমত ২৪ জুলাইলৈকে জৰুৰীকালীন ম’বাইল ৰোমিং সেৱা মুকলি

বানপীড়িত উজনি অসমত ২৪ জুলাইলৈকে জৰুৰীকালীন ম’বাইল ৰোমিং সেৱা মুকলি

July 22, 2026 11:30 am

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

মোদী চৰকাৰৰ স্বৈৰাচাৰী ৰূপ! ছাত্ৰৰ ন্যায়ৰ দাবীত ধৰণাত বহা ৰাহুল-প্ৰিয়ংকাক গ্ৰেপ্তাৰ: হিটলাৰী শাসনৰ বিৰুদ্ধে উত্তাল  ৰাজধানী

মোদী চৰকাৰৰ স্বৈৰাচাৰী ৰূপ! ছাত্ৰৰ ন্যায়ৰ দাবীত ধৰণাত বহা ৰাহুল-প্ৰিয়ংকাক গ্ৰেপ্তাৰ: হিটলাৰী শাসনৰ বিৰুদ্ধে উত্তাল  ৰাজধানী

July 22, 2026 2:46 pm
ভিৰ বাঢ়ি আহিছে যন্তৰ মন্তৰত! ৰাহুল গান্ধীৰ ৫ দফীয়া দাবী, বিদেশলৈকে বিয়পিছে আন্দোলনৰ জুই

ভিৰ বাঢ়ি আহিছে যন্তৰ মন্তৰত! ৰাহুল গান্ধীৰ ৫ দফীয়া দাবী, বিদেশলৈকে বিয়পিছে আন্দোলনৰ জুই

July 22, 2026 12:55 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd