NORTHEAST NOW (Assamese)

৫০০ খন ক্ষুদ্ৰ চিত্ৰ অংকন কৰি উৎপল শৰ্মাই নিজৰ নাম সন্নিবিষ্ট কৰিলে এচিষ্ট ৱৰ্ল্ড ৰেকৰ্ডত

May 13, 2020 6:42 am · পাৰ্শ্বজ্যোতি গগৈ
Updated: May 13, 2020 6:50 am
ফটো : নৰ্থ-ইষ্ট নাও

লকডাউনৰ মাজতে শিৱসাগৰৰ যুৱকৰ অভিলেখ। ক্ষুদ্ৰ ক্ষুদ্ৰ চিত্ৰ অংকনেৰে উজলি উঠিল শিৱসাগৰৰ ফুকন নগৰৰ উৎপল শৰ্মা নামৰ এজন যুৱক।

উৎপল শৰ্মাই অংকন কৰা চিত্ৰ সমূহ পাঁচ মিলিমিটাৰৰ পৰা বাৰ মিলিমিটাৰৰ আছিল। বিশ্বৰ বিভিন্ন বৰেণ্য ব্যক্তি, জীৱ-জন্তু, মনোমেন্টচ,  প্ৰাকৃতিক সম্পদক বিষয় হিচাপে শৰ্মাই এই ক্ষুদ্ৰ ক্ষুদ্ৰ চিত্ৰ অংকন কৰিছিল।

আৰ্ট পেপাৰত ৱাটাৰ কালাৰৰ সহায়ত অংকন কৰিছিল এই ৫০০ খন ক্ষুদ্ৰ চিত্ৰ। ২৭ মাৰ্চৰ পৰা ৭ এপ্ৰিললৈ এই সমূহ চিত্ৰ অংকন কৰিছি যুৱ চিত্ৰ শিল্পী গৰাকীয়ে।

উল্লেখ্য যে পণ্ডেচেৰীৰ এচিষ্ট ৱৰ্ল্ড ৰেকৰ্ড ৰিচাৰ্চ ফাউণ্ডেশ্ব্যনে বিশ্বৰ বিভিন্ন ব্যক্তিক নিজৰ প্ৰতিভাৰ জৰিয়তে নতুন কিবা আৱিস্কাৰ কৰিবলৈ আহ্বান জনাইছিল আৰু সেই আহ্বানৰ সঁহাৰি জনাই উৎপল শৰ্মাই ৫০০ খন ক্ষুদ্ৰ চিত্ৰ অংকন কৰি এচিষ্ট ৱৰ্ল্ড ৰেকৰ্ডত নিজৰ নাম সন্নিবিষ্ট কৰি সমগ্ৰ ভাৰতৰ লগতে অসম তথা শিৱসাগৰৰ নাম উজ্বলাই  তুলিলে।

ইপিনে,  ইয়াৰ পূৰ্বে উৎপল শৰ্মাই ২০১২ বৰ্ষত গ্ৰোমাইট পেপাৰত চাৰ্জিকেল ব্লেডেৰে ৩.৭ চেন্টিমিটাৰৰ বিশ্বৰ সপ্তম আশ্বৰ্য অংকন কৰি ইণ্ডিয়া বুকচ অৱ ৰেকৰ্ডচ্ নিজৰ নাম সন্নিবিষ্ট কৰিছিল।

উৎপল শৰ্মাৰ এই সাফল্যত সমগ্ৰ শিৱসাগৰবাসীয়ে প্ৰশংসা কৰাৰ লগতে তেওঁৰ উজ্বল ভৱিষ্যত কামনা কৰে।

Related News