NORTHEAST NOW (Assamese)

উচ্চতম ন্যায়ালয়ৰ হস্তক্ষেপৰ পাছত উত্তৰ প্ৰদেশত বাতিল কৰা হ’ল কানোৱাৰ যাত্ৰা

July 18, 2021 7:38 am · এন ই নাও নিউজ

সিদ্ধান্ত পুনৰ্বিবেচনাৰ বাবে সোমবাৰলৈকে সময় দিছিল উচ্চতম ন্যায়ালয়ে। কিন্তু তাৰ পূৰ্বে উত্তৰ প্ৰদেশ চৰকাৰে বাতিল কৰিলে কানোৱাৰ যাত্ৰা। অহা ২৫ জুলাইৰ পৰা ৰাজ্যখনত আৰম্ভ হোৱাৰ কথা আছিল এই যাত্ৰা।

সৰ্বোচ্চ আদালতৰ হস্তক্ষেপৰ পাছৰে পৰা বিভিন্ন জিলাৰ কানোৱাৰ সংঘৰ সৈতে যোগী আদিত্যনাথ চৰকাৰে আলোচনা আৰম্ভ কৰিছিল।

শনিবাৰে এক বিবৃতিত উত্তৰ প্ৰদেশ চৰকাৰে জানিবলৈ দিয়ে যে কৰ’না পৰিস্থিতিৰ বাবে এইবাৰ এই যাত্ৰা বাতিলৰ সিদ্ধান্ত লৈছে কানোৱাৰ সংঘই। যোৱাবাৰো কৰ’নাৰ বাবেই এই যাত্ৰা হোৱা নাছিল।

যোৱা শুকুৰবাৰে ক’ৰ’নাতংকই সমগ্ৰ দেশত সংহাৰৰ সৃষ্টি কৰি থকাৰ সময়তে উত্তৰপ্ৰদেশ চৰকাৰে কানোৱাৰ যাত্ৰা অনুষ্ঠিত কৰিবলৈ অনুমতি প্ৰদান কৰা কাৰ্যত আশ্চৰ্য ব্যক্ত কৰিছিল উচ্চতম ন্যায়ালয়ে।

যিটো সময়ত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে কোভিড পৰিস্থিতিৰ সৈতে চৰকাৰে কোনো ধৰণৰ আপোচ নকৰে বুলি ঘোষণা কৰি আহিছে সেই সময়তে ২৫ জুলাইৰ পৰা কিয় কানোৱাৰ যাত্ৰা অনুষ্ঠিত কৰিবলৈ অনুমতি দিয়া হ’ল বুলি আদালতে কেন্দ্ৰ আৰু উত্তৰ প্ৰদেশ চৰকাৰক প্ৰশ্ন কৰিছিল।

উল্লেখ্য যে উত্তৰাখণ্ড চৰকাৰে কোভিড পৰিস্থিতিৰ বাবেই ইতিমধ্যেই ৰাজ্যখনত কানোৱাৰ যাত্ৰা বাতিল কৰাৰ সিদ্ধান্ত লৈছে।

কিন্তু এই ক্ষেত্ৰত উত্তৰ প্ৰদেশ চৰকাৰে কানোৱাৰ যাত্ৰাত অনুমতি প্ৰদান কৰিছিল।

ন্যায়াধীশ আৰ এফ নাৰিমান আৰু ন্যায়াধীশ বিআৰ গোভাইকলৈ গঠিত খণ্ডপীঠ খনে এই বিষয়ত দুদিনৰ ভিতৰত উত্তৰ প্ৰদেশ চৰকাৰক স্থিতি স্পষ্ট কৰাৰো নিৰ্দেশ দিছিল।

Related News