• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Sunday, June 7, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home Popular Stories

কেৰালাৰ মুখ্যমন্ত্রী হিচাপে ১৮ মে’ত শপত ল’ব ভি ডি সতীশনে, অসন্তুষ্ট নেতাক বুজাবলৈ চলিছে বৈঠক

by
May 16, 2026 5:01 pm
41
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

কেৰালাৰ নতুন মুখ্যমন্ত্রী হিচাপে অহা ১৮ মে’ত শপত গ্রহণ কৰিব ভি ডি সতীশনে। শপত গ্রহণ অনুষ্ঠানৰ পূৰ্বে সতীশনে দলৰ শীৰ্ষ নেতাসকলক সাক্ষাৎ কৰা পৰিলক্ষিত হৈছে। মুখ্যমন্ত্রী পদৰ বাবে সতীশনৰ নাম ঘোষণা কৰাৰ পিছৰে পৰা কংগ্ৰেছ দলৰ সাধাৰণ সম্পাদক তথা কেৰালাৰ সাংসদ কে চি বেণুগোপাল আৰু দলৰ জ্যেষ্ঠ নেতা ৰমেশ চেন্নিথলা অসন্তুষ্ট হৈ থকা বুলি চৰ্চা চলিছিল। কাৰণ মুখ্যমন্ত্রী পদৰ দৌৰত এই দুয়োগৰাকী নেতাৰ নামো সমুখত আছিল, কিন্তু দলৰ হাই কমাণ্ডে অৱশেষত ভি ডি সতীশনৰ নামতহে চূড়ান্ত মোহৰ মাৰে।

শপত গ্রহণ অনুষ্ঠানৰ দুদিন পূৰ্বে ভি ডি সতীশনে কে চি বেণুগোপাল আৰু ৰমেশ চেন্নিথলাৰ বাসগৃহলৈ গৈ তেওঁলোকক সাক্ষাৎ কৰে। এই সাক্ষাতৰ সময়ত দুয়োগৰাকী নেতাই সতীশনক অতি উষ্ম আদৰণি জনায় আৰু ইয়াৰ এটা ভিডিঅ’ বৰ্তমান সামাজিক মাধ্যমত অতি সোনকালে ভাইৰেল হৈ পৰিছে। উল্লেখ্য যে কে চি বেণুগোপাল কংগ্ৰেছ হাইকমাণ্ডৰ অতি ঘনিষ্ঠ আৰু মুখ্যমন্ত্রী পদৰ দৌৰত তেওঁৰ নাম সকলোতকৈ আগত আছিল। কিন্তু কেইবাদিনো ধৰি চলা দীঘলীয়া আলোচনা আৰু কেৰালাৰ নেতাসকলৰ সৈতে হোৱা কেইবাটাও পৰ্যায়ৰ বৈঠকৰ পিছতহে দলৰ শীৰ্ষ নেতৃত্বই সতীশনৰ নামটো নিৰ্বাচিত কৰে।

Apply Now

সতীশনৰ নাম ঘোষণা কৰাৰ পিছত দলৰ সাধাৰণ সম্পাদক কে চি বেণুগোপালে কয় যে এই সিদ্ধান্ত কংগ্ৰেছ হাইকমাণ্ডে লৈছে আৰু তেওঁ এই সিদ্ধান্তৰ সৈতে সম্পূৰ্ণৰূপে থিয় দিছে। ইয়াৰ উপৰিও তেওঁ দলৰ এই পদক্ষেপক আদৰণি জনায়। উল্লেখ্য যে কেৰালা বিধানসভা নিৰ্বাচনত কংগ্ৰেছ আটাইতকৈ ডাঙৰ দল হিচাপে আত্মপ্ৰকাশ কৰিছে আৰু দলটোৱে অকলশৰে ৬৩ খন আসন লাভ কৰিবলৈ সক্ষম হৈছে। আনহাতে কংগ্ৰেছৰ নেতৃত্বাধীন ইউ ডি এফ জোঁটে মুঠ ১০২ খন আসন লাভ কৰিছে, য’ত ইণ্ডিয়ান ইউনিয়ন মুছলিম লীগে ২২ খন আসন লাভ কৰি বিজয়ী হৈছে।

আনহাতে এই শপত গ্রহণ অনুষ্ঠানত উপস্থিত নাথাকিব জ্যেষ্ঠ কংগ্ৰেছ নেতা শশী থাৰুৰ। শপত গ্রহণৰ দুদিন পূৰ্বে সামাজিক মাধ্যম এক্সৰ জৰিয়তে শশী থাৰুৰে এই অনুষ্ঠানত উপস্থিত থাকিব নোৱাৰাৰ বাবে দুঃখ প্ৰকাশ কৰে। তেওঁ উল্লেখ কৰে যে তেওঁৰ নিজৰ কলেজৰ এটা পূৰ্বনিৰ্ধাৰিত অনুষ্ঠানৰ বাবে তেওঁ আমেৰিকাত থাকিব লাগিব, যাৰ বাবে তেওঁ কেৰালাৰ নতুন মুখ্যমন্ত্রীৰ শপত গ্রহণ অনুষ্ঠানত অংশ ল’ব নোৱাৰিব। উল্লেখ্য যে বিভিন্ন সময়ত থাৰুৰৰ কংগ্ৰেছ দলৰ প্ৰতি থকা অসন্তুষ্টিৰ কথাও সংবাদ মাধ্যমত চৰ্চালৈ আহি থাকে।

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

১৯ বছৰতেই শ্ৰেষ্ঠত্বৰ খিতাপ; ইতিহাস ৰচনা কৰি ফ্ৰেন্স অ’পেনৰ নতুন ৰাণী মীৰা আন্দ্ৰেভা

১৯ বছৰতেই শ্ৰেষ্ঠত্বৰ খিতাপ; ইতিহাস ৰচনা কৰি ফ্ৰেন্স অ’পেনৰ নতুন ৰাণী মীৰা আন্দ্ৰেভা

June 7, 2026 9:33 am
অভিযন্তাৰ ঘৰত তালাচী চলাই চকু কপালত উঠিল ভিজিলেন্সৰ; গণি গণি শেষ কৰিব পৰা নাই বিষয়াসকলে!

অভিযন্তাৰ ঘৰত তালাচী চলাই চকু কপালত উঠিল ভিজিলেন্সৰ; গণি গণি শেষ কৰিব পৰা নাই বিষয়াসকলে!

June 7, 2026 8:36 am
মধ্যবিত্তৰ মূৰত মাধমাৰ! ২৯ টকা বৃদ্ধি পালে ঘৰুৱা এল পি জি চিলিণ্ডাৰ দাম, গুৱাহাটীত কিমান হ’ল?

মধ্যবিত্তৰ মূৰত মাধমাৰ! ২৯ টকা বৃদ্ধি পালে ঘৰুৱা এল পি জি চিলিণ্ডাৰ দাম, গুৱাহাটীত কিমান হ’ল?

June 7, 2026 7:25 am
বিশ্ব ৰাজনীতিত নতুন চৰ্চা: ষ্ট্ৰেটেজিক অট’নমি বা কৌশলগত স্বায়ত্তশাসন কি আৰু কিয় সকলোৱে ইয়াৰ আঁৰত দৌৰিছে?

বিশ্ব ৰাজনীতিত নতুন চৰ্চা: ষ্ট্ৰেটেজিক অট’নমি বা কৌশলগত স্বায়ত্তশাসন কি আৰু কিয় সকলোৱে ইয়াৰ আঁৰত দৌৰিছে?

June 7, 2026 6:45 am

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

১৯ বছৰতেই শ্ৰেষ্ঠত্বৰ খিতাপ; ইতিহাস ৰচনা কৰি ফ্ৰেন্স অ’পেনৰ নতুন ৰাণী মীৰা আন্দ্ৰেভা

১৯ বছৰতেই শ্ৰেষ্ঠত্বৰ খিতাপ; ইতিহাস ৰচনা কৰি ফ্ৰেন্স অ’পেনৰ নতুন ৰাণী মীৰা আন্দ্ৰেভা

June 7, 2026 9:33 am
অভিযন্তাৰ ঘৰত তালাচী চলাই চকু কপালত উঠিল ভিজিলেন্সৰ; গণি গণি শেষ কৰিব পৰা নাই বিষয়াসকলে!

অভিযন্তাৰ ঘৰত তালাচী চলাই চকু কপালত উঠিল ভিজিলেন্সৰ; গণি গণি শেষ কৰিব পৰা নাই বিষয়াসকলে!

June 7, 2026 8:36 am
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd