DMCA.com Protection Status
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Thursday, June 8, 2023
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
NORTHEAST NOW (Assamese)
English
Home উত্তৰ-পূব অসম

৫১ হাজাৰ নহয়, ২০/২৫ হাজাৰৰ ভিতৰতে সীমাবদ্ধ থাকিব খালী পদৰ নিযুক্তি

তৃতীয় বৰ্গৰ ঘোষিত ফলাফলে প্ৰমাণ কৰিলে আশংকা কৰাৰ দৰেই হৈছে অ'ভাৰলেপিং - ডি ৱাই এফ আই

এন ই নাও নিউজ, গুৱাহাটী by এন ই নাও নিউজ, গুৱাহাটী
May 6, 2023 9:40 pm
11.9k
VIEWS
Share on FacebookShare on Twitter

আজি প্ৰকাশিত তৃতীয় বৰ্গৰ বিভাগ বিতৰণ আৰু স্নাতক- স্নাতকত্তোৰ শিক্ষক নিযুক্তিৰ চূড়ান্ত প্ৰাৰ্থী তালিকাই প্ৰমাণ কৰিছে ভয়াবহ অ’ভাৰলেপিঙৰ সমস্যা। ভাৰতৰ গণতান্ত্ৰিক যুৱ ফেডাৰেছন (ডি ৱাই এফ আই)ৰ অসম ৰাজ্যিক কমিটিয়ে আশংকা কৰা ধৰণেই হৈছে অ’ভাৰলেপিং। তৃতীয় বৰ্গৰ পদৰ বিভাগসমূহ নিৰ্দিষ্ট কৰাৰ পাছত দেখা গৈছে একেজন প্ৰাৰ্থীয়ে দুটাৰ পৰা চাৰিটা পদলৈ নিৰ্বাচিত হৈছে। একেদৰে নিশা প্ৰকাশ কৰা হাইস্কুল আৰু উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ শিক্ষকৰ ক্ষেত্ৰতো দেখা গৈছে অ’ভাৰলেপিং। একেজন প্ৰাৰ্থীয়ে চৰকাৰী উচ্চ মাধ্যমিক বিদ্যালয়, প্ৰাদেশিকীকৃত উচ্চ মাধ্যমিক বিদ্যালয়, চৰকাৰী উচ্চতৰ মাধ্যমিক বিদ্যালয় আৰু প্ৰাদেশিকীকৃত উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ শিক্ষক পদৰ বাবে বাচনিকৃত হৈছে। এই দুয়োটা বিভাগৰ ফলাফলে প্ৰমাণ কৰিছে যে চৰকাৰে গণি গণি ৫১ হাজাৰ প্ৰাৰ্থীক নিযুক্তি দিয়াৰ ঘোষণা ফুটুকাৰ ফেনত পৰিণত হ’বগৈ।  অ’ভাৰলেপিঙৰ ফলত ৫১ হাজাৰৰ ঠাইত প্ৰকৃততে ২০/২৫ প্ৰাৰ্থীৰহে নিযুক্তি হ’ব।

 ডি ৱাই এফ আইয়ে যোৱা এপ্ৰিল মাহ অৰ্থাৎ ফলাফল ঘোষণাৰ আগৰে পৰাই বিষয়টোক লৈ চৰকাৰৰ দৃষ্টি আকৰ্ষণ কৰি সমাধানৰ ৰাষ্টা মুকলি কৰিবলৈ দাবী জনাইছিল। অ’ভাৰলেপিঙৰ সমস্যা সমাধানৰ বাবে ডি ৱাই এফ আইৰ স্পষ্ট প্ৰস্তাৱ আছিল- এটা ৱেব প’ৰ্টেল মুকলি কৰি পচন্দৰ পদত অগ্ৰাধিকাৰ দিয়াৰ ব্যৱস্থা কৰা আৰু এক অপেক্ষাৰ তালিকা (Waiting list) প্ৰস্তুত কৰা। কিন্তু চৰকাৰে বিষয়টো উৰুৱাই দি অ’ভাৰলেপিঙৰ কোনো সমস্যাই নহয় বুলি ঘোষণা কৰে। আজিৰ তাৰিখত হাজাৰ হাজাৰ নিবনুৱা যুৱক-যুৱতীয়ে চৰকাৰৰ এই আন্তৰিকতাহীন আৰু চমক সৃষ্টিকাৰী নীতিৰ বাবে আশাহত হৈ পৰিছে। অকল অভাৰলেপিঙে নহয় গোটেই নিযুক্তি প্ৰক্ৰিয়াটোৰ স্বচ্ছতা আৰু নিৰপেক্ষাতকলৈও প্ৰশ্ন উদয় হৈছে। ফলাফল ঘোষণা হ’ল যদিও আজিলৈ সকলো উত্তীৰ্ণৰ এখন তালিকা, তেঁওলোকৰ প্ৰাপ্ত নম্বৰ বা কাট-অফ নম্বৰ ঘোষণা নকৰিলে। এনেবোৰ কথাই বাচনিৰ ক্ষেত্ৰত স্বজন-তোষণ হোৱাৰো গুৰুতৰ অভিযোগ উত্থাপন হৈছে।

ডি ৱাই এফ আইয়ে অসম চৰকাৰৰ ওচৰত পুনৰ দাবী উত্থাপন কৰিছে- নিযুক্তি পত্ৰ বিতৰণৰ পূৰ্বে অ’ভাৰলেপিঙৰ সমস্যা সমাধন কৰক। প্ৰাপ্ত নম্বৰসহ প্ৰাৰ্থী তালিকা প্ৰকাশ কৰি ৱেটিং লিষ্টৰ ব্যৱস্থা কৰক।অসমৰ বিজেপি চৰকাৰে নিবনুৱাৰ এই মৰ্ম বেদনা উপলদ্ধি কৰিব নোৱাৰিলে আগন্তুক সময়ত প্ৰতিৰোধ আন্দোলন গঢ়ি তুলিবলৈ আগবাঢ়ি আহিব আৰু প্ৰতাৰক চৰকাৰখনক গাদীচ্যুত হ’বলৈ বাধ্য কৰিব

Recent News

মধ্যবিত্তৰ বাবে সকাহ! ৰেপো ৰেট অপৰিৱৰ্তিত ৰাখিলে RBI-য়ে; বৃদ্ধি নাপায় ঋণৰ সুত

মধ্যবিত্তৰ বাবে সকাহ! ৰেপো ৰেট অপৰিৱৰ্তিত ৰাখিলে RBI-য়ে; বৃদ্ধি নাপায় ঋণৰ সুত

ওদালগুৰিত একেটা কুঁৱাতে পৰি ২৪ ঘন্টাত মৃত্যুক সাৱটি ল’লে দুটাকৈ হাতী পোৱালীয়ে

ওদালগুৰিত একেটা কুঁৱাতে পৰি ২৪ ঘন্টাত মৃত্যুক সাৱটি ল’লে দুটাকৈ হাতী পোৱালীয়ে

শোষণৰ চূড়ান্ত পৰ্যায় : শ্ৰমিকৰ জীৱনৰ সৈতে হেতালি খেলিছে মহানগৰ পৌৰ নিগমে

শোষণৰ চূড়ান্ত পৰ্যায় : শ্ৰমিকৰ জীৱনৰ সৈতে হেতালি খেলিছে মহানগৰ পৌৰ নিগমে

আৰক্ষীৰ জালত বাইক চোৰৰ দল : AIUDF ৰ নেতা সহ গ্ৰেপ্তাৰ ৮ টাকৈ চোৰ

আৰক্ষীৰ জালত বাইক চোৰৰ দল : AIUDF ৰ নেতা সহ গ্ৰেপ্তাৰ ৮ টাকৈ চোৰ

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd