NORTHEAST NOW (Assamese)

শিৱসাগৰত তিনিদিনীয়া কাৰ্যসূচীৰে মেগা ভেকচিনেশ্যন কাৰ্যসূচী; ৩ দিনত ২১ হেজাৰ লোকক ভেকচিন প্ৰদানৰ লক্ষ্য

June 21, 2021 3:13 pm · পাৰ্শ্বজ্যোতি গগৈ

অসম চৰকাৰৰ নিৰ্দেশনা মৰ্মে শিৱসাগৰতো আজিৰে পৰা আৰম্ভ হৈছে মেগা ভেকচিনেছন কাৰ্যসূচী।

জিলাখনৰ কোনো লোক ভেকচিন লাভৰ পৰা যাতে বাদ নপৰে তাৰ প্ৰতি লক্ষ্য ৰাখি গ্ৰহণ কৰিছে এই পদক্ষেপ।

এখন সংবাদমেল যোগে এই কথা সদৰি কৰিছিল জিলা উপায়ুক্ত বিষ্ণু কমল বৰাই।
শিৱসাগৰৰ সকলো গাওঁ, চাহ বাগান আৰু নগৰত অনুষ্ঠিত হব এই ভেকচিনেছন কাৰ্যসূচী।

তেওঁ লগতে শিৱসাগৰ জিলাত প্ৰতিদিনে ৪০ টা কেন্দ্ৰত মুঠ ৭ – ৮ হেজাৰ ( আঠ হেজাৰ ) লোকক ভেকচিন দিয়াৰ লক্ষ্য স্থিৰ কৰি লোৱা বুলি উল্লেখ কৰিছিল সংবাদমেলত ।‌

ইয়াৰে অংশস্বৰূপে কাইলৈ জিলাখনৰ জেনেৰেল এলেকাত ১৭ টা কেন্দ্ৰত আৰু ২৩ খন চাহ বাগান এলেকাত কভিড ভেকচিন প্ৰদান কৰিব ।

অহা তিনিদিনত জিলাখনত অতি কমেও ২১ হেজাৰ লোকক কভিশ্বিলড ভেকচিন প্ৰদান কৰিবলৈ চেষ্টা চলাব বুলি সংবাদমেলত জানিবলৈ দিয়ে উপায়ুক্ত গৰাকীয়ে।

ইপিনে কভিড প্ৰ’টকল কোনেও যাতে ভংগ নকৰে তাৰ বাবে অধিক কঠোৰ হ’ব বুলি স্পষ্ট কৰি দিছে জিলা আৰক্ষী অধীক্ষক ৰাকেশ ৰোছানে।

Related News