সদৌ অসম চুতীয়া ছাত্র সন্থাৰ সাধাৰণ সম্পাদক মহেন বৰাসহ কাৰাৰুদ্ধ হৈ থকা তিনি ছাত্ৰ নেতাক বিনা চৰ্তে মুক্তিৰ দাবীত কাইলৈ অৰ্থাৎ ১৮ জানুৱাৰীত ১২ ঘণ্টীয়া গোলাঘাট জিলা বন্ধ আহ্বান কৰিছে।
এই কথা গোলাঘাট জিলা চুতীয়া ছাত্ৰ সন্থাৰ সাধাৰণ সম্পাদক ৰিতু শইকীয়া, গোলাঘাট জিলা ছাত্ৰ মুক্তি সংগ্ৰাম সমিতিৰ সভাপতি মৃণাল নাথ, সম্পাদক কেশৱ বৰা আৰু অসম জাতীয়তাবাদী যুৱ পৰিষদৰ মিন্টু গগৈয়ে এক যুটীয়া প্ৰেছ বিবৃতিযোগে সদৰী কৰিছে।
উল্লেখযোগ্য যে বিজেপিৰ গোলাঘাট জিলা সমিতিৰ এক গোচৰ সংক্ৰান্তত যোৱা ৮ জানুৱাৰীৰ পৰা চুতীয়া ছাত্ৰ সন্থাৰ সম্পাদক মহেন বৰা, ছাত্ৰ মুক্তি সংগ্ৰাম সমিতিৰ কেন্দ্ৰীয় সম্পাদক বিদ্যুৎ শইকীয়া, অসম জাতীয়তাবাদী যুৱ পৰিষদৰ গোলাঘাট জিলা সমিতিৰ সাংগঠনিক সম্পাদক ৰাজীৱ লস্কৰ কাৰাবন্দী হৈ আছে।
ইয়াৰ পিছতে যোৱা ১১জানুৱাৰীৰ পৰা নাগৰিকত্ব সংশোধনী বিধেয়ক বাতিলৰ দাবীত কাৰাগাৰতে আমৰণ অনশন কৰাৰ পৰিপ্ৰেক্ষিতত তেওঁলোক অসুস্থ হৈ পৰিছিল যাৰ বাবে গোলাঘাট আসমৰিক চিকিৎসালয়ত ভৰ্তি কৰিব লগা হৈছিল।অৱশ্যে বিভিন্ন দল -সংগঠনৰ আহ্বানত যোৱা ১৪ জানুৱাৰীত উৰুকাৰ দিনা অনশন ভংগ কৰিছিল।