DMCA.com Protection Status
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Sunday, July 3, 2022
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • যুৱ-কণ্ঠ
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • যুৱ-কণ্ঠ
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
No Result
View All Result
NORTHEAST NOW (Assamese)
English
Home উত্তৰ-পূব অসম

বৰ্ষীয়ান সাংবাদিক তথা আপকুৰ প্ৰতিষ্ঠাপক সম্পাদক প্ৰধান ভবেশ বৰুৱাৰ মৃত্যুত বঙাইগাঁও প্ৰেছ ক্লাব, আপজু আৰু  জাফাৰ শোক

প্রণৱ কুমাৰ ডেকা,বঙাইগাঁও by প্রণৱ কুমাৰ ডেকা,বঙাইগাঁও
November 19, 2021 1:49 pm
126
VIEWS
Share on FacebookShare on Twitter

বৰ্ষীয়ান সাংবাদিক তথা আপকুৰ প্ৰতিষ্ঠাপক সম্পাদক প্ৰধান ভৱেশ বৰুৱাৰ মৃত্যুত বৃহত্তৰ বঙাইগাঁও প্ৰেছ ক্লাবে গভীৰ শোক প্ৰকাশ কৰিছে৷

এক শোকবাৰ্তাত প্ৰেছ ক্লাবৰ সভাপতি ৰঞ্জিত কুমাৰ শৰ্মা আৰু সাধাৰণ সম্পাদক প্ৰণৱ কুমাৰ ডেকাই কয় যে অসমৰ মফচলীয় সাংবাদিকসকলৰ জীৱন, আৰ্থিক নিৰাপত্তা আৰু প্ৰেছৰ স্বাধীনতাৰ হকে সদায় মাত মাতি অহা ভৱেশ বৰুৱা এজন নিৰ্ভীক, স্পষ্টবাদী আৰু আপোচবিহীন সাংবাদিকৰূপে নিজকে প্ৰতিষ্ঠা কৰিবলৈ সক্ষম হৈছিল ৷

তেওঁৰ মৃত্যু অসমৰ মফচলীয় সাংবাদিকতাৰ লগতে সাংবাদিক সমাজখনৰ বাবে এক অপূৰণীয় ক্ষতি বুলি উল্লেখ কৰি তেওঁৰ বিদেহ আত্মাৰ সদগতি কামনা কৰে ৷

লগতে শোকাকুল পৰিয়াল বৰ্গলৈও গভীৰ সমবেদনা জ্ঞাপন কৰে ৷ ইপিনে বিশিষ্ট সাংবাদিক, লেখক তথা ‘আপকু’ ৰ প্ৰতিষ্ঠাপক সম্পাদক ভৱেশ বৰুৱাৰ মৃত্যুত অসম প্ৰদেশ জাৰ্নেলিষ্ট ইউনিয়ন চমুকৈ আপজুৱে গভীৰ শোক প্ৰকাশ কৰিছে।

আপজুৰ কেন্দ্ৰীয় সভাপতি কুঞ্জমোহন ৰায়, কাৰ্যকৰী সভাপতি অৰূপ ৰঞ্জন বৰ্মন আৰু সাধাৰণ সম্পাদক কুন্তল কলিতাই এক শোক বাৰ্তাত অসমৰ মফছলীয় সাংবাদিকৰ সংগ্ৰামী সত্তা ভবেশ বৰুৱাৰ মৃত্যু অসমৰ সংবাদ জগতৰ বাবে এক অপুৰণীয় ক্ষতি বুলি উল্লেখ কৰিছে ৷

লগতে প্ৰয়াত বৰুৱাৰ শোক সন্তপ্ত পৰিয়াল বৰ্গলৈ গভীৰ সমবেদনা জ্ঞাপন কৰিছে আপজুৱে ৷ আনহাতে আপকুৰ প্ৰতিষ্ঠাপক সাধাৰণ সম্পাদক ভৱেশ বৰুৱাৰ বিয়োগত গভীৰ শোক প্ৰকাশ কৰিছে জাফাই ।

এক বিবৃতিত জাফাৰ কেন্দ্ৰীয় সমিতিৰ সভাপতি অভিদ্বীপ চৌধুৰী, কাৰ্যকৰী সভাপতি পংকজ ডেকা আৰু সম্পাদক প্ৰধান কুঞ্জ মোহন ৰায়ে কয় যে — জ্যেষ্ঠ সাংবাদিক ভবেশ বৰুৱাৰ মৃত্যু অসমৰ সাংবাদিক সমাজৰ বাবে এক অপূৰণীয় ক্ষতি ।

তেখেতৰ মৃত্যুত সাংবাদিক সমাজে এক বলিষ্ট কণ্ঠৰ আৰু দূৰদৰ্শী , উদাৰ মনোভাৱৰ ব্যক্তি হেৰুৱালে । জাফাৰ নেতৃত্বই শোকাকুল পৰিয়াল বৰ্গলৈও গভীৰ সমবেদনা জ্ঞাপন কৰে ।

Recent News

Assam Career

Assam Career : ARIAS Societyৰ নিয়োগ জাননী প্ৰকাশ, কিদৰে কৰিব আবেদন?

মুম্বাইত ভাৰতীয় ৰে’লৱেই মুকলি কৰিলে দ্বিতীয় খন শ্লিপিং পড হোটেল

মুম্বাইত ভাৰতীয় ৰে’লৱেই মুকলি কৰিলে দ্বিতীয় খন শ্লিপিং পড হোটেল

গল্পকাৰ বিপুল খাটনিয়াৰৰ মৃত্যুৰ বৰ্ষপূৰ্তিত বক্তৃতানুষ্ঠানৰ আয়োজন

গল্পকাৰ বিপুল খাটনিয়াৰৰ মৃত্যুৰ বৰ্ষপূৰ্তিত বক্তৃতানুষ্ঠানৰ আয়োজন

শ্ৰেণী কোঠাৰ সলনি যুদ্ধক্ষেত্ৰৰ বাংকাৰৰ পৰাই ছাত্ৰী-ছাত্ৰীৰ বাবে অনলাইন ক্লাছ কৰিছে এগৰাকী ’অধ্যাপক সেনাই’!

শ্ৰেণী কোঠাৰ সলনি যুদ্ধক্ষেত্ৰৰ বাংকাৰৰ পৰাই ছাত্ৰী-ছাত্ৰীৰ বাবে অনলাইন ক্লাছ কৰিছে এগৰাকী ’অধ্যাপক সেনাই’!

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • যুৱ-কণ্ঠ
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd