• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Friday, August 7, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home Popular Stories

প্ৰকৃতিক ধ্বংসলীলা! ধাৰাবাহিক ভূমিকম্পত কঁপি উঠিল ভেনিজুৱেলা, জৰুৰী অৱস্থা ঘোষণা

৭.২ আৰু ৭.৫ প্ৰাৱল্যৰ ভূমিকম্পৰ ফলত কাৰাকাছত খহি পৰিল বহু অট্টালিকা, চাইমন বলিভাৰ আন্তঃৰাষ্ট্ৰীয় বিমানবন্দৰৰ ব্যাপক ক্ষতিসাধন, ত্ৰাণ আৰু উদ্ধাৰ অভিযান অব্যাহত

এন ই নাও নিউজ, গুৱাহাটী by এন ই নাও নিউজ, গুৱাহাটী
June 25, 2026 10:29 am
Photo Credit Reuters

Photo Credit Reuters

59
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

বুধবাৰে নিশা দক্ষিণ আমেৰিকাৰ ৰাষ্ট্ৰ ভেনিজুৱেলাত ধাৰাবাহিক দুটাকৈ অতি শক্তিশালী ভূমিকম্পই দেশখনত ব্যাপক ধ্বংসলীলাৰ সৃষ্টি কৰিছে। ৰাজধানী কাৰাকাছ আৰু ইয়াৰ দাঁতিকাষৰীয়া অঞ্চলত আঘাত হনা ৭.২ আৰু ৭.৫ প্ৰাৱল্যৰ এই ভূমিকম্পৰ ফলত বহুতো অট্টালিকা খহি পৰাৰ লগতে সমগ্ৰ দেশতে এক আতংকময় পৰিৱেশৰ সৃষ্টি হয়। পৰিস্থিতিৰ ভয়াৱহতাৰ প্ৰতি লক্ষ্য ৰাখি ভেনিজুৱেলাৰ ভাৰপ্ৰাপ্ত ৰাষ্ট্ৰপতি ডেলচি ৰড্ৰিগেজে দেশজুৰি জৰুৰী অৱস্থা ঘোষণা কৰিছে। আমেৰিকা যুক্তৰাষ্ট্ৰৰ ভূতাত্ত্বিক জৰীপ বিভাগে প্ৰকাশ কৰা অনুসৰি এই প্ৰাকৃতিক দুৰ্যোগত দহ হাজাৰৰ পৰা এক লাখ পৰ্যন্ত লোকৰ প্ৰাণহানি হোৱাৰ গুৰুতৰ আশংকা কৰা হৈছে।

আমেৰিকা যুক্তৰাষ্ট্ৰৰ ভূতাত্ত্বিক জৰীপ বিভাগৰ তথ্য অনুসৰি, প্ৰথমটো ৭.২ প্ৰাৱল্যৰ ভূমিকম্পৰ অভিকেন্দ্ৰ আছিল কাৰাকাছৰ পৰা প্ৰায় ১৬৮ কিলোমিটাৰ পশ্চিমে অৱস্থিত মৰন অঞ্চলত, যাৰ গভীৰতা আছিল ২১.৯ কিলোমিটাৰ। এই প্ৰথমটো জোকাৰণিৰ মাত্ৰ ৩৯ ছেকেণ্ডৰ পাছতেই ৭.৫ প্ৰাৱল্যৰ আৰু ১০ কিলোমিটাৰ গভীৰতাৰ আন এটা মূল ভূমিকম্পই দেশখনত আঘাত হানে। বিভাগটোৱে এই ভূমিকম্প দুটাক ক্ৰমে ফৰশ্বক আৰু মেইনশ্বক বুলি অভিহিত কৰিছে আৰু ইয়াৰ পাছতো ২০টাতকৈয়ো অধিক পৰৱৰ্তী জোকাৰণি অনুভূত হয়। এই প্ৰবল জোকাৰণিৰ ফলত দেশখনৰ প্ৰধান আন্তঃৰাষ্ট্ৰীয় প্ৰৱেশদ্বাৰ চাইমন বলিভাৰ আন্তঃৰাষ্ট্ৰীয় বিমানবন্দৰৰ আন্তঃগাঁথনিৰ বিস্তৰ ক্ষতিসাধন হয় আৰু ছাদৰ একাংশ খহি পৰাৰ পৰিপ্ৰেক্ষিতত বিমানবন্দৰটো সাময়িকভাৱে বন্ধ কৰি দিয়া হয়। ইয়াৰ উপৰি ভূমিকম্পৰ ফলত বিভিন্ন স্থানত ভূমিস্খলনৰো সৃষ্টি হৈছে।

Apply Now

ভাৰপ্ৰাপ্ত ৰাষ্ট্ৰপতি ৰড্ৰিগেজে এক ভাষণযোগে দেশবাসীক শান্ত হৈ থাকিবলৈ আৰু ঐক্যবদ্ধ হ‘বলৈ আহ্বান জনাইছে। তেওঁ আহতসকলক চিকিৎসা প্ৰদানৰ বাবে দেশৰ সকলো স্বাস্থ্যকৰ্মীক ততাতৈয়াকৈ চিকিৎসালয়সমূহত উপস্থিত হ‘বলৈ নিৰ্দেশ দিয়াৰ লগতে শিক্ষানুষ্ঠানসমূহ কেইবাদিনৰ বাবে বন্ধ ঘোষণা কৰিছে। আনহাতে, ফালকন প্ৰদেশৰ গভৰ্ণৰ ভিক্টৰ ক্লাৰ্কে জানিবলৈ দিয়া মতে, প্ৰদেশখনত ৩২ জন লোকক চিকিৎসালয়ত ভৰ্তি কৰোৱা হৈছে আৰু ভূমিকম্পৰ চাৰি ঘণ্টাৰ পাছতো ১৫ জন লোক আৱদ্ধ হৈ আছে। কাৰাকাছৰ চাকাও পৌৰসভাৰ মেয়ৰ গুস্তাভ‘ ডুকে প্ৰকাশ কৰে যে অঞ্চলটোত কেইবাটাও অট্টালিকা খহি পৰিছে আৰু কেৱল এটা অট্টালিকাৰ পৰাই ১৮ জন জীৱিত লোকক উদ্ধাৰ কৰা হৈছে। পৰৱৰ্তী জোকাৰণিৰ আশংকা থকাৰ বাবে তেওঁ জনসাধাৰণক মুকলি স্থানত আশ্ৰয় ল‘বলৈ পৰামৰ্শ দিছে।

বিগত এশ বছৰৰ ভিতৰত আটাইতকৈ শক্তিশালী বুলি বিবেচিত এই ভূমিকম্পই ১৯৬৭ চনত কাৰাকাছত আঘাত হনা ৬.৩ প্ৰাৱল্যৰ মাৰাত্মক ভূমিকম্পৰ স্মৃতি সতেজ কৰি তুলিছে। আশী বছৰীয়া বৃদ্ধা মাৰিয়া ৰোমেৰোৰ মতে এই ভূমিকম্প ১৯৬৭ চনৰ ভূমিকম্পতকৈয়ো ভয়ংকৰ আছিল।

এই চৰম সংকটৰ সময়ত আমেৰিকা যুক্তৰাষ্ট্ৰই ভেনিজুৱেলাৰ জনসাধাৰণলৈ সহায়ৰ হাত আগবঢ়াইছে। আমেৰিকাৰ উপ-পৰৰাষ্ট্ৰ মন্ত্ৰী ক্ৰিষ্টোফাৰ লণ্ডাউৱে সামাজিক মাধ্যমৰ জৰিয়তে প্ৰকাশ কৰিছে যে তেওঁলোক ভেনিজুৱেলাৰ কৰ্তৃপক্ষৰ সৈতে নিৰন্তৰ যোগাযোগত আছে আৰু সাহায্য প্ৰেৰণৰ ব্যৱস্থা কৰিছে। বৰ্তমান ভেনিজুৱেলাৰ প্ৰশাসনে উদ্ধাৰকাৰী দলৰ নিৰন্তৰ প্ৰচেষ্টাত ধ্বংসাৱশেষৰ মাজত আৱদ্ধ লোকসকলক সুৰক্ষিতভাৱে উলিয়াই অনাৰ লগতে চিকিৎসা সেৱা আৰু সাহায্য প্ৰদানৰ কাৰ্যপন্থা ক্ষিপ্ৰতৰ কৰি তুলিছে।

 

এন ই নাও নিউজ, গুৱাহাটী

এন ই নাও নিউজ, গুৱাহাটী

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

জেন-জি নেত্ৰী কুংকি চৌধুৰীক অজাপৰ কেন্দ্ৰীয় যুটীয়া সম্পাদক তথা মুখপাত্ৰ হিচাপে নিযুক্তি

জেন-জি নেত্ৰী কুংকি চৌধুৰীক অজাপৰ কেন্দ্ৰীয় যুটীয়া সম্পাদক তথা মুখপাত্ৰ হিচাপে নিযুক্তি

August 7, 2026 8:15 am
য়েমেনৰ চৰকাৰী নিৰাপত্তা বাহিনীৰ ওপৰত হাউথী গোষ্ঠীৰ মাৰাত্মক আক্ৰমণ; কমেও ৩০ জন নিহত

য়েমেনৰ চৰকাৰী নিৰাপত্তা বাহিনীৰ ওপৰত হাউথী গোষ্ঠীৰ মাৰাত্মক আক্ৰমণ; কমেও ৩০ জন নিহত

August 7, 2026 7:38 am
ৰণবীৰৰ আগতে ‘ৰাম’ৰ চৰিত্ৰত অভিনয় কৰিছিল ছলমানে, ‘সীতা’ৰ চৰিত্ৰত সোণালী; কিয় মুক্তি নাপালে ‘ৰামায়ণ’?

ৰণবীৰৰ আগতে ‘ৰাম’ৰ চৰিত্ৰত অভিনয় কৰিছিল ছলমানে, ‘সীতা’ৰ চৰিত্ৰত সোণালী; কিয় মুক্তি নাপালে ‘ৰামায়ণ’?

August 6, 2026 8:57 pm
“কোনে ঘূৰাই দিব জীৱনৰ ২২ টা বছৰ?” তিনিটা হত্যাৰ অভিযুক্তক কাৰামুক্তৰ নিৰ্দেশ উচ্চতম ন্যায়ালয়ৰ

“কোনে ঘূৰাই দিব জীৱনৰ ২২ টা বছৰ?” তিনিটা হত্যাৰ অভিযুক্তক কাৰামুক্তৰ নিৰ্দেশ উচ্চতম ন্যায়ালয়ৰ

August 6, 2026 8:06 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

জেন-জি নেত্ৰী কুংকি চৌধুৰীক অজাপৰ কেন্দ্ৰীয় যুটীয়া সম্পাদক তথা মুখপাত্ৰ হিচাপে নিযুক্তি

জেন-জি নেত্ৰী কুংকি চৌধুৰীক অজাপৰ কেন্দ্ৰীয় যুটীয়া সম্পাদক তথা মুখপাত্ৰ হিচাপে নিযুক্তি

August 7, 2026 8:15 am
য়েমেনৰ চৰকাৰী নিৰাপত্তা বাহিনীৰ ওপৰত হাউথী গোষ্ঠীৰ মাৰাত্মক আক্ৰমণ; কমেও ৩০ জন নিহত

য়েমেনৰ চৰকাৰী নিৰাপত্তা বাহিনীৰ ওপৰত হাউথী গোষ্ঠীৰ মাৰাত্মক আক্ৰমণ; কমেও ৩০ জন নিহত

August 7, 2026 7:38 am
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd