অকাল মৃত্যু! প্ৰবীণ অভিনেতা ৰাজেন্দ্ৰ প্ৰসাদে হেৰুৱালে নিজৰ ৩৮ বছৰীয়া কন্যাক

অকালতে প্ৰাণ হেৰুৱালে প্ৰবীণ অভিনেতা ৰাজেন্দ্ৰ প্ৰসাদৰ কন্যা গায়ত্ৰীয়ে। শনিবাৰে পুৱতি নিশা বুকুৰ বিষ হৈ মৃত্যুক সাৱটি লয় অভিনেতাগৰাকীৰ তৰুণ কন্যাই।

জানিব পৰা মতে, নিশা হঠাতে বুকুত তীব্ৰ বিষ অনুভৱ হয় গায়ত্ৰীৰ। তাৰপিছত তেওঁক হায়দৰাবাদৰ এখন ব্যক্তিগত চিকিৎসালয়লৈ লৈ যোৱা হয়। কিন্তু চিকিৎসকে চিকিৎসা কৰি থকাৰ সময়তে তেওঁৰ মৃত্যু হয়।

উল্লেখ্য যে এই সমগ্ৰ ঘটনাৰ সময়ত ৰাজেন্দ্ৰ প্ৰসাদ ব্যস্ত হৈ আছিল এখন চিনেমাৰ শ্বুটিঙত। খবৰ লাভ কৰি তেওঁ ততাতৈয়াকৈ চিকিৎসালয়লৈ আহে যদিও কন্যাৰ মৃতদেহহে পায়হি।

খবৰ অনুসৰি গায়ত্ৰীয়ে প্ৰথমে গেষ্ট্ৰিকৰ অস্বস্তিৰ সন্মুখীন হৈছিল আৰু সেইবাবে চিকিৎসালয়লৈ লৈ যোৱা হৈছিল। কিন্তু নিশা ১২:৪০ বজাত এটা ডাঙৰ হাৰ্ট এটেক হয়, আৰু চিকিৎসকৰ বহু চেষ্টাৰ পিছতো তেওঁক ৰক্ষা কৰিব পৰা নগ’ল।

পূৰ্বতে পৰিয়ালৰ অমতত প্ৰেম বিবাহ কৰাৰ বাবে গায়ত্ৰীৰ লগত সম্পৰ্ক বেয়া হৈছিল ৰাজেন্দ্ৰ প্ৰসাদৰ। কিন্তু পিছত আকৌ কন্যাৰ লগত সম্পৰ্ক ভাল হৈছিল আৰু জী-জোৱাইক আদৰি লৈছিল।

মৃত্যুৰ সময়ত গায়ত্ৰীৰ বয়স আছিল ৩৮ বছৰ। শিশু শিল্পী হিচাপে অভিনয় কৰা এটি কণমাণি কন্যা সন্তানৰ মাতৃ গায়ত্ৰী। আজি হায়দৰাবাদত শেষকৃত্য সম্পন্ন কৰা হ’ব গায়ত্ৰীৰ।