“উলঝন” আৰু “চেহৰে পে চেহৰা”ৰ দৰে চিনেমাৰ বাবে পৰিচিত প্ৰবীণ অভিনেত্ৰী তথা সুকণ্ঠী গায়িকা সুলক্ষণা পণ্ডিতৰ হৃদযন্ত্ৰৰ ক্ৰিয়া বন্ধ হৈ বৃহস্পতিবাৰে মৃত্যু হয়। মৃত্যুৰ সময়ত পণ্ডিতৰ বয়স আছিল ৭১ বছৰ।
অসুস্থ হৈ পৰা সুলক্ষণাক নানাৱতী হস্পিতাললৈ নিয়াৰ সময়তে দেহাৱসান ঘটে। ভাতৃ ললিত পণ্ডিতে সংবাদ সংস্থা পিটিআইক জনোৱা মতে, “সন্ধিয়া ৭ বজাৰ ওচৰে-পাজৰে হৃদযন্ত্ৰৰ ক্ৰিয়া বন্ধ হোৱাৰ বাবে তেওঁৰ মৃত্যু হয়। আমি তেওঁক নানাৱতী চিকিৎসালয়লৈ লৈ গৈ আছিলো যদিও আমি চিকিৎসালয় পোৱাৰ আগতেই তেওঁৰ মৃত্যু হৈছিল।”
উল্লেখ্য যে ১৯৭৫ চনত সঞ্জীৱ কুমাৰৰ সৈতে বলীউডত “উলझन” ছবিৰে অভিষেক ঘটোৱা সুলক্ষণাই পৰৱৰ্তী সময়ত ৰাজেশ খান্না, শশী কাপুৰ আৰু বিনোদ খান্নাকে ধৰি সেই সময়ৰ প্ৰায় সকলো শীৰ্ষ তাৰকাৰ সৈতে কাম কৰে।
পণ্ডিতৰ আন আন প্ৰধান চিনেমাসমূহ হ‘ল “সংকোচ”, “হেৰা ফেৰী”, “খান্দান” আৰু “ধৰম কান্তা”।
সুকণ্ঠী গায়িকা হিচাপেও পণ্ডিতে “তু হি সাগৰ তু হি কিনাৰা”, “পৰ্দেচিয়া তেৰে দেশ মেইন”, “বেকৰাৰ দিল টুট গয়া”, “বান্ধি ৰে কহে প্ৰীত”, আৰু “সোমবাৰ কো হাম মিলে” আদি গীতত নিজৰ কণ্ঠদান কৰিছিল।
ন বছৰ বয়সৰ পৰাই গান গাবলৈ আৰম্ভ কৰা সুলক্ষণা পণ্ডিতে ভাতৃ মন্দিৰৰ সৈতে সংগীতৰ যাত্ৰা আৰম্ভ কৰিছিল।




