তেওঁ বিজেপিৰ অন্যতম জ্যেষ্ঠ নেতা। তেওঁ দলটোৰ প্ৰাক্তন সৰ্বভাৰতীয় সভাপতিও। অটল বিহাৰী বাজপেয়ী চৰকাৰত তেওঁ মানৱ সম্পদ উন্নয়ন মন্ত্ৰী হিচাপে শিক্ষা বিভাগৰ গুৰুত্বপূৰ্ণ দায়িত্ব চম্ভালিছিল।
কিন্তু ২০১৪ চনত নৰেন্দ্ৰ মোডী চৰকাৰ ক্ষমতালৈ অহাৰ পিছত তেওঁক দলৰ নতুনকৈ সৃষ্টি কৰা ‘মাৰ্গদৰ্শক মণ্ডল’ত স্থান দিয়া হয়। অভিযোগ উঠিছিল যে লাল কৃষ্ণ আদৱানীৰ দৰে তেওঁকো দলৰ সক্ৰিয় ৰাজনীতিৰ পৰা প্ৰায় সন্ন্যাসলৈ পঠিওৱা হয়। এটা দশকৰ পাছত মুৰলী মনোহৰ যোশীয়ে নৰেন্দ্ৰ মোডী চৰকাৰৰ শিক্ষা নীতিক লৈ গুৰুতৰ প্ৰশ্ন উত্থাপন কৰিছে।
শেহতীয়া প্ৰশ্নকাকত ফাদিল বিষয়টোক লৈ বিজেপিৰ জ্যেষ্ঠ নেতাগৰাকীয়ে অভিযোগ উত্থাপন কৰিছে যে এই কেলেংকাৰীত চৰকাৰ নিজেই জড়িত! বৰ্তমানৰ মোডী চৰকাৰক ইতিহাস সোঁৱৰাই জ্যেষ্ঠ নেতাগৰাকীৰ কটাক্ষ, বাজপেয়ীজীৰ সময়ত কিয় প্ৰশ্নকাকত ফাদিল হোৱা নাছিল?
প্ৰসংগক্ৰমে নীট প্ৰশ্নকাকত ফাদিল বিষয়ক লৈ জেন-জি আন্দোলনৰ বাবে মোডী চৰকাৰ সমস্যাত পৰিছে। কেন্দ্ৰীয় শিক্ষামন্ত্ৰীৰ পদৰ পৰা পদত্যাগ কৰিবলগীয়া হৈছে ধৰ্মেন্দ্ৰ প্ৰধানে। শিক্ষানুষ্ঠানসমূহত নূন্যতম আন্তঃগাঁথনিৰ অভাৱৰ প্ৰতিবাদত জেন- আলফাইও ৰাজপথলৈ ওলাই আহিছে। এনে পৰিস্থিতিত মুৰলী মনোহৰ যোশীৰ দৰে জ্যেষ্ঠ নেতা সৰৱ হোৱাত মোডী চৰকাৰৰ বিড়ম্বনা বাঢ়িছে বুলি ধাৰণা কৰা হৈছে।
এখন হিন্দী দৈনিকক দিয়া সাক্ষাৎকাৰত যোশীয়ে এটাৰ পিছত এটাকৈ বিস্ফোৰক মন্তব্য কৰিছিল। তেওঁ মোডী চৰকাৰৰ শিক্ষা নীতি আৰু শিক্ষা ব্যৱস্থাৰ দিশক লৈ গুৰুতৰ প্ৰশ্ন উত্থাপন কৰিছে। শিক্ষাখণ্ডলৈ আবণ্টন হ্ৰাস পোৱা, সমগ্ৰ দেশৰ হাজাৰ হাজাৰ চৰকাৰী বিদ্যালয় বন্ধ হোৱা, শিক্ষা খণ্ডৰ ব্যক্তিগতকৰণ বৃদ্ধি পোৱা, প্ৰশ্নকাকত ফাদিল হোৱা আৰু অবাধ দুৰ্নীতিৰ অভিযোগৰ সন্দৰ্ভত তেওঁ উদ্বেগ প্ৰকাশ কৰে।
জ্যেষ্ঠ বিজেপি নেতাগৰাকীয়ে কেন্দ্ৰক আক্ৰমণ কৰি কয় যে শিক্ষা চৰকাৰৰ অগ্ৰাধিকাৰ তালিকাত নাই। শিক্ষা খণ্ডলৈ বাজেট আবণ্টন হ্ৰাস পাইছে। লুকঢাক নকৰাকৈ যোশীৰ প্ৰশ্ন, ‘বিকশিত ভাৰতত তেন্তে ‘বিকশিত’ শব্দৰ অৰ্থ কি?’ আপুনি স্কুল সাজিছে। কিন্তু তাত শিক্ষক-শিক্ষয়িত্ৰী নাই। ছাত্ৰ-ছাত্ৰীসকলে তেনেহ’লে কি কৰিব? আপুনি কলেজ নিৰ্মাণ কৰাৰ দাবী কৰিছে… কিন্তু চাকৰি ক’ত?’ আনকি পূৰ্বৰ চৰকাৰে প্ৰণয়ন কৰিলে বুলিয়েই শিক্ষা নীতি সলনি কৰাৰ প্ৰয়োজন নাই বুলিও তেওঁ মন্তব্য কৰে।
প্ৰশ্নকাকত ফাদিল হোৱা ঘটনাটোক কেবল পৰীক্ষা ব্যৱস্থাৰ দুৰ্বলতা বুলি অভিহিত কৰিবলৈও যোশী অনিচ্ছুক। বৰঞ্চ তেওঁৰ মতে, যেতিয়া মানুহে সকলো ক্ষেত্ৰতে ধন আৰু দুৰ্নীতিৰ আধিপত্য বিস্তাৰ কৰা দেখিছে, তেতিয়া তেওঁলোকেও ভুল পথ ল’বলৈ আৰম্ভ কৰে। ইয়াৰ চূড়ান্ত দায়িত্ব শেষত চৰকাৰ আৰু ব্যৱস্থাৰ ওপৰত নিৰ্ভৰশীল। যেতিয়া এজন ছাত্ৰই দেখে যে তেওঁৰ শিক্ষকে উৎকোচৰ জৰিয়তে পদটো পাইছিল, তেতিয়া তেওঁৱো ভাবিব পাৰে, মইও একেদৰে কিয় সফল হ’ব নোৱাৰো? যেতিয়া মন্ত্ৰী আৰু উচ্চ পদস্থ বিষয়াৰ লগতে ন্যায়পালিকাৰ সদস্যৰ বিৰুদ্ধেও অভিযোগ উঠে, তেতিয়া কোনোৱে এইটোৱেই সঠিক পথ বুলি ভাবিবই পাৰে। আপুনি নিজেই এই পথটো সৃষ্টি কৰিছে, আৰু এতিয়া আপুনি জানিব বিচাৰিছে যে কিয় এনেকুৱা হৈছে? গতিকে, দোষ এই কম বয়সীয়াসকলৰ নহয়। দোষ আমাৰ।’
বিজেপিৰ জ্যেষ্ঠ নেতাগৰাকীৰ মতে শিক্ষা আৰু কৰ্মসংস্থাপনৰ মাজত এক যোগসূত্ৰ সৃষ্টি কৰাটো প্ৰয়োজনীয়। যদি আৰ্থিক সুফলে নাপায় তেন্তে শিক্ষাৰ মূল্য ক’ত? নতুন নতুন মহাবিদ্যালয় স্থাপন কৰা হৈছে, কিন্তু স্নাতক হোৱাৰ পিছত যুৱক-যুৱতীসকলৰ বাবে কৰ্মসংস্থাপনৰ সুযোগ সৃষ্টিৰ বিষয়টো বিবেচনা কৰা হোৱা নাই। একমাত্ৰ চৰকাৰী চাকৰিৰ বাহিৰে আজীৱন নিৰাপত্তা সুনিশ্চিত কৰিব পৰা আন কোনো কৰ্মসংস্থাপনৰ সুযোগ নাই।





