অসমত ক্ৰীড়াৰ পৰিৱেশ উত্তৰণত বিশেষ ভূমিকা গ্ৰহণ কৰা প্ৰবীণ ক্ৰীড়া সাংবাদিক, সংগঠক তথা ধাৰাভায্যকাৰ প্ৰেমধৰ শৰ্মাৰ বৃহস্পতিবাৰে সন্ধিয়া দেহাৱসান ঘটে। মৃত্যুৰ সময়ত তেওঁৰ বয়স আছিল ৮৬ বছৰ। দীৰ্ঘদিন ধৰি তেওঁ অসুস্থ হৈ আছিল।
পৰিয়ালৰ লোকে জনোৱা মতে, নিশা প্ৰায় ৮ বজাত শৰ্মাই শেষ নিশ্বাস ত্যাগ কৰে। মৃত্যুৰ সময়ত তেওঁ পত্নী, এগৰাকী কন্যা আৰু দুজন পুত্ৰক এৰি থৈ যায়।
তেওঁ পাঁচ দশকৰো অধিক সময়ৰ কেৰিয়াৰত একেৰাহে খেলুৱৈ, ৰেফাৰী, আয়োজক, সাংবাদিক আৰু ধাৰাভায্যকাৰ হিচাপে ক্ৰীড়াক্ষেত্ৰখনত সেৱা আগবঢ়াইছিল।
১৯৬৫ চনত তেওঁ অসমীয়া দৈনিক কাকত দৈনিক অসমৰ প্ৰথম ক্ৰীড়া সাংবাদিক হিচাপে যোগদান কৰে। প্ৰায় চাৰি দশক কাকতখনত সেৱা আগবঢ়োৱাৰ পিছত ২০০৪ চনত সহকাৰী সম্পাদক হিচাপে অৱসৰ গ্ৰহণ কৰে।
১৯৮২ চনৰ নতুন দিল্লীত অনুষ্ঠিত এছিয়ান গেমছ আৰু ১৯৮৭ চনত ৰিলায়েন্স বিশ্বকাপকে ধৰি কেইবাটাও ডাঙৰ ৰাষ্ট্ৰীয় আৰু আন্তঃৰাষ্ট্ৰীয় ক্ৰীড়া প্ৰতিযোগিতাৰ বাতৰি পৰিৱেশন কৰিছিল। ১৯৯৬ চনত হিৰো কাপ আৰু উইলছ ট্ৰফীৰ দৰে প্ৰতিযোগিতাৰ বিষয়েও প্ৰতিবেদন দিছিল।
বিশিষ্ট সাংবাদিক শৰ্মাই বিভিন্ন আন্তঃৰাষ্ট্ৰীয় মঞ্চত ভাৰতক প্ৰতিনিধিত্ব কৰিছিল। ১৯৯২ চনত ব্ৰাজিলৰ ৰিঅ’ ডি জেনেইৰ’ত অনুষ্ঠিত হোৱা পৃথিৱী সন্মিলনত তেতিয়াৰ প্ৰধানমন্ত্ৰী পি ভি নৰসিংহ ৰাওৰ সৈতে অংশগ্ৰহণ কৰা সংবাদ মাধ্যমৰ প্ৰতিনিধি দলৰ অংশ আছিল। সেই বছৰতে তেওঁ দক্ষিণ কোৰিয়াৰ ছিউলত এছিয়ান স্প’ৰ্টছ প্ৰেছ ইউনিয়নৰ ৯৭ সংখ্যক কংগ্ৰেছত ভাৰতক প্ৰতিনিধিত্ব কৰিছিল। শৰ্মাই ২০০২ চনত কানাডাৰ ক্যুবেক চহৰত অনুষ্ঠিত হোৱা শীতকালীন অলিম্পিকতো অংশগ্ৰহণ কৰিছিল।
তেওঁ গুৱাহাটী ক্ৰীড়া সন্থা, অসম ফুটবল সন্থা, অসম অলিম্পিক সন্থা, অসম ক্ৰিকেট সন্থা, অসম টেবুল টেনিছ সন্থা, সদৌ অসম কাবাডী সন্থা আৰু অসম ক্ৰীড়া সাংবাদিক সন্থাকে ধৰি কেইবাটাও ক্ৰীড়া সংস্থা আৰু সংগঠনৰ সৈতে ওতঃপ্ৰোতভাৱে জড়িত আছিল। গুৱাহাটী প্ৰেছ ক্লাবৰ সৈতেও দীৰ্ঘদিনীয়া সম্পৰ্ক বজাই ৰাখি ভাৰতীয় ক্ৰীড়া সাংবাদিক ফেডাৰেচনৰ কোষাধ্যক্ষ হিচাপেও কাৰ্যনিৰ্বাহ কৰিছিল।
প্ৰেমধৰ শৰ্মা ক্ৰীড়া ধাৰভায্যকাৰ হিচাপে অসমৰ এটি অতি পৰিচিত নাম। বৰদলৈ ট্ৰফীৰ খেলৰ সময়ত ফুটবল অনুৰাগীৰ মাজত তেওঁৰ ধাৰাভায্যই সুকীয়া স্থান লাভ কৰিছিল। তেওঁ কটন কলেজিয়েট হাইস্কুল, কটন কলেজ আৰু গুৱাহাটী বিশ্ববিদ্যালয়ত অধ্যয়ন কৰিছিল।





