বিভিন্ন জনে বিভিন্ন সময়ত বিভিন্ন প্ৰকাৰে নিজৰ পাৰদৰ্শিতা দেখোৱাই দেশত সুনাম কঢ়িয়াই আনিবলৈ সক্ষম হৈছে। এসময়ৰ বিখ্যাত বিখ্যাত থিয়েটাৰত ভায়লিন বজাই জীৱিকা নিৰ্বাহ কৰা অৰ্থাৎ কবলৈ গ লে সেই সময়ৰ ভায়লিন মাষ্টাৰ জন আজি অসহায়। যাৰ ভায়লিনৰ সুৰে দেউলীয়া কৰিছিল দৰ্শকক। সেই জন ব্যক্তি হল বৰ্তমান বাক্সা জিলাৰ নিবাসী উমেশ বৰ্মন। সকলোয়ে যাক উপানন্দ ব্ৰহ্মচাৰী বুলিয়েই জানে৷
প্ৰায় ৯৫ বছৰ গৰকা এইজন ভায়লিন বাদক আজি সম্বলহীন । আজিও শিল্পীজনৰ ভায়োলিন বাদনৰ শিষ্যই ভ্ৰাম্যমানৰ লগতে সাংস্কৃতিক জগতত ভায়োলিন বজাই জীৱিকা নিৰ্বাহ কৰি আছে বুলি জানিবলৈ দিয়ে পৰিয়ালবৰ্গই।
অসমৰ বিখ্যাত সংগীত শিল্পী প্ৰয়াত প্ৰতিমা পাণ্ডেকে ধৰি বহু বিখ্যাত শিল্পীৰ সৈতে অনুষ্ঠান পৰিৱেশন কৰিবলৈ সুবিধা পোৱা এইগৰাকী শিল্পীৰ এতিয়া এই সংসাৰখনত জীয়াই থকাটোৱোই কঠিন হৈ পৰিছে ৷ ১৯২৩ চনত বাক্সা জিলাৰ উন্নিগুৰিত জন্ম গ্ৰহণ কৰা এই শিল্পীজনে আজিৰ পৰা প্ৰায় ৩০ বছৰ আগতে বাক্সা জিলাৰে চুক্ৰংবাৰীত থাকিবলৈ লয়৷ কিন্তু বৰ্তমান শিল্পীজনৰ নাজল-নাথল অৱস্থা হৈছে। থকাৰ বাবে এটা ঘৰ আছে যদিও এজাক বৰষুণ আহিলে ঘৰৰ মজিয়াত বানপানী হয়। শিল্পীগৰাকীৰ থকাৰ বাবে নাই এটা ভাল ঘৰ। পোৱা নাই বয়স অনুপাতে লাভ কৰিবলগীয়া চৰকাৰী সা-সুবিধা। এসময়ৰ সংগীত সাধক শিল্পীগৰাকীয়ে টকাৰ অভাৱত আজি এসাঁজ ভালকৈ খাবলৈ নাপায় ৷
উল্লেখ্য যে ২০০৭ চনৰ ১৫ আগষ্টত অসম চৰকাৰৰ পৰা এককালীন সাহায্য লাভ কৰে শিল্লী উমেশ বৰ্মনে। এককালীন চৰকাৰী সাহাৰ্য্য পোৱা শিল্পীগৰাকীয়ে কিন্তু আজি পৰ্যন্ত পোৱা নাই শিল্পী পেঞ্চন।
এতিয়াওঁ চৰকাৰৰ সঁহাৰিৰ অপেক্ষাত আছে এইগৰাকী সহায় সম্বলহীন শিল্পী। জীৱনৰ অন্তিম সময়ত চৰকাৰে যাতে বয়োজেষ্ঠ শিল্পী গৰাকীলৈ যিকোনো প্ৰকাৰে সহায় আগবঢ়ায় তাৰ বাবে অনুৰোধ জনায় পৰিয়ালবৰ্গৰ লগতে স্থানীয় ৰাইজে। তাৰোপৰি যদি কোনো হৃদয়বান ব্যক্তিয়ে এইজন ব্যক্তিলৈ সহায় কৰিব বিচাৰে তেন্তে শিল্পীগৰাকীৰ নাতি ধ্ৰুৱৰাজ পাঠকৰ লগত যোগাযোগ কৰিব পাৰে। যোগাযোগ নম্বৰ-8811844553 ত নাইবা 9957266297 ।
