• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Thursday, July 9, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home দেশ

চিকিৎসালয়ৰ মজিয়াত পৰি ৰ’ল তেজেৰে তুমুৰলি আঘাতপ্ৰাপ্ত ব্যক্তি: কুকুৰে চেলেকি গ’ল তেজ, নিৰ্বিকাৰ কৰ্তৃপক্ষ

এন ই নাও নিউজ, গুৱাহাটী by এন ই নাও নিউজ, গুৱাহাটী
November 7, 2022 4:37 pm
Uttar Pradesh hospital viral video
1
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

গুৰুতৰ ভাৱে আঘাতপ্ৰাপ্ত হৈ চিকিৎসালয়ৰ মাটিত পৰি আছে এগৰাকী ব্যক্তি। শৰীৰৰ কেইবাটাও অংশৰ পৰা বৈ আছে তেজ, আৰু এটা কুকুৰ সেই তেজৰ মাজেৰে পাৰ হৈ গৈ আছে। সম্প্ৰতি সামাজিক মাধ্যমত ভাইৰেল হৈ পৰিছে এই শোকাৱহ দৃশ্য। এই দৃশ্য ‘বিকশিত’ উত্তৰ প্ৰদেশৰ।

উত্তৰ প্ৰদেশৰ এখন চৰকাৰী চিকিৎসালয়ত সংঘটিত এই ঘটনাই সম্প্ৰতি সমগ্ৰ দেশতে চাঞ্চল্যৰ সৃষ্টি কৰিছে। তেজেৰে তুমুৰলি ব্যক্তিগৰাকী চিকিৎসালয়ৰ জৰুৰীকালীন বিভাগৰ মজিয়াত পৰি ৰোৱাৰ পিছতো তেখেতৰ চিকিৎসাৰ বাবে আগবাঢ়ি নাহিল চিকিৎসালয় কৰ্তৃপক্ষ।

Apply Now

এই ঘটনাৰ দৃশ্য ভাইৰেল হৈ পৰাৰ পিছতে দেশৰ ভিতৰতে শ্ৰেষ্ঠতম ৰাজ্য হিচাপে ঢাক-ঢোল কোবোৱা যোগীৰ উত্তৰ প্ৰদেশৰ স্বাস্থ্য সেৱা সন্দৰ্ভত পুনৰ প্ৰশ্ন উত্থাপিত হৈছে। ভাইৰেল এই ভিডিঅ’টো উত্তৰ প্ৰদেশৰ কুশীনগৰৰ জিলা চিকিৎসালয়ৰ বুলি জানিব পৰা গৈছে।

আঘাতপ্ৰাপ্ত অৱস্থাত মাটিত পৰি থকা ব্যক্তিগৰাকীৰ প্ৰচুৰ ৰক্তক্ষৰণৰ ফলত মুখমণ্ডলৰ আকৃতিও স্পষ্ট নহয়। ব্যক্তিগৰাকীক কাষতে থকা এটা কুকুৰে কেইবাবাৰো কামোৰে তথা মাটিত থকা তেজো চেলেকি যায়। ইয়াৰ পিছতো তেওঁৰ চিকিৎসাৰ বাবে আগবাঢ়ি নাহে কোনো চিকিৎসক।

কেৱল চিকিৎসকেই নহয়, কোনো কৰ্মচাৰীয়েও আনকি আঘাতপ্ৰাপ্ত ব্যক্তিগৰাকীক মিটিৰ পৰা তুলি নিয়াৰ প্ৰয়োজনবোধ নকৰে। এই ভিডিঅ’টো ভাইৰেল হোৱাৰ পিছত তীব্ৰ সমালোচনাৰ সৃষ্টি হয়। এনে পৰিস্থিতিত ব্যৱস্থা গ্ৰহণ কৰিবলৈ বাধ্য হয় কুশীনগৰ জিলা প্ৰশাসনে।

ইতিমধ্যে চিকিৎসালয়ৰ পৰা ছয়গৰাকী কৰ্মচাৰীক বৰ্খাস্ত কৰা হৈছে। কুশীনগৰৰ উপায়ুক্ত এছ ৰাজলিঙ্গমে জানিবলৈ দিয়া মতে চিকিৎসালয়ত কৰ্তব্যৰত কৰ্মচাৰীসকলক কৰ্তব্যত অৱহেলা কৰাৰ বাবে বৰ্খাস্ত কৰা হৈছে। ঘটনা সন্দৰ্ভত তদন্ত আৰম্ভ কৰা হৈছে বুলিও তেওঁ উল্লেখ কৰে।

ইফালে আন এখন চিকিৎসালয়ত আঘাতপ্ৰাপ্ত ব্যক্তিগৰাকীৰ চিকিৎসাৰ ব্যৱস্থা কৰা হয় বুলি জানিবলৈ দিয়ে প্ৰশাসনে। ৰাজ্যখনৰ উপ মুখ্যমন্ত্ৰী ব্ৰজেশ পাঠকে বিষয়টোৰ বিষয়ে অনুসন্ধান কৰিছে। চিকিৎসালয়ৰ বিষয়াসকলৰ পৰা ঘটনাৰ উত্তৰ বিচৰা হ’ব বুলি তেওঁ সংবাদ মাধ্যমৰ আগত উল্লেখ কৰে।

ইফালে, কুশীনগৰ জিলা চিকিৎসালয়ৰ চিএমঅ’য়ে ঘটনাৰ সময়ত কৰ্তব্যৰত চিকিৎসকসকলৰ বিৰুদ্ধে ব্যৱস্থা গ্ৰহণ কৰা হ’ব বুলি স্পষ্ট কৰি দিছে। চিকিৎসালয়ৰ দায়িত্বত থকা বিষয়াসকলৰ বিৰুদ্ধে স্বাস্থ্য বিভাগক এখন প্ৰতিবেদন দাখিল কৰা হৈছে বুলি তেওঁ এক বিবৃতিত উল্লেখ কৰে।

এন ই নাও নিউজ, গুৱাহাটী

এন ই নাও নিউজ, গুৱাহাটী

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

প্ৰতি লিটাৰ পেট্ৰ’ল ৮২ টকাত উপলব্ধ হ’বনে? কেজৰিৱালৰ দাবীক কেন্দ্ৰ কৰি নতুন বিতৰ্ক

প্ৰতি লিটাৰ পেট্ৰ’ল ৮২ টকাত উপলব্ধ হ’বনে? কেজৰিৱালৰ দাবীক কেন্দ্ৰ কৰি নতুন বিতৰ্ক

July 9, 2026 8:43 pm
অসম বিধানসভাত হিন্দী কিয়? আমাৰ ওপৰত হিন্দী জাপি দিয়া নচলিব!

অসম বিধানসভাত হিন্দী কিয়? আমাৰ ওপৰত হিন্দী জাপি দিয়া নচলিব!

July 9, 2026 8:14 pm
ইৰানৰ পাৰমাণৱিক ঘাটিত আমেৰিকাৰ ভয়ংকৰ আক্ৰমণ, তেজষ্ক্ৰিয় বিকিৰণৰ আশংকাত হুৱাদুৱা

ইৰানৰ পাৰমাণৱিক ঘাটিত আমেৰিকাৰ ভয়ংকৰ আক্ৰমণ, তেজষ্ক্ৰিয় বিকিৰণৰ আশংকাত হুৱাদুৱা

July 9, 2026 7:47 pm
ওমানত গ্ৰেপ্তাৰ মহাদেৱ বেটিং এপ কেলেংকাৰিৰ নায়ক সৌৰভ চন্দ্ৰকৰ; দেশলৈ ওভতাই অনাৰ প্ৰস্তুতি ভাৰতৰ

ওমানত গ্ৰেপ্তাৰ মহাদেৱ বেটিং এপ কেলেংকাৰিৰ নায়ক সৌৰভ চন্দ্ৰকৰ; দেশলৈ ওভতাই অনাৰ প্ৰস্তুতি ভাৰতৰ

July 9, 2026 7:45 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

প্ৰতি লিটাৰ পেট্ৰ’ল ৮২ টকাত উপলব্ধ হ’বনে? কেজৰিৱালৰ দাবীক কেন্দ্ৰ কৰি নতুন বিতৰ্ক

প্ৰতি লিটাৰ পেট্ৰ’ল ৮২ টকাত উপলব্ধ হ’বনে? কেজৰিৱালৰ দাবীক কেন্দ্ৰ কৰি নতুন বিতৰ্ক

July 9, 2026 8:43 pm
অসম বিধানসভাত হিন্দী কিয়? আমাৰ ওপৰত হিন্দী জাপি দিয়া নচলিব!

অসম বিধানসভাত হিন্দী কিয়? আমাৰ ওপৰত হিন্দী জাপি দিয়া নচলিব!

July 9, 2026 8:14 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd