দেশৰ পৰা পলায়ন কৰা সুৰা সম্ৰাট, ব্যৱসায়ী বিজয় মালিয়া পইচাৰ অভাৱত ভূগিছে। ভাৰতত বিলাস-ঐশ্বৰ্যৰ মাজত জীৱন কটোৱা মালিয়াই এতিয়া লণ্ডনত হাজাৰ টকাৰো হিচাপ ৰাখিবলগীয়া হৈছে।
বিজয় মালিয়াৰ এনে অৱস্থা হৈছে যে তেওঁৰ হাতত এতিয়া উকীলৰ ফীজ দিবলৈয়ো পইচা নাই। সেইদৰে নিজৰ খৰচতো সম্পূৰ্ণ হাত ধৰিব লগীয়া হৈছে পলাতক ব্যৱসায়ীগৰাকীয়ে।
ভাৰতৰ তদন্তকাৰী সংস্থাৰ কঠোৰ প্রতাহ্বানৰ সন্মুখীন হোৱা বিজয় মালিয়াই লণ্ডনৰ উচ্চ ন্যায়ালয়ত কয় যে তেওঁৰ ফ্ৰান্সত থকা সম্পত্তি বিক্ৰী কৰি যি পইচা পোবা গৈছে তাৰপৰা তেওঁক ১৪ কোটি টকা মুকলি কৰি দিব লাগে।
পৰিস্থিতি এনেকুৱা হৈছেগৈ যে লণ্ডনত মালিয়াৰ গোচৰ চলাই থকা উকীলে তেওঁক কৈ দিছে যে শীঘ্ৰেই যদি তেওঁৰ ফীজ নাপায় তেতিয়াহ’লে পৰৱৰ্তী শুনানিৰ পৰা তেওঁ গোচৰ চলোৱাটো বন্ধ কৰি দিব।
উল্লেখ্য যে বৰ্তমান লণ্ডনৰ আদালতে বিজয় মালিয়াৰ সম্পত্তিসমূহ নিজৰ নজৰত ৰাখিছে। মালিয়াই এই সম্পত্তিসমূহ বিক্ৰীও কৰিব নোৱাৰে আৰু সেইবোৰ বন্ধকত দি ঋণো ল’ব নোৱাৰে।
বিজয় মালিয়াৰ অৱস্থা দেখি লণ্ডনৰ আদালতে দয়া দেখুৱাইছে আৰু আদালতে বিজয় মালিয়াক গোচৰৰ ফীজ আদায় দিবলৈ ৩৯লাখ টকা মুকলি কৰি দিবলৈ সাজু হৈছে।
কিন্তু আদালতে তেওঁৰ ব্যক্তিগত খৰচৰ বাবে এটা পইচাও নিদিয়ে। অহা শুকুৰবাৰে গোচৰটোৰ পৰৱৰ্তী শুনানি অনুষ্ঠিত হ’ব।