• About
  • Copyright
  • Privacy Policy
  • Authors
  • Contact
English |  
Sunday, January 24, 2021
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
No Result
View All Result
NORTHEAST NOW (Assamese)
English
Home উত্তৰ-পূব অসম

বিদ্যুৎ সংযোগ থকাৰ পাছতো পোহৰৰ পৰা বঞ্চিত বঙাইগাঁৱৰ এখন গাঁও

NE NOW NEWS ইয়াছিন আলী
কোকিলা , September 21, 2018 1:40 pm

2 min read

photo from Yeasin Ali, Kokila _20180921-122813

ফটো : নৰ্থ-ইষ্ট নাও

209
VIEWS
Share on FacebookShare on Twitter

পৰিৱৰ্তনকামী চৰকাৰে দেশ আধুনিকীকৰণৰ বাবে বিভিন্ন কাৰ্য পন্থা হাতত লোৱা পৰিলক্ষিত হৈছে। কিন্তু তাৰ ভিতৰত বিদ্যুৎ বিভাগটো কিমান আধুনিকীকৰণ হৈছে তাৰেই বাস্তৱ নিদৰ্শন দাঙি ধৰিছে বঙাইগাঁৱৰ দেউটাৰীৰ ৰাইজে।

বঙাইগাঁও জিলাৰ ৩৪ নং অভয়াপুৰী উত্তৰ বিধান সভা সমষ্টিৰ অন্তৰ্গত তথা বিজনী বিদ্যুৎ উপসংমণ্ডলৰ এলেকাধীন দেউটাৰীত আজি স্থানীয় ৰাইজে এক উত্তাল প্ৰতিবাদ সাব্যস্ত কৰে । শক্তি মন্ত্ৰী তপন গগৈৰ পুত্তলিকা দাহ কৰি স্থানীয়লোকে এই প্ৰতিবাদ সাব্যস্ত কৰা দেখা যায়।

উল্লেখ্য যে গাঁওখনৰ প্ৰায় দুশ টা পৰিয়ালে মাত্ৰ ১৬ KV ট্ৰান্সফৰমাৰৰ পৰা বিদ্যুৎ সংযোগ লৈ আছে।  এই ট্ৰান্সফৰমাৰটোৰ পৰা ৰাইজৰ কোনো উপকাৰ নহয় বুলি জানিব পৰা গৈছে। ১৬ KV ট্ৰান্সফৰমাৰে যি পোহৰৰ যোগান ধৰে সেই পোহৰেৰে ৰাতি ছাত্ৰ-ছাত্ৰী সকলে পঢ়িব নোৱাৰে। পঢ়া-শুনাৰ লগতে অন্যান্য কাম-কাজ কৰিবলৈ অঞ্চলবাসীয়ে চাকি ব্যৱহাৰ কৰিব লাগে বুলি মন্তব্য কৰে।

ইফালে উক্ত সমস্যাৰ উপৰি অঞ্চলটোত  কৰবাত যদি বিদ্যুতৰ তাঁৰ হাতেৰে চুব পৰা অৱস্থাত আছে, কৰবাত আকৌ গছত ওলোমাই থৈছে।  কোনো কোনো ঠাইত তাৰসমূহ ছিঙি যোৱাত মাজে মাজে বিপদসংকুলভাৱে সংযোগ দিয়া হৈছে। ইয়াৰ পাছতো আজিলৈ বিজনী বিদ্যুৎ উপসংমণ্ডলে কোনো ধৰণৰ ব্যৱস্থা লোৱা নাই বুলি স্থানীয় ৰাইজে অভিযোগ উত্থাপন কৰে।

উল্লেখযোগ্য যে প্ৰাক্তন বিধায়ক ভূপেন ৰায় তথা বৰ্তমানৰ বিধায়ক আব্দুল হাই নাগৰীকে গাঁওখনত ট্ৰান্সফৰমাৰৰ সমস্যা সমাধানৰ বাবে বিভাগটোক বহুবাৰ অনুনয় বিনয় কৰিছিল যদিও আজিলৈ বিজনী বিদ্যুৎ উপসংমণ্ডল বিষয়াই কোনো গুৰুত্ব প্ৰদান কৰা নাই।

সেয়ে আজি পুৱাই স্থানীয় পুৰুষ-মহিলাই হাতে হাতে চাকি, লেম্প আদি লৈ এক অভিনৱ প্ৰতিবাদ সাব্যস্ত কৰে। প্ৰতিবাদস্থলীত অসম চৰকাৰ হায় হায়, শক্তি মন্ত্ৰী হায় হায়, তপন গগৈ মুৰ্দাবাদ, বিজনী বিদ্যুৎ উপসংমণ্ডলৰ মইমতালি নচলিব, আমাক নিয়মীয়া বিদ্যুতৰ ব্যৱস্থা কৰক আদি শ্লোগানেৰে কঁপাই তোলে দেউৰটাৰী।

আনহাতে চৰকাৰ বিৰোধী শ্লোগান আৰু বিদ্যুৎ বিভাগ বিৰোধী শ্লগান দিয়াৰ লগতে প্ৰতিবাদকাৰী সকলে শক্তি মন্ত্ৰী তপন গগৈৰ পুত্তলিকা দাহ কৰে। প্ৰতিবাদস্থলৰ পৰাই প্ৰতিবাদকাৰী সকলে চৰকাৰ বা বিদ্যুৎ বিভাগে শীঘ্ৰে ৬৫বা ১শ কেভিৰ ট্ৰান্সফৰমাৰ ব্যৱস্থা নকৰিলে কাৰ্য্যালয় ঘেৰাও কৰিব বুলি সকিয়াই দিয়ে।

Recent News

WhatsApp Image 2021-01-24 at 7.46.49 AM

অষ্ট্ৰেলিয়া ভ্ৰমণত অভিষক ঘটা ৫ ক্ৰিকেটাৰৰ লগতে শাৰ্দুলকো THAR-SUV উপহাৰ দিলে মহিন্দ্ৰাই

WhatsApp Image 2021-01-24 at 6.59.34 AM

নৃশংস! কাণত জুঁই লগাই দিয়াৰ পাছত হাতীৰ মৃত্যু; দুজনক গ্ৰেপ্তাৰ

IMG_20210123_191432~2

অন্ত পৰিল বোকাখাতত অনুষ্ঠিত ৰাষ্ট্ৰীয় কৃষি আৰু উদ্যান শস্য প্ৰদৰ্শনীৰ; শ্ৰেষ্ঠ প্ৰদৰ্শনকাৰীলৈ বঁটা

Deadbody

শিৱসাগৰত চাঞ্চল্য: প্ৰধানমন্ত্ৰীৰ সভাস্থলীৰ কাষতে উদ্ধাৰ চিকিৎসকৰ মৃতদেহ

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd