NORTHEAST NOW (Assamese)

Video|| ৰেইলৱেই ষ্টেইশ্যনত দৰিদ্ৰ যেন লগা মহিলাই গোৱা লতা মংগেশকাৰৰ গান ফেইচবুকত ভাইৰেল

July 31, 2019 5:07 pm · এন ই নাও নিউজ
Updated: July 31, 2019 5:21 pm

অৰিজিনেলি লতা মংগেশকাৰৰ কণ্ঠৰ হিন্দী গান এটাৰ পশ্চিম বংগৰ এটা ৰেইলৱেই ষ্টেইশ্যনত এগৰাকী মহিলাই গোৱা সংস্কৰণ এটাৰ ভিডিঅ’ এটা ফেইচবুকত ভাইৰেল হৈছে।

বৰপেটাটাউন দি প্লেইচ অৱ পীচ নামৰ ফেইচবুক পেইজ এটাই ফেইচবুকত শ্বেয়াৰ কৰা ভিডিঅ’টোৱে একৰকম আলোড়নৰ সৃষ্টি কৰিছে।

ফেইচবুক পেইজটোৰ লগতে ভিডিঅ’টোত কমেণ্টকাৰী আন বহু লোকে আশা কৰিছে ভিডিঅ’টো শ্বেয়াৰ কৰি থাকিলে সি গৈ গৈ কোনোবা সংগীত পৰিচালকৰ ওচৰ পাবগৈ আৰু তেতিয়া মহিলাগৰাকীৰ প্ৰতিভাই প্ৰাপ্য স্বীকৃতি পাব।

২৮ জুলাইত শ্বেয়াৰ কৰা ভিডিঅ’টো ৩১ জুলাইৰ আবেলি ৪:৪০ বজালৈকে ৩৭,৫৫৭ বাৰ শ্বেয়াৰ হৈছে।

১.৭ মিলিয়ন বাৰ তাক দৰ্শন কৰা হৈছে।

মহিলাগৰাকীয়ে পশ্চিম বংগৰ ৰাণাঘাট ৰেইলৱেই ষ্টেইশ্যনত কাম কৰে বুলি ফেইচবুক পেইজটোৱে উল্লেখ কৰিছে।

মহিলাগৰাকীয়ে গোৱা গীতটো লতা মংগেশকাৰ আৰু মুকেশে গোৱা “এক প্যাৰ কা নগমা হেঁ”।

এতিয়াও মহিলাগৰাকীয়ে এখন মঞ্চ নোপোৱাত “দুখ” পোৱা বৰপেটাটাউন দি প্লেইচ অৱ পীচ ফেইচবুক পেইজটোৱে মহিলাগৰাকীৰ আৰু এটা ভিডিঅ’ও শ্বেয়াৰ কৰি দিছে।

ফেইচবুক পেইজটোৱে ভিডিঅ’টো যিমান পাৰি শ্বেয়াৰ কৰিবলৈ আহ্বান জনাইছে যাতে “কোনোবা সংগীত পৰিচালকে দেখা পায়”।

Related News