• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Thursday, September 24, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

ধোনীক অতিক্ৰমি অধিনায়ক হিচাপে নতুন অভিলেখৰ অধিকাৰী হ’ল কোহলি

এন ই নাও নিউজ by এন ই নাও নিউজ
January 20, 2020 6:04 pm
191209094555

টীম ইণ্ডিয়াৰ দুই কৃতিমান অধিনায়ক বিৰাট কোহলি আৰু প্ৰাক্তন অধিনায়ক মহেন্দ্ৰ সিং ধোনী।

2
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

অধিনায়কৰ চাপ মূৰত লৈ ভাল প্ৰদৰ্শন আগবঢ়োৱাটো ইমান সহজ কথা নহয়। বিশ্বৰ বহু দুৰ্দান্ত ক্ৰিকেটাৰেই এই ভূমিকাত ব্যৰ্থ হোৱাৰ উদাহৰণ আছে।

এইক্ষেত্ৰত বিৰাট কোহলি অৱশ্যেই অনন্য। অধিনায়ক হিচাপে এটাৰ পাছত আন এটা ছিৰিজ জয়ৰ অভিলেখ গঢ়ি যোৱাৰ সমান্তৰালকৈ হাতত বেট লৈও চমক দেখুৱাইছে বিৰাটে।

Apply Now

দলৰ নেতৃত্ব আৰু বেটিঙৰ মাজত সুষম সন্তুলনৰ বাবেই নৱবৰ্ষৰ আৰম্ভণিতেই কোহলি অধিকাৰী হ’ল এটি নতুন অভিলেখৰ।

আইচিচিৰ বৰ্ষশ্ৰেষ্ঠ এদিনীয়া তথা টেষ্ট দলৰ অধিনায়ক হিচাপে নিৰ্বাচিত হৈছে কোহলি।

দেওবাৰে অষ্ট্ৰেলিয়াৰ বিৰুদ্ধে ছিৰিজ জয়ৰ পাছতে অধিনায়ক কোহলিৰ প্ৰশংসা পঞ্চমুখ হৈ পৰিছে পাকিস্তানৰ প্ৰাক্তন ফাষ্ট বলাৰ ছোয়েব আখতাৰ।

আখতাৰে কয়,’’তেওঁ অসাধাৰণ নেতা আৰু মানসিকভাৱে অত্যন্ত দৃঢ়। কিদৰে উভতি ধৰিব লাগে সেয়া ভালকৈয়ে জানে। পাছ পৰিলেও হাৰ নামানে। কাৰো সৈতে যদি ৰোহিত শৰ্মা, শিখৰ ধাৱান, শ্ৰেয়াস তথা কে এল ৰাহুলৰ দৰে প্ৰতিভা থাকে তেতিয়াতো কথাই নাই। বেংগালুৰুৰ দৰে খেলপথাৰত ৩০০ ৰাণত সীমিত ৰাখিব পাৰিলে সেয়া অতিক্ৰম কৰিবলৈ চিন্তাই কৰিব নালাগে।‘’

দলৰ সাফল্যৰ লগে লগে দেওবাৰে কোহলিয়ে ব্যক্তিগত অভিলেখো গঢ়িলে।

ভাৰতীয় অধিনায়কগৰাকীয়ে ৯১ টা বলত ৮৯ৰাণৰ এক অনবদ্য ইনিংছ খেলে। কোহলিয়ে অধিনায়ক হিচাপে সকলো ফৰমেট মিলি সৰ্বোচ্চ ৰাণৰ অধিকাৰী হয়।

কোহলিয়ে মুঠতে কৰিছে ১১হাজাৰ ২০৮ৰাণ। টীম ইণ্ডিয়াৰ কোনো অধিনায়কৰ এইটোৱে সৰ্বোচ্চ ৰাণ।

ইমানদিনে ৩৩০ টা ইনিংছ খেলি ১১ হাজাৰ ২০৭ৰাণ কৰি তালিকাৰ শীৰ্ষত আছিল প্ৰাক্তন অধিনায়ক মহেন্দ্ৰ সিং ধোনী। কোহলিয়ে ১৯৯ টা ইনিংছতে অতিক্ৰম কৰিলে ধোনীক।

এই তালিকাৰ তৃতীয় আৰু চতুৰ্থ স্থানত আছে ক্ৰমে মহম্মদ আজাহাৰুদ্দিন (৮০৯৫) আৰু সৌৰভ গাংগুলী (৭৬৪৩)।

অধিনায়ক হিচাপে কোহলিৰ এই অভিলেখৰ উপৰি বেটছমেন হিচাপে কোহলিৰ অভিলেখ আৰু অধিক ঈৰ্ষণীয়।

কোহলিয়ে এদিনীয়াত ইতিমধ্যে ১১,৭৯২ৰাণ কৰিছে। টেষ্ট আৰু টী-২০ত কোহলিৰ সংগ্ৰহ হ’ল ক্ৰমে ৭২০২ আৰু ২৬৮৯ ৰাণ। বিৰাটৰ আছে মুছ ৭০টা শতৰাণৰ অভিলেখো।

বিশ্ব ক্ৰিকেটত বিৰাট কোহলিৰ এই অপ্ৰতিৰোধ্য অশ্বমেধৰ ঘোঁৰা সহজতে থমকি ৰোৱাৰ সম্ভাৱনা তেনেই ক্ষীণ।

এন ই নাও নিউজ

এন ই নাও নিউজ

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

শংকৰদেৱ কলাক্ষেত্ৰত কংগ্ৰেছৰ “যুৱ সংলাপ ২০২৬”: ৰাজনীতি, পৰিৱেশ, সংস্কৃতি আৰু সংস্থাপনক লৈ ঐতিহাসিক বৌদ্ধিক মন্থন

শংকৰদেৱ কলাক্ষেত্ৰত কংগ্ৰেছৰ “যুৱ সংলাপ ২০২৬”: ৰাজনীতি, পৰিৱেশ, সংস্কৃতি আৰু সংস্থাপনক লৈ ঐতিহাসিক বৌদ্ধিক মন্থন

September 23, 2026 10:00 pm
অসমক কৃতজ্ঞতা জনালে ভূটানৰ প্ৰধানমন্ত্ৰীয়ে

অসমক কৃতজ্ঞতা জনালে ভূটানৰ প্ৰধানমন্ত্ৰীয়ে

September 23, 2026 9:30 pm
মণিপুৰত পুনৰ হিংসাত্মক ঘটনা, বিদ্যুৎ কৰ্মীক গুলীয়াই হত্যা; জ্বলাই দিয়া হ’ল ২৪টা ঘৰ

মণিপুৰত পুনৰ হিংসাত্মক ঘটনা, বিদ্যুৎ কৰ্মীক গুলীয়াই হত্যা; জ্বলাই দিয়া হ’ল ২৪টা ঘৰ

September 23, 2026 8:40 pm
বান সাহায্য আৰু ক্ষতিপূৰণৰ দাবীত চচলত ৰাইজৰ দলৰ প্ৰতিবাদী কাৰ্যসূচী

বান সাহায্য আৰু ক্ষতিপূৰণৰ দাবীত চচলত ৰাইজৰ দলৰ প্ৰতিবাদী কাৰ্যসূচী

September 23, 2026 7:40 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

শংকৰদেৱ কলাক্ষেত্ৰত কংগ্ৰেছৰ “যুৱ সংলাপ ২০২৬”: ৰাজনীতি, পৰিৱেশ, সংস্কৃতি আৰু সংস্থাপনক লৈ ঐতিহাসিক বৌদ্ধিক মন্থন

শংকৰদেৱ কলাক্ষেত্ৰত কংগ্ৰেছৰ “যুৱ সংলাপ ২০২৬”: ৰাজনীতি, পৰিৱেশ, সংস্কৃতি আৰু সংস্থাপনক লৈ ঐতিহাসিক বৌদ্ধিক মন্থন

September 23, 2026 10:00 pm
অসমক কৃতজ্ঞতা জনালে ভূটানৰ প্ৰধানমন্ত্ৰীয়ে

অসমক কৃতজ্ঞতা জনালে ভূটানৰ প্ৰধানমন্ত্ৰীয়ে

September 23, 2026 9:30 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd