• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Monday, June 30, 2025
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
NORTHEAST NOW (Assamese)
English

ৱাংখাড়েত ‘আনষ্টপেবল’ বিৰাট গাঁথা!

শতকৰ অৰ্ধশতক পূৰ্ণ ‘ৰাণ মেচিন’ কোহলীৰ, গঢ়িলে আন দুই বিশ্বকাপ অভিলেখ

এন ই নাও নিউজ, গুৱাহাটী by এন ই নাও নিউজ, গুৱাহাটী
November 15, 2023 6:33 pm
Virat Kohli
4.7k
VIEWS
Share on FacebookShare on Twitter

২২ গজৰ যুঁজক্ষেত্ৰ। হাতত বেট লৈ বীৰদৰ্পে ‘যুঁজাৰু’ মহানায়ক; কান্ধত দেশবাসীৰ অযুত বিশ্বাসৰ বোজা; চকুত অদম্য আত্মবিশ্বাস, যেন হাতৰ মুঠিতে আছে সম্ভৱপৰ সকলো! ক্ৰিকেট বিশ্বৰো যে দৃষ্টি নিবদ্ধ এই মহানায়কগৰাকীৰ ওপৰতে!

অবিস্মৰণীয় গতিৰে তেওঁ ক্ৰিকেট বিশ্বত আনষ্টপেবল; বিশেষজ্ঞ আৰু অনুৰাগীৰ চকুত ৰাণ মেচিন। হাতত বেট লৈ এই মহানায়কগৰাকীয়ে ৰচিছে আধুনিক ক্ৰিকেটৰ স্ব-সংজ্ঞা। অভিলেখৰ ন ন পৃষ্ঠাত লিপিবদ্ধ কৰিছে স্ব-নাম। হৈ পৰিছে ‘মডাৰ্ণ মাষ্টাৰ’।

এই মডাৰ্ণ মাষ্টৰৰে অবিশ্বাস্য, অবিস্মৰণীয় গতিয়ে পিছ পেলাই গৈছে ক্ৰিকেটৰ ভগৱানক, মাষ্টাৰ ব্লাষ্টাৰ শচীন টেণ্ডুলকাৰক। অদম্য প্ৰদৰ্শনৰ দুৰন্ত চমকেৰে আজি মুম্বাইৰ ৱাংখাড়েত ক্ৰিকেটৰ ভগৱানৰ চক্ষুৰ সমুখতে কোহলীয়ে আজি স্থাপন কৰে ন-অভিলেখ।

বিশ্বাভিলেখ সৃষ্টিৰে আজি ৰাণ মেচিন কোহলীয়ে এদিনীয়া কেৰিয়াৰত সম্পূৰ্ণ কৰে শতকৰ অৰ্ধশতক। নিজৰ ক্ৰিকেট কেৰিয়াৰৰ আদৰ্শ শচীনৰ নামত থকা সৰ্বাধিক এদিনীয়া শতকৰ অভিলেখ ভংগ কৰি ৫০ টা শতকেৰে কোহলীয়ে ৰচে ইতিহাস।

কেৰিয়াৰৰ ২৭৯ তম ইনিংছতে কোহলীয়ে এদিনীয়া কেৰিয়াৰত ৫০ শতকৰ কৃতিত্ব অৰ্জন কৰি ক্ৰিকেট বিশ্বত নিজৰ অবিস্মৰণীয় গতিৰ আন এক চাপ চিৰকাললৈ এৰি যায়। শতক সম্পূৰ্ণ কৰাৰ পিছতে খেলপথাৰতে বহি পৰি ক্ৰিকেটৰ ভগৱানক জনায় নমন।

এই ঈৰ্ষণীয় অভিলেখৰ সমান্তৰালভাৱে তাৰকাগৰাকীয়ে বিশ্বকাপৰ ইতিহাসত আন দুই অভিলেখ নিজৰ নামত সংযোজন কৰে। চলিত বিশ্বকাপত দুৰন্ত গতি অব্যাহত ৰাখি কোহলীয়ে আজিৰ শতকীয় ইনিংছটোৰে ৰাণৰ সংখ্যা ৭১১লৈ বৃদ্ধি কৰে।

লগে লগে কোহলী বিশ্বকাপ ক্ৰিকেটৰ এটা সংস্কৰণত সৰ্বাধিক ৰাণ সংগ্ৰহকাৰী ৰূপে পৰিগণিত হয়। এই ক্ষেত্ৰতো কোহলীয়ে অতিক্ৰম কৰে শচীন টেণ্ডুলকাৰক। শচীনে ২০০৩ৰ বিশ্বকাপত ৬৭৩ ৰাণ সংগ্ৰহ কৰি এই অভিলেখ দীৰ্ঘদিনে নিজৰ নামত ৰাখিছিল।

লগতে বিশ্বকাপৰ এটা সংস্কৰণত সৰ্বাধিকবাৰ ৫০ তকৈ অধিক ৰাণ সংগ্ৰহকাৰী বেটাৰ ৰূপেও স্বীকৃত হয় কোহলী। চলিত বিশ্বকাপত পাঁচটা অৰ্ধশতক আৰু ৩ টা শতকেৰে ৮ বাৰকৈ পঞ্চাধোধিক ইনিংছেৰে কোহলীয়ে শচীন আৰু ছাকিব আল হাছানক অতিক্ৰম কৰে।

Recent News

গৰুখুঁটি প্রকল্প আৰু চৰকাৰী ৰাজ সাহায্যৰ নামত অসমত মন্ত্রী-বিধায়কৰ পৰিয়ালৰ চলিছে এক বিশাল চিণ্ডিকেট : ৰাইজৰ দল

গৰুখুঁটি প্রকল্প আৰু চৰকাৰী ৰাজ সাহায্যৰ নামত অসমত মন্ত্রী-বিধায়কৰ পৰিয়ালৰ চলিছে এক বিশাল চিণ্ডিকেট : ৰাইজৰ দল

নিৰপেক্ষ ব্যক্তিৰে গৰুখুঁটি প্ৰকল্পৰ এটা ন্যায়িক তদন্ত কৰিবলৈ চৰকাৰৰ সাহস হ’বনে?

নিৰপেক্ষ ব্যক্তিৰে গৰুখুঁটি প্ৰকল্পৰ এটা ন্যায়িক তদন্ত কৰিবলৈ চৰকাৰৰ সাহস হ’বনে?

অনলাইন জনহিতকৰ পৰ্টেল ‘ASSAM JUSTICE’ মুকলি কংগ্ৰেছৰ : চৰকাৰৰ ব্যৰ্থতাক উদঘাটন কৰাৰ পদক্ষেপ

অনলাইন জনহিতকৰ পৰ্টেল ‘ASSAM JUSTICE’ মুকলি কংগ্ৰেছৰ : চৰকাৰৰ ব্যৰ্থতাক উদঘাটন কৰাৰ পদক্ষেপ

ছাত্ৰ বৃত্তি কেলেংকাৰিৰ চিবিআই,নিয়াৰ তদন্তৰ দাবী ৰাষ্ট্ৰীয় ছাত্ৰ সন্থা অসম শাখাৰ

ছাত্ৰ বৃত্তি কেলেংকাৰিৰ চিবিআই,নিয়াৰ তদন্তৰ দাবী ৰাষ্ট্ৰীয় ছাত্ৰ সন্থা অসম শাখাৰ

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd