মোহালিত শ্ৰীলংকাৰ বিৰুদ্ধে খেলা বিৰাট কোহলিৰ শততম টেষ্টখনক লৈ ক্ৰিকেট অনুৰাগীসকলৰ মাজত ব্যাপক উৎসুকতা দেখা গৈছিল।
অৱশ্যে দৰ্শকৰ প্ৰত্যাশা পূৰণ কৰিব পৰাকৈ কোহলিয়ে এই টেষ্টখনৰ প্ৰথম ইনিংছত কোনো স্মৰণীয় শতক বা অৰ্দ্ধশতক কৰিব নোৱাৰিলে। ব্যক্তিগত ৪৫ ৰাণ কৰি আউট হয় কোহলি।
তথাপি এক বিৰাট অভিলেখ স্পৰ্শ কৰিবলৈ সক্ষম হয় টীম ইণ্ডিয়াৰ সফল প্ৰাক্তন অধিনায়কগৰাকী।
লগতে পঢ়ক: আৰম্ভ হ’ল মহিলা বিশ্বকাপ: বিশেষভাৱে উদযাপন কৰিলে গুগল ডুডলে
কোহলিয়ে ছয় নম্বৰ ভাৰতীয় ক্ৰিকেটাৰ হিচাপে টেষ্ট ক্ৰিকেটত আঠ হাজাৰ ৰাণ সম্পূৰ্ণ কৰে। নিজৰ ১০০তম টেষ্টত তেওঁ এই অভিলেখৰ গৰাকী হয়।
ব্যক্তিগত ৪৫ৰাণত আউট হোৱা কোহলিয়ে টেষ্ট ক্ৰিকেটত মুঠ ৮০০৭ৰাণ কৰিছে।
টেষ্ট ক্ৰিকেটত ভাৰতীয়সকলৰ ভিতৰত সৰ্বাধিক ৰাণ আছে শচীন তেণ্ডুলকাৰৰ নামত। শচীনে ২০০খন টেষ্ট খেলি মুঠ ৰাণ কৰিছে ১৫৯২১ৰাণ। বিশ্ব টেষ্ট ক্ৰিকেটৰ ইতিহাসত শচীনৰ ৰাণ সংখ্যাই আটাইতকৈ বেছি।
ভাৰতীয় ক্ৰিকেটাৰৰ এই তালিকাৰ দ্বিতীয় স্থানত আছে ৰাহুল দ্ৰাবিড়। তেওঁ ১৬৪ খন টেষ্ট খেলি মুঠ ১৩২৮৮ৰাণ কৰিছে। ইয়াৰ ভিতৰত ৩৬টা শতকো আছে।
লগতে পঢ়ক:কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ ব্ৰহ্মপুত্ৰৰ চাপৰিত ঘৰিয়াল: বন্যপ্ৰাণী গৱেষকৰ মাজত চাঞ্চল্য
সুনীল গাভাস্কাৰে ১২৫খন টেষ্ট খেলি ৩৪টা শতকসহ মুঠ ১০১২২ৰাণ কৰিছে। ভিভিএছ লক্ষ্মণে ১৩৪খন টেষ্ট খেলি ১৭টা শতকসহ মুঠ ৮৭৮১ৰাণ কৰিছে।
আনহাতে, বীৰেন্দ্ৰ সেহৱাগে ১০৪খন টেষ্ট খেলি ২৩টা শতকসহ মুঠ ৮৫৮৬ ৰাণ কৰিছে। কোহলিয়ে ১০০খন টেষ্ট খেলি ৮০০৭ৰাণ কৰে। কোহলিৰ নামত আছে ২৭টা শতক।