অহা ২৬ ডিচেম্বৰৰ পৰা দক্ষিণ আফ্ৰিকাৰ বিৰুদ্ধে দুখন মেচৰ টেষ্ট শৃংখলাত অৱতীৰ্ণ হ’ব ভাৰত। এই শৃংখলাৰ মাত্ৰ চাৰিদিন পূৰ্বে হঠাতে দক্ষিণ আফ্ৰিকাৰ পৰা ভাৰতলৈ ঘূৰিবলগীয়া হৈছে ভাৰতীয় দলৰ প্ৰধান বেটিং তাৰকা বিৰাট কোহলী।
প্ৰকাশিত খবৰ অনুসৰি, পাৰিবাৰিক জৰুৰীকালীন অৱস্থাৰ বাবে ভাৰতলৈ ঘূৰিবলগীয়া হৈছে কোহলী। অৱশ্যে ২৬ তাৰিখৰ পৰা দক্ষিণ আফ্ৰিকাৰ বিৰুদ্ধে প্ৰথমখন টেষ্ট আৰম্ভ হোৱাৰ পূৰ্বে কোহলীয়ে দলত যোগ দিব।
উল্লেখ্য যে, দল পৰিচালনা আৰু বিচিচিআইৰ অনুমতি লাভ কৰাৰ পিছত তিনিদিন পূৰ্বেই মুম্বাইলৈ ৰাওনা হৈছিল কোহলী। আজিয়েই তেওঁ পুনৰ দক্ষিণ আফ্ৰিকালৈ প্ৰত্যাৱৰ্তন কৰিব বুলি জানিব পৰা গৈছে।
দক্ষিণ আফ্ৰিকা ভ্ৰমণত সীমিত অভাৰৰ শৃংখলাত ভাৰতীয় দলত নাছিল কোহলী। অৱশ্যে টেষ্টৰ বাবে অনুশীলনৰ উদ্দেশ্যে কিছুদিন পূৰ্বেই দক্ষিণ আফ্ৰিকাত বাহৰ পাতিছিল কোহলীসহ ভাৰতীয় টেষ্ট দলে।
ইফালে টেষ্ট দলত থকা আন এগৰাকী বেটাৰ ৰুতুৰাজ গাইকোৱাড আঙুলিৰ আঘাতৰ বাবে টেষ্ট শৃংখলাৰ পৰা বাহিৰ হৈছে। দক্ষিণ আফ্ৰিকাৰ বিৰুদ্ধে দ্বিতীয়খন এদিনীয়াত এটা কেচ আয়ত্বৰ চেষ্টা কৰি গাইকোৱাডে আঙুলিত আঘাত পাইছিল।
গাইকোৱাড বাহিৰ হ’লেও বিচিচিআইয়ে এইপৰ্যন্ত তেওঁৰ স্থানত আন কোনো খেলুৱৈৰ নাম ঘোষণা কৰা নাই। উল্লেখ্য যে ২৬ ডিচেম্বৰৰ পৰা ৩০ ডিচেম্বৰলৈ দুয়োটা দলৰ মাজত প্ৰথমখন টেষ্ট অনুষ্ঠিত হ’ব।
ইয়াৰ পিছতে ৩ জানুৱাৰীৰ পৰা ৭ জানুৱাৰীলৈ কেপটাউনত শৃংখলাৰ দ্বিতীয় তথা অন্তিম টেষ্টত অৱতীৰ্ণ হ’ব ভাৰত-দক্ষিণ আফ্ৰিকা।





