আপুনিতো ৪০০ কোটি টকা লাভ কৰিছে, তেন্তে ইমান খং কিয়! গোৱেংকাক কটাক্ষ ছেহৱাগৰ

হায়দৰাবাদৰ মেচখনৰ পাছত কে এল ৰাহুলক সঞ্জীৱ গোৱেংকাই কৰা তিৰস্কাৰক লৈ বিতৰ্ক এতিয়াও বন্ধ হোৱা নাই। বৰঞ্চ দেশৰ প্ৰাক্তন ক্ৰিকেটাৰৰ এটা অংশই কলকাতাৰ উদ্যোগপতিগৰাকীৰ পিনে কটাক্ষ নিক্ষেপ কৰিয়েই আছে।

এইবাৰ বীৰেন্দ্ৰ ছেহৱাগে সেই ঘটনাক লৈ মুকলিকৈ মুখ খুলিছে। দেশৰ এটা আগশাৰীৰ ৱেবছাইটত দিয়া এক সাক্ষাৎকাৰত তেওঁ কয়, “মই নাজানো সঞ্জীৱ গোৱেংকা ডাঙৰীয়াৰ সেইদিনা কিয় ইমান খং উঠিল? কিহৰ বাবে তেওঁৰ ইমান খং? বৰ্তমান তেওঁ আই পি এলৰ পৰা ৪০০ কোটি টকা উপাৰ্জন কৰিছে। তাৰপিছতো কে এল ৰাহুলক ৰাজহুৱাভাৱে কথা শুনাবলৈ কিয় গ’ল!”

লগতে পঢ়কঃ মানুহৰ শৰীৰত গাহৰিৰ কিডনি প্ৰতিস্থাপন! দুমাহৰ ভিতৰত মৃত্যুক সাৱটিলে গ্ৰহণকাৰী বৃদ্ধই

ছেহৱাগে লগতে কয় যে, “কোনো সমস্যা হ’লে ফ্ৰেঞ্চাইজিৰ মালিকসকলে ড্ৰেছিং ৰুমত দলৰ ক্ৰিকেটাৰসকলৰ সৈতে কথা পাতিব লাগে। তাৰ পৰিৱৰ্তে তেওঁ খেলপথাৰত একাধিক কেমেৰাৰ সন্মুখত ৰাহুলৰ দৰে নিৰীহ ক্ৰিকেটাৰক কাঠগড়াত তুলিলে। সঁচা কথা ক’বলৈ গ’লে ঘটনাটো মোৰ ভাল নালাগিল। দলৰ মালিকসকলে সদায় বিনম্ৰ হ’ব লাগে। তেওঁলোকৰ প্ৰেৰণা দিয়াৰ এটা প্ৰচেষ্টা থকা উচিত, তেতিয়াহে দলৰ সকলোৱে নিজৰ শ্ৰেষ্ঠখিনি উজাৰি দিবলৈ চেষ্টা কৰিব। বেয়া প্ৰদৰ্শন কৰিলেও তেওঁলোকে অনুশোচনা কৰিব। কিন্তু তেওঁ একেবাৰে বিপৰীত দিশত খোজ দিলে।”

ইয়াৰ পূৰ্বে মহম্মদ ছামী বা গৌতম গম্ভীৰে এই বিষয়ে মুকলিকৈ কৈছিল। ছামীয়ে উত্তেজিত হৈয়েই কৈছিল যে এই ঘটনাত গোৱেংকাই লাজ পাব লাগে। তেওঁ জনা উচিত আছিল যে দেশৰ এজন প্ৰসিদ্ধ ক্ৰিকেটাৰক এনেদৰে অপমান কৰিব নোৱাৰি।

পোনপটীয়াকৈ কোনো কথা নকলেও গম্ভীৰে কেকেআৰৰ স্বত্বাধিকাৰী শ্বাহৰুখ খানক প্ৰশংসা কৰে। কলকাতা দলৰ মেণ্টৰগৰাকীয়ে কয়, “শ্বাহৰুখ খান মালিক হিচাপে শ্ৰেষ্ঠ। তেওঁ ক্ৰিকেটাৰৰ লগত বন্ধুৰ দৰে মিলি ভাল খেলটো উলিয়াই আনিব জানে।”

লগতে পঢ়কঃ লোকসভা নিৰ্বাচন! আজি চতুৰ্থ পৰ্যায়ত ৯৬খন আসনৰ বাবে ভোটগ্ৰহণ; লাইমলাইটত কোন?

ছেহৱাগে আৰু এঢাপ আগুৱাই গৈ ৱেবছাইটটোত কয়, “সঞ্জীৱ গোৱেংকা এজন ব্যৱসায়ী, তেওঁ লাভ-লোকচানৰ বাহিৰে একো বুজি নাপায়। কিন্তু তেওঁ হয়তো নাজানে যে যদি তেওঁ কোনো ক্ৰিকেটাৰক অপমান কৰে তেন্তে তেওঁ পৰৱৰ্তী ছিজনতে দল এৰিব। কিন্তু সেই মালিকজন একে ঠাইতে থাকিব। দলৰ এজন ক্ৰিকেটাৰক হেৰুৱাটো তেওঁৰ বাবেই এক ডাঙৰ ক্ষতি। ক্ৰিকেটাৰসকলৰ তাত একো লাভ-লোকচান নাই।”