NORTHEAST NOW (Assamese)

দুৰ্ঘটনাত আহত বিশাল দাদলানী, কনচাৰ্ট বাতিল, চিকিৎসালয়ৰ পৰা কি জনালে শিল্পীগৰাকীয়ে?

February 14, 2025 2:53 pm · এন ই নাও নিউজ, গুৱাহাটী

দুৰ্ঘটনাত গুৰুতৰভাৱে আহত হৈছে সংগীত পৰিচালক তথা কণ্ঠশিল্পী বিশাল দাদলানী। তাৰবাবেই তেওঁৰ কনচাৰ্ট পিছুৱাই দিয়া হ’ল। বিশাল দাদলানীয়ে নিজেই এই খবৰটো সকলোৰে সৈতে শ্বেয়াৰ কৰাৰ লগতে ছ’চিয়েল মিডিয়াতো এটা পোষ্ট শ্বেয়াৰ কৰে। কণ্ঠশিল্পী গৰাকীৰ এই খবৰ পাই বিশাল দাদলানীৰ অনুৰাগীসকলো চিন্তিত হৈ পৰিছে। সকলোৱে তেওঁৰ মংগল কামনা কৰিছে।

কিন্তু কেতিয়া আৰু কেনেকৈ সংঘটিত হয় বিশাল দাদলানীৰ এই দুৰ্ঘটনা সেয়া জানিব পৰা হোৱা নাই। বৰ্তমান তেওঁ চিকিৎসালয়ত চিকিৎসাধীন হৈ আছে। বিশালে নিজৰ ইনষ্টাগ্ৰাম ষ্ট’ৰীত তেওঁৰ দুৰ্ঘটনাৰ বিষয়ে শ্বেয়াৰ কৰে। তেওঁ লিখিছে, “মোৰ দুৰ্ভাগ্য। এটা সৰু দুৰ্ঘটনা। সোনকালে সুস্থ হৈ উঠিম আৰু আকৌ আহিম। মই আপোনালোকক আপডেট দি থাকিম। সোনকালে পুনেত লগ পাম।”

ছ’চিয়েল মিডিয়াত এক পোষ্টযোগে আয়োজকসকলে বিশাল-শেখৰৰ কনচাৰ্ট বাতিলৰ কথা ঘোষণা কৰে। লগতে টিকটৰ ধন ঘূৰাই দিয়া হ’ব বুলিও জানিবলৈ দিয়ে। পোষ্টটোত লিখা হৈছে, “এটা গুৰুত্বপূৰ্ণ ঘোষণা। বিশাল আৰু শেখৰৰ সংগীত কনচাৰ্ট বাতিল কৰা হৈছে। বিশাল আৰু শেখৰৰ বহু প্ৰত্যাশিত অনুষ্ঠানটো ২০২৫ চনৰ ২ মাৰ্চত নহ’ব বুলি আমি অতি দুখ পাইছো। বিশাল দাদলানীৰ দুৰ্ঘটনাৰ বাবেই এই সিদ্ধান্ত লোৱা হৈছে। বৰ্তমান তেওঁ চিকিৎসাধীন হৈ আছে।”

একে সময়তে পোষ্টটোত এইটোও উল্লেখ কৰা হৈছে যে, “এই অসুবিধাৰ বাবে আমি ক্ষমা বিচাৰিছো। অতি সোনকালে কনচাৰ্টৰ সময় ঘোষণা কৰা হ’ব আৰু সোনকালেই নতুন তাৰিখ ঘোষণা কৰা হ’ব। যিসকলে টিকট ক্ৰয় কৰিছে তেওঁলোকক আমাৰ টিকট পাৰ্টনাৰৰ জৰিয়তে সম্পূৰ্ণ ধন ঘূৰাই দিয়া হ’ব।”

কিন্তু কেনেকৈ বিশাল দাদলানী দুৰ্ঘটনাৰ সন্মুখীন হ’ল। সেয়া জানিবলৈ অনুৰাগীসকল উন্মুখ হৈ পৰিছে। অৱশ্যে এই সন্দৰ্ভত এতিয়ালৈকে একো জানিব পৰা হোৱা নাই।

Related News