• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Friday, July 10, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

ফেডাৰেল, আত্মনিৰ্ভৰশীল অসমৰ লক্ষ্যৰে ‘ৰাইজৰ দলে’ প্ৰথমে প্ৰকাশ কৰিলে ‘ভিজন ডকুমেন্ট’

অসমৰ ৰাইজলৈ কি কি প্ৰতিশ্ৰুতি দিলে ৰাইজৰ দলে?

কল্পজ্যোতি শইকীয়া by কল্পজ্যোতি শইকীয়া
March 10, 2021 8:44 pm
Raiiijoooorrr dal
1
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

বিজেপিৰ বিৰুদ্ধে নিৰ্বাচনী যুঁজত অৱতীৰ্ণ হ’বলৈ ‘ৰাইজৰ দলে’ আজি সন্ধিয়া প্ৰকাশ কৰিলে ‘ভিজন ডকুমেন্ট’।

শিক্ষাবিদ-বুদ্ধিজীৱী আৰু শিল্পীৰ এখন কমিটিয়ে প্ৰস্তুত কৰি উলিয়ালে এই ভিজন ডকুমেন্ট।

Apply Now

বুধবাৰে গুৱাহাটীৰ মঠঘৰীয়াস্থিত কেন্দ্ৰীয় কাৰ্য্যালয়ত এই ভিজন ডকুমেন্ট মুকলি কৰে ৰাইজৰ দলৰ উপদেষ্টা ঘনশ্যাম নাথ, শিক্ষাবিদ ড০ ইন্দ্ৰানী দত্ত, দলৰ কাৰ্য্যকৰী সভাপতি ভাস্ক’ডি শইকীয়াৰ লগতে অন্যান্য নেতৃবৃন্দই।

অসমৰ জাতীয় ভৱিষ্যত সুৰক্ষিত কৰিবৰ বাবে ৰাইজৰ দলৰ দাবী আৰু কৰ্মসূচীৰ বিষয়ে ভিজন ডকুমেন্টত উল্লেখ থকা বুলি দলৰ কাৰ্য্যকৰী সভাপতি ভাস্ক’ডি শইকীয়াই সদৰী কৰি লগতে কয় ‘কৃষিখণ্ডৰ উন্নয়ন, উদ্যোগ, শিক্ষা, ভুমি সংস্কাৰ, স্বাস্থ্য, আন্তঃগাঁথনি উন্নয়ন, জনসম্পদৰ ব্যৱস্থাপনা, বান-গৰাখহনীয়া. কৰ্ম-সংস্থাপন, পৰিবেশ আৰু প্ৰদূষণ, অসমৰ প্ৰাকৃতিক সম্পদ, আইনী সংস্কাৰ, ভাষা-সংস্কৃতি, শিশু আৰু মহিলাৰ বিকাশ, সংখ্যালঘু আৰু জাতি জনগোষ্ঠীৰ কল্যাণ, চাহ শ্ৰমিকৰ কল্যাণ, ক্ৰীড়া আৰু ৱৰ্ক পাৰ্মিটৰ কথা উল্লেখ আছে।‘

ভিজন ডকুমেন্টৰ মূল মূল বিষয়সমূহ উল্লেখ কৰি শইকীয়াই কয় ‘ভাৰতীয় সংবিধানৰ ৩৭১(ক) অনুচ্ছেদৰ অধীনত ভূমি আৰু সম্পদৰ অধিকৈআৰ কাঢ়ি অনা প্ৰসংগ উল্লেখ কৰা হৈছে। এই অধিকাৰ কাঢ়ি আনিলে অসমৰ ভূমি বহিৰাগতৰ হাতলৈ যাব নোৱাৰিব।‘

অসমে ১৯৬৯ চনৰ পৰা লাভ কৰি অহা বিশেষ ৰাজ্যৰ মৰ্য্যদা বিজেপি চৰকাৰে কৰ্তন কৰি দিছিল সেয়া ৰাইজৰ দলৰ চৰকাৰ হ’লে পুনৰ ঘূৰাই অনাৰ ব্যৱস্থা কৰা হ’ব বুলি শইকীয়াই দাবী কৰে।

ইয়াৰোপৰি, এক সময় নিৰ্দিষ্ট সাপেক্ষে অসম চুক্তিৰ পূৰ্ণ ৰূপায়ণ কৰাৰ কথাও ৰাইজৰ দলে ভিজন ডকুমেন্টত উল্লেখ কৰে। লগতে NRC প্ৰস্তুতকৰণৰ নিৰ্দিষ্ট সময়সীমা লোৱা হৈছে।

ইপিনে, অসমত কোনো কাৰণতে কা কাৰ্য্যকৰী নকৰাৰ দৃঢ় সংকল্প হাতত হোৱা হৈছে বুলি ৰাইজৰ দলে ভিজন ডকুমেন্টত উল্লেখ কৰে।

‘বিধানসভাত ৰাইজৰ দলৰ তৰফৰ পৰা কাৰ বিৰুদ্ধে সকলোখিনি যুঁজ চলাই নিয়া হ’ব।‘ শইকীয়াই এইদৰে কয়।

১৯৭১ চনৰ পূ্ৰ্বে অহা সকলোকে ‘আত্মীয়কৰণ’ৰ মাধ্যমেৰে আঁকোৱালি লোৱা হ’ব বুলি ভিজন ডকুমেন্টত ৰাইজৰ দলে উল্লেখ কৰে।

ভিজন ডকুমেন্টত উল্লেখ থকা অনুসৰি সকলো ধৰণৰ বৃহৎ নদীবান্ধৰ কাম বন্ধ কৰি দিয়া হ’ব। তাৰ বিপৰীতে ক্ষুদ্ৰ ক্ষুদ্ৰ বিদ্যুৎ প্ৰকল্পৰ জৰিয়তে স্ব-নিৰ্ভৰশীল হোৱাৰ কথা ভিজন ডকুমেন্টত উল্লেখ আছে।

তদুপৰি, অসমৰ প্ৰতিটো পৰিয়ালৰ এজনক নিয়মীয়া সংস্থাপনৰ প্ৰতিশ্ৰুতি দিয়ে ৰাইজৰ দৰে। একেদৰে প্ৰতিটো পৰিয়াললৈকে বিশুদ্ধ খোৱা-পানী যোগান দিয়া, অসমৰ প্ৰতিডৰা খেতি মাটিত জলসিঞ্চনৰ প্ৰতিশ্ৰুতি দিছে ৰাইজৰ দলে।

আনহাতে, অসমক বাৰ মাহে খেতি কৰা ৰাজ্য হিচাপে পৰিগণিত কৰাৰ সংকল্প লোৱা হৈছে এই ভিজন ডকুমেন্টত।

ইয়াৰোপৰি, ৰাজ্যৰ সকলো পৰিয়ালক ভোগদখলী কৰি থকা মাটিৰ পত্তা প্ৰদানৰ গেৰান্টি প্ৰদান কৰা হৈছে তথা সকলো বৈধ নগাৰিক আৰু বানপিৰীত লোকক মাটিৰ পত্তা প্ৰদান কৰা হ’ব বুলি ৰাইজৰ দলৰ ভিজন ডকুমেন্টত উল্লেখ কৰে।

আনহাতে, অসমৰ সকলো আন্তঃৰাজ্যিক সীমা সমস্যাৰ সু-সমাধান কৰা হ’ব বুলি উল্লেখ আছে ভিজন ডকুমেন্টত।

অসমক এখন আত্মনিৰ্ভৰশীল অসম হিচাপে গঢ় দিয়াৰ লক্ষ্যৰ কথা ৰাইজৰ দলৰ ভিজন ডকুমেন্টত উল্লেখ আছে।

‘ৰাজনৈতিকভাৱে ফেডাৰেল, অৰ্থনৈতিকভাৱে আত্ম নিৰ্ভৰশীল, সামাজিকভাৱে সকলোকে সামৰি লোৱা ৰাজ্য হিচাপে অসমক একবিংশ শতিকাৰ ভাৰতৰ এখন ৰাজ্য হিচাপে গঢ়ি তোলাই ৰাইজৰ দলৰ মূল লক্ষ্য হ’ব।‘ ভাস্ক’ডি শইকীয়াই এইদৰে কয়।

কল্পজ্যোতি শইকীয়া

কল্পজ্যোতি শইকীয়া

নৰ্থ-ইষ্ট নাওৰ সাংবাদিক

Stay Connected

  • 117k Fans

Recent News

উচ্চতম ন্যায়ালয়ত উত্তপ্ত পৰিস্থিতি: ন্যায়াধীশৰ ফালে কাগজ দলিয়ালে আবেদনকাৰীয়ে, মুখ্য ন্যায়াধীশক অসভ্য আচৰণ

উচ্চতম ন্যায়ালয়ত উত্তপ্ত পৰিস্থিতি: ন্যায়াধীশৰ ফালে কাগজ দলিয়ালে আবেদনকাৰীয়ে, মুখ্য ন্যায়াধীশক অসভ্য আচৰণ

July 10, 2026 5:29 pm
মৃত্যুৰ ভয় নাই, ডিচেম্বৰত বাংলাদেশলৈ উভতি গৈ আদালতত আত্মসমৰ্পণ কৰিব শ্বেখ হাছিনাই

মৃত্যুৰ ভয় নাই, ডিচেম্বৰত বাংলাদেশলৈ উভতি গৈ আদালতত আত্মসমৰ্পণ কৰিব শ্বেখ হাছিনাই

July 10, 2026 4:56 pm
প্ৰথমে এগৰাকী নিপুণ মাতৃ হওক তাৰ পিছত আইএএছ-ৰ সপোন দেখক: উত্তৰ প্ৰদেশৰ ৰাজ্যপালৰ পৰামৰ্শ

প্ৰথমে এগৰাকী নিপুণ মাতৃ হওক তাৰ পিছত আইএএছ-ৰ সপোন দেখক: উত্তৰ প্ৰদেশৰ ৰাজ্যপালৰ পৰামৰ্শ

July 10, 2026 4:06 pm
অসম বাজেট ২০২৬-২৭: লাচিত বৰফুকন, কুশল কোঁৱৰৰ ওপৰত চলচ্চিত্ৰ নিৰ্মাণৰ বাবে ধন আগবঢ়াব চৰকাৰে

অসম বাজেট ২০২৬-২৭: লাচিত বৰফুকন, কুশল কোঁৱৰৰ ওপৰত চলচ্চিত্ৰ নিৰ্মাণৰ বাবে ধন আগবঢ়াব চৰকাৰে

July 10, 2026 3:38 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

উচ্চতম ন্যায়ালয়ত উত্তপ্ত পৰিস্থিতি: ন্যায়াধীশৰ ফালে কাগজ দলিয়ালে আবেদনকাৰীয়ে, মুখ্য ন্যায়াধীশক অসভ্য আচৰণ

উচ্চতম ন্যায়ালয়ত উত্তপ্ত পৰিস্থিতি: ন্যায়াধীশৰ ফালে কাগজ দলিয়ালে আবেদনকাৰীয়ে, মুখ্য ন্যায়াধীশক অসভ্য আচৰণ

July 10, 2026 5:29 pm
মৃত্যুৰ ভয় নাই, ডিচেম্বৰত বাংলাদেশলৈ উভতি গৈ আদালতত আত্মসমৰ্পণ কৰিব শ্বেখ হাছিনাই

মৃত্যুৰ ভয় নাই, ডিচেম্বৰত বাংলাদেশলৈ উভতি গৈ আদালতত আত্মসমৰ্পণ কৰিব শ্বেখ হাছিনাই

July 10, 2026 4:56 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd