• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Monday, August 17, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home Popular Stories

ৰাছিয়াই পাৰমাণৱিক অস্ত্ৰ বৃদ্ধি কৰিছে নেকি? আমেৰিকাৰ সৈতে প্লুটনিয়াম চুক্তি বাতিল পুটিনৰ

এন ই নাও নিউজ, গুৱাহাটী by এন ই নাও নিউজ, গুৱাহাটী
October 29, 2025 4:14 pm
23
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

ৰাছিয়াৰ ৰাষ্ট্ৰপতি ভ্লাদিমিৰ পুটিনে আমেৰিকাৰ সৈতে হোৱা প্লুটনিয়াম চুক্তি বাতিল কৰিছে। আমেৰিকাৰ ৰাষ্ট্ৰপতি ড’নাল্ড ট্ৰাম্পে ৰাছিয়াৰ উপকূলত পাৰমাণৱিক ক্ষমতাসম্পন্ন চাবমেৰিন নিয়োগ কৰাৰ কথা ঘোষণা কৰাৰ কিছু ঘণ্টাৰ ভিতৰতে পুটিনৰ পৰা এই বাৰ্তা আহিছিল। ইউক্ৰেইনৰ যুদ্ধবিৰতিক লৈ ৱাশ্বিংটন আৰু মস্কোৰ মাজত উত্তেজনাৰ মাজতে এই খবৰে নিশ্চিতভাৱে আন্তঃৰাষ্ট্ৰীয় সমাজত এক চাঞ্চল্যৰ সৃষ্টি কৰিছে। এই চুক্তি বাতিলৰ অৰ্থ হ’ল ৰাছিয়াই বাধাহীনভাৱে পাৰমাণৱিক অস্ত্ৰ উৎপাদন কৰিবলৈ সক্ষম হ’ব।

উল্লেখ্য যে, ২০০০ চনত আমেৰিকা আৰু ৰাছিয়াৰ মাজত প্ৰথম প্লুটনিয়াম চুক্তি স্বাক্ষৰিত হৈছিল। দুহেজাৰ চনত আমেৰিকাৰ ৰাষ্ট্ৰপতি বাৰাক ওবামাৰ কাৰ্যকালত স্বাক্ষৰিত এই সংশোধিত চুক্তিখন আছিল আমেৰিকা-ৰাছিয়াৰ পাৰমাণৱিক অস্ত্ৰৰ প্ৰসাৰ ৰোধৰ এক গুৰুত্বপূৰ্ণ অধ্যায়। ৰাছিয়াৰ সংবাদ মাধ্যমে প্ৰকাশ কৰা অনুসৰি সোমবাৰে পুটিনে ১৫ বছৰীয়া প্লুটনিয়াম নিষ্কাশন আৰু সংৰক্ষণৰ চুক্তি বাতিল কৰাৰ নিৰ্দেশ দিছিল।

Apply Now

মন কৰিবলগীয়া যে আমেৰিকাত প্ৰায় ৯০ টন অস্ত্ৰ গ্ৰেডৰ প্লুটনিয়াম আছে। ৰাছিয়াৰ হাতত আছে ১২৮ টন। এই সন্দৰ্ভত দুয়োখন দেশৰ মাজত এক চুক্তি হয়। শেহতীয়াকৈ ইউক্ৰেইনৰ যুদ্ধ আৰু গাজাৰ পৰিস্থিতিক লৈ দুয়োখন দেশৰ মাজত উত্তেজনা বৃদ্ধি পাইছে। ইয়াৰ মাজতে পুটিনৰ এই সিদ্ধান্ত। চুক্তিখনৰ চৰ্ত অনুসৰি আমেৰিকাই ঘোষণা কৰিছিল যে তেওঁলোকে ৬০ টন প্লুটনিয়াম ‘অতিৰিক্ত’ব্যৱহাৰ কৰিছে। ইয়াৰে ৰাছিয়াই ৫০ টন কৰিছিল। দুয়োপক্ষই সহমতত উপনীত হৈছিল যে তেওঁলোকে মজুত ৩৪ টন প্লুটনিয়াম পৰ্যায়ক্ৰমে ধ্বংস কৰিব। কিন্তু এইবাৰ পুটিনে সেই প্ৰক্ৰিয়াটোৰ ওপৰত পানী ঢালি দিলে।

যোৱা সপ্তাহত পুটিনৰ সৈতে হোৱা শান্তি বৈঠকখন ‘সময়ৰ অপচয়’ বুলি কৈ বাতিল কৰিছিল ট্ৰাম্পে। একে সময়তে তেওঁ কয় যে যদিহে ৰাছিয়াৰ ৰাষ্ট্ৰপতিয়ে ইউক্ৰেইনত যুদ্ধবিৰতি চুক্তিৰ ওপৰত সহমতৰ বাৰ্তা নিদিয়ে তেন্তে এই বৈঠক অৰ্থহীন। ইয়াৰ পাছত ৰাছিয়াই দেওবাৰে পাৰমাণৱিক অস্ত্ৰ কঢ়িয়াই নিব পৰা ‘বুৰেভেষ্টনিক’ ক্ৰুজ মিছাইলৰ সফলতাৰে পৰীক্ষা কৰে। মস্কোৰ প্ৰতিৰক্ষা বিভাগে ১৪ হাজাৰ কিলোমিটাৰ যাত্ৰা কৰা বুলি জানিবলৈ দিয়ে। ট্ৰাম্পক এই বিষয়ে সোধাত তেওঁ কয় যে, ‘আমাৰ ইমান দূৰ যাত্ৰা কৰাৰ প্ৰয়োজন নাই। ৰাছিয়াৰ উপকূলৰ ঠিক ওচৰতে আমাৰ হাতত পাৰমাণৱিক ক্ষমতাসম্পন্ন চাবমেৰিন আছে।’ ট্ৰাম্পৰ মন্তব্যৰ পিছতে পুটিনে এই চুক্তি বাতিল কৰে।

এন ই নাও নিউজ, গুৱাহাটী

এন ই নাও নিউজ, গুৱাহাটী

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

শিক্ষাখণ্ডত আৰএছএছৰ হস্তক্ষেপৰ বিৰুদ্ধে সৰৱ গৌৰৱ গগৈ: ৰাজীৱ ভৱনৰ গুৰুত্বপূৰ্ণ বৈঠকত যুৱ সন্মিলনৰ প্ৰস্তাৱ

শিক্ষাখণ্ডত আৰএছএছৰ হস্তক্ষেপৰ বিৰুদ্ধে সৰৱ গৌৰৱ গগৈ: ৰাজীৱ ভৱনৰ গুৰুত্বপূৰ্ণ বৈঠকত যুৱ সন্মিলনৰ প্ৰস্তাৱ

August 16, 2026 9:44 pm
‘বন্দে মাতৰম’ গোৱাত সঁচাকৈয়ে বাধা দিছিল নেকি ছোনিয়া গান্ধীয়ে? কি স্পষ্টীকৰণ দিলে কংগ্ৰেছে?

‘বন্দে মাতৰম’ গোৱাত সঁচাকৈয়ে বাধা দিছিল নেকি ছোনিয়া গান্ধীয়ে? কি স্পষ্টীকৰণ দিলে কংগ্ৰেছে?

August 16, 2026 8:40 pm
পুনৰ অনিশ্চয়তাত ভাৰতীয় ফুটবল: ডেৰ মাহ পিছুৱাব পাৰে আই এছ এল, এতিয়াও চূড়ান্ত হোৱা নাই সম্প্ৰচাৰক

পুনৰ অনিশ্চয়তাত ভাৰতীয় ফুটবল: ডেৰ মাহ পিছুৱাব পাৰে আই এছ এল, এতিয়াও চূড়ান্ত হোৱা নাই সম্প্ৰচাৰক

August 16, 2026 7:45 pm
স্বাধীনতা দিৱসৰ ভাষণক লৈ বিতৰ্ক: ‘দিমাগী নক্সাল’ মন্তব্যৰে আচলতে কাৰ ফালে আঙুলিয়াইছিল প্ৰধানমন্ত্ৰীয়ে?

স্বাধীনতা দিৱসৰ ভাষণক লৈ বিতৰ্ক: ‘দিমাগী নক্সাল’ মন্তব্যৰে আচলতে কাৰ ফালে আঙুলিয়াইছিল প্ৰধানমন্ত্ৰীয়ে?

August 16, 2026 6:24 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

শিক্ষাখণ্ডত আৰএছএছৰ হস্তক্ষেপৰ বিৰুদ্ধে সৰৱ গৌৰৱ গগৈ: ৰাজীৱ ভৱনৰ গুৰুত্বপূৰ্ণ বৈঠকত যুৱ সন্মিলনৰ প্ৰস্তাৱ

শিক্ষাখণ্ডত আৰএছএছৰ হস্তক্ষেপৰ বিৰুদ্ধে সৰৱ গৌৰৱ গগৈ: ৰাজীৱ ভৱনৰ গুৰুত্বপূৰ্ণ বৈঠকত যুৱ সন্মিলনৰ প্ৰস্তাৱ

August 16, 2026 9:44 pm
‘বন্দে মাতৰম’ গোৱাত সঁচাকৈয়ে বাধা দিছিল নেকি ছোনিয়া গান্ধীয়ে? কি স্পষ্টীকৰণ দিলে কংগ্ৰেছে?

‘বন্দে মাতৰম’ গোৱাত সঁচাকৈয়ে বাধা দিছিল নেকি ছোনিয়া গান্ধীয়ে? কি স্পষ্টীকৰণ দিলে কংগ্ৰেছে?

August 16, 2026 8:40 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd