NORTHEAST NOW (Assamese)

আজি ভোটগণনা; ভাগ্য নিৰ্ণয় হ’ব অসমৰ বহুকেইগৰাকী ৰথী-মহাৰথীৰ

May 23, 2019 6:48 am · এন ই নাও নিউজ
Updated: May 23, 2019 7:04 am
প্ৰতিনিধিত্বমূলক ফটো। উৎস-ইণ্টাৰনেট

বহু প্ৰতীক্ষিত লোকসভা নিৰ্বাচন-২০১৯ ৰ আজি ফলাফল নিৰ্ণয় হ’ব। ৰাতিপুৱা ৮ বজাৰ পৰা দেশৰ বিভিন্ন স্থানত থকা ভোটগণনা কেন্দ্ৰসমূহত দেশৰ মুঠ ৫৪৩ খন লোকসভা আসনৰ বাবে ভোটগণনা আৰম্ভ হ’ব।

দেশৰ লগতে অসমৰো ১৪ টা গুৰুত্বপূৰ্ণ লোকসভা সমষ্টিৰ বাবে ভোটগণনা আৰম্ভ হৈছে। অসমৰ চৈধ্যটা লোকসভা সমষ্টিত এইবাৰ বিজেপি, কংগ্ৰেছ, অগপ, বি পি এফ, এ আই য়ু ডি এফ আৰু বহুকেইগৰাকী নিৰ্দলীয় প্ৰাৰ্থীৰ ৰাজনৈতিক ভবিষ্যত নিৰ্ণয় কৰিব।

লোকসভা নিৰ্বাচনত অসমৰ পৰা প্ৰতিদ্বন্দ্বিতা কৰা কেইগৰাকীমান হাইপ্ৰফাইল নেতা হ’ল কংগ্ৰেছৰ প্ৰদ্যুৎ বৰদলৈ (নগাঁও), গৌৰৱ গগৈ (কলিয়াবৰ) সুস্মিতা দেৱ বৰ্মন (শিলচৰ), পৱন সিং ঘটোৱাৰ (ডিব্ৰুগড়), এম জি কে ভানু (তেজপুৰ)।

আনহাতে, বিজেপিৰ লোকসভা নিৰ্বাচনত প্ৰতিদ্বন্দ্বিতা কৰা কেইগৰাকীমান হাইপ্ৰফাইল নেতা হ’ল ক্ৰমে পল্লৱ লোচন দাস (তেজপুৰ), ৰামেশ্বৰ তেলী (ডিব্ৰুগড়), তপন গগৈ (যোৰহাট)।

অগপৰ কুমাৰ দীপক দাস আৰু এ আই য়ু ডি এফৰ বদৰুদ্দিন আজমল, বি পি এফৰ প্ৰমীল ৰাণী ব্ৰহ্মৰ ৰাজনৈতিক ভাগ্যও আজিৰ ভোটগণনাত নিৰ্ণয় হ’ব।

চলিত লোকসভা নিৰ্বাচনত সংসদীয় ৰাজনীতিত প্ৰবেশ কৰা কেইবাখনো নতুন মুখ ক্ৰমে বিজেপিৰ কুইন ওজা, ৰূপক শৰ্মা, পল্লৱ লোচন দাস, কংগ্ৰেছৰ ববিতা শৰ্মা, এম জি কে ভানু, অগপৰ মনি মাধৱ মহন্তৰ ভাগ্যও আজি ই ভি এমৰ ভোট গণনাত নিৰ্ণয় হ’ব।

ৰাজ্যৰ বিভিন্ন জিলাত অনুষ্ঠিত হ’বলগা ভোট গণনাৰ বাবে প্ৰতিখন জিলাপ্ৰশাসনে নিৰাপত্তা ব্যৱস্থা কটকটীয়া কৰি তুলিছে যাতে শান্তি-শৃংখলা বিঘ্নিত হ’ব পৰা কোনোধৰণৰ ঘটনা সংঘটিত নহয়।

Related News