• About
  • Copyright
  • Privacy Policy
  • Authors
  • Contact
English |  
Tuesday, March 2, 2021
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
No Result
View All Result
NORTHEAST NOW (Assamese)
English
Home উত্তৰ-পূব অসম

জিলা উপায়ুক্তৰ দ্বাৰা শিৱসাগৰত ভোটাৰ সজাগতা অভিযান শুভাৰম্ভ

NE NOW NEWS পাৰ্শ্বজ্যোতি গগৈ
শিৱসাগৰ , February 15, 2021 6:51 pm

2 min read

IMG-20210215-WA0006
180
VIEWS
Share on FacebookShare on Twitter

শিৱসাগৰ জিলাৰ উপায়ুক্ত তথা জিলা নিৰ্বাচন বিষয়া বিষ্ণু কমল বৰাই আজি শিৱসাগৰ নিৰ্বাচনী জিলাৰ উদ্যোগত ভোটাৰসকলৰ মাজত সজাগতা বৃদ্ধিৰ উদ্দেশ্যে আয়োজন কৰা বিশেষ সজাগতা অভিযানৰ ফ্লেগ অফ কৰি শুভাৰম্ভ কৰে।

শিৱসাগৰ উপায়ুক্ত কাৰ্যালয় প্ৰাংগণত অনুষ্ঠিত এই অনুষ্ঠানত জিলা উপায়ুক্ত তথা জিলা নিৰ্বাচন বিষয়াগৰাকীয়ে শিৱসাগৰ নিৰ্বাচনী জিলাৰ সকলো ভোটাৰক ভোটদান প্রক্রিয়াত অংশগ্ৰহণেৰে সুস্থ আৰু সৱল গণতন্ত্ৰ গঢ়ি তোলাৰ ওপৰত গুৰুত্ব আৰোপ কৰে৷

তেওঁ আগন্তুক বিধানসভা নিৰ্বাচনত ভোটাৰসকলক নিৰ্ভয়ে ভোটদানত বিপুল হাৰত অংশগ্ৰহণ কৰিবলৈ আহ্বান জনায়। জিলা নিৰ্বাচনী বিষয়াগৰাকীয়ে ভোটাৰৰ সাক্ষৰতা আৰু অংশগ্ৰহণ বৃদ্ধিৰ বাবে শিৱসাগৰ জিলাত চলাই থকা কাৰ্যসুচীসমূহৰ ওপৰতো আলোকপাত কৰে৷

ভোটদান এক মৌলিক অধিকাৰ বুলি উল্লেখ কৰি জিলা নির্বাচনী  বিষয়াই কৰে যে, এই বছৰ নতুন ভোটাৰসকলৰ বাবে e-EPIC কাৰ্ডখন ইলেকট্ৰনিক পদ্ধতিৰে উপলব্ধ কৰোৱাৰ ব্যৱস্থা কৰা হৈছে।

তেওঁ লগতে উল্লেখ কৰে যে, ভাৰতৰ নিৰ্বাচন আয়োগে এই বছৰ আগন্তুক বিধান সভা নিৰ্বাচনত আশী বছৰ বয়সৰ উৰ্ধৰ ভোটাৰ, বিশেষভাৱে সক্ষম লোকসকল আৰু ক’ভিড-১৯ ৰোগীৰ সুবিধাৰ বাবে পোষ্টেল বেলট পেপাৰৰ মাধ্যমেৰে ভোটদান কৰাৰ সুবিধা আগবঢ়াইছে।

অনুষ্ঠানত আদৰণি ভাষণ প্ৰদান কৰে নিৰ্বাচন বিষয়া কোকিলা গগৈয়ে।

উল্লেখযোগ্য যে, এই বিশেষ সজাগতা অভিযানত এখন বাহনৰ জৰিয়তে সমগ্র নিৰ্বাচনী জিলাত শ্ৰাব্য বাৰ্তা, গীত-মাত আদিৰে ভোটাৰসকলৰ মাজত সজাগতা বৃদ্ধি কৰা হ’ব।

আজিৰ অনুষ্ঠানত অতিৰিক্ত উপায়ুক্ত বিদিত দাস, অতিৰিক্ত উপায়ুক্ত কবিতা কাকতি কোঁৱৰ, শিৱসাগৰ ৰাজহ চক্ৰৰ চক্ৰ বিষয়া ভাস্কৰ ৰাজবংশীৰ লগতে উপায়ুক্ত কাৰ্যালয়ৰ বিষয়া-কৰ্মচাৰী আৰু ভালেসংখ্যক স্থানীয় ৰাইজ উপস্থিত থাকে।

Recent News

index.jpg12

এসপ্তাহ ধৰি মৰিগাঁৱত দুই কলেজীয়া ছাত্ৰী নিৰুদ্দেশ : চাঞ্চল্যৰ সৃষ্টি সমগ্ৰ জিলাখনত

সাগৰত জাঁপ দিয়াৰ পাছত এইবাৰ ভাইৰেল হ’ল ৰাহুল গান্ধীৰ ‘পুশ্ব-আপ’ৰ ভিডিঅ’

সাগৰত জাঁপ দিয়াৰ পাছত এইবাৰ ভাইৰেল হ’ল ৰাহুল গান্ধীৰ ‘পুশ্ব-আপ’ৰ ভিডিঅ’

https _cdn.cnn.com_cnnnext_dam_assets_210226001020-palace-of-justice-malaysia-file

সমকামীৰ যৌনতা নিষিদ্ধকৰণৰ বিৰুদ্ধে শীৰ্ষ আদালতত এগৰাকী মুছলমান সমকামীৰ ঐতিসাহিক বিজয়

৭৮ সংখ্যক গ’ল্ডেন গ্ল’ব বঁটা ২০২১ : উজলিল ‘নমাডলেণ্ড’ আৰু ‘বৰাত’

৭৮ সংখ্যক গ’ল্ডেন গ্ল’ব বঁটা ২০২১ : উজলিল ‘নমাডলেণ্ড’ আৰু ‘বৰাত’

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd