অৰুণাচল প্ৰদেশৰ টাৱাঙৰ ইয়াংচেত প্ৰকৃত নিয়ন্ত্ৰণ ৰেখা (LAC)ত ভাৰত-চীন সৈন্যৰ মাজত সংঘৰ্ষৰ পিছতে প্ৰথমবাৰলৈ চীনৰ বৈদেশিক মন্ত্ৰী ৱাং য়িয়ে মুখ খুলিছে। দেওবাৰে চীনৰ বৈদেশিক মন্ত্ৰী ৱাং য়িয়ে কয় যে ভাৰতৰ সৈতে সম্পৰ্ক সুস্থিৰ কৰি ৰাখিবলৈ চীনে অবিৰতভাৱে কাম কৰিবলৈ সাজু।
চীনৰ বৈদেশিক মন্ত্ৰালয়ৰ ৱেবছাইটত কোৱা অনুসৰি ভাৰতৰ সৈতে চীনৰ সম্পৰ্ক সন্দৰ্ভত সাংবাদিকক সম্বোধন কৰি চীনৰ বৈদেশিক মন্ত্ৰী ৱাং য়িয়ে কয়, “চীন আৰু ভাৰতে কূটনৈতিক আৰু সামৰিক-সামৰিক মাধ্যমৰ জৰিয়তে যোগাযোগ বজাই ৰাখিছে, আৰু দুয়োখন দেশেই সীমান্ত অঞ্চলত স্থিতিশীলতা বজাই ৰখাৰ বাবে প্ৰতিশ্ৰুতিবদ্ধ। চীন-ভাৰত সম্পৰ্কৰ সুস্থিৰ কৰি ৰখাৰ দিশত ভাৰতৰ সৈতে কাম কৰিবলৈ আমি সাজু হৈ আছো।”
যোৱা দেওবাৰে অৰুণাচল প্ৰদেশৰ টাৱাং খণ্ডত ভাৰত আৰু চীনৰ জোৱানৰ মাজত হোৱা সংঘৰ্ষৰ পটভূমিত কালি এই বক্তব্য প্ৰকাশ কৰিছে চীনৰ বৈদেশিক মন্ত্ৰীগৰাকীয়ে।
দেশখনৰ বৈদেশিক পৰিক্ৰমা মন্ত্ৰালয়ে এক বিবৃতিত কয় যে ভাৰত আৰু চীনে যোৱা ২০ ডিচেম্বৰত চীন পক্ষৰ চুশুল-মলডো সীমান্তৰ মিটিং পইণ্টত ১৭ ৰাউণ্ডৰ কৰ্পছ কমাণ্ডাৰ লেভেল মিটিং অনুষ্ঠিত কৰি নিৰাপত্তা বজাই ৰখাৰ বাবে সন্মতি প্ৰকাশ কৰে।
বিবৃতিটোত লগতে কোৱা হৈছে যে “ইয়াৰ মাজতে দুয়োপক্ষই পশ্চিম খণ্ডৰ ভূমিত নিৰাপত্তা আৰু স্থিতিশীলতা বজাই ৰখাৰ বাবে সন্মতি প্ৰকাশ কৰে।”
বিবৃতিটোত আৰু কোৱা হৈছে যে দুয়োপক্ষই ঘনিষ্ঠ যোগাযোগত থাকিবলৈ, আৰু সামৰিক আৰু কূটনৈতিক মাধ্যমেৰে আলোচনা বজাই ৰাখিবলৈ আৰু বাকী থকা সমস্যাসমূহৰ অতি সোনকালে পাৰস্পৰিকভাৱে গ্ৰহণযোগ্য সমাধানৰ বাবে কাম কৰিবলৈ সন্মত হৈছে।