উত্তৰ-পূব ভাৰতৰ লোকসকলৰ বাবে বতৰ বিজ্ঞান কেন্দ্ৰই এক গুৰুত্বপূৰ্ণ বতৰৰ আগজাননী দিছে। যোৱা কিছু দিন ধৰি চলি থকা তীব্ৰ শুকান বতৰৰ অন্তত এতিয়া অঞ্চলটোত বৰষুণ আৰু বিজুলী-ঢেৰেকণিৰ সম্ভাৱনা দেখা দিছে। গুৱাহাটীৰ আঞ্চলিক বতৰ বিজ্ঞান কেন্দ্ৰই প্ৰকাশ কৰা দৈনিক প্ৰতিবেদন অনুসৰি অহা এসপ্তাহৰ ভিতৰত উত্তৰ-পূবৰ ৰাজ্যবোৰত বতৰৰ এক সক্ৰিয় পৰিৱৰ্তন ঘটিব।
যোৱা ২৪ ঘণ্টাত অসম, অৰুণাচল প্ৰদেশ, মেঘালয়, নাগালেণ্ড, মণিপুৰ, মিজোৰাম আৰু ত্ৰিপুৰাত বতৰ শুকান আছিল যদিও মণিপুৰত দিনৰ তাপমাত্ৰা আৰু নাগালেণ্ড তথা ত্ৰিপুৰাত নিশাৰ তাপমাত্ৰা কিছু বৃদ্ধি পাইছে। যোৱা দিনটোত অসমৰ লামডিংত সৰ্বাধিক ৩৪ ডিগ্ৰী চেলচিয়াছ তাপমাত্ৰা ৰেকৰ্ড কৰা হৈছে আৰু ইম্ফলত সৰ্বনিম্ন ১২.৪ ডিগ্ৰী চেলচিয়াছলৈ তাপমাত্ৰা নামি আহিছিল।
বতৰ বিজ্ঞানীসকলৰ মতে বৰ্তমান বাংলাদেশ আৰু ইয়াৰ ওচৰ-পাজৰৰ বায়ুমণ্ডলত দুটা ঘূৰ্ণী বতাহ সক্ৰিয় হৈ আছে। ইয়াৰ প্ৰভাৱত অঞ্চলটোত লাহে লাহে বৰষুণৰ পৰিমাণ বৃদ্ধি পাব আৰু ইয়াৰ লগে লগে তাপমাত্ৰাও হ্ৰাস পাব। আগন্তুক পাঁচ দিনৰ আগজাননী অনুসৰি প্ৰথম দিনটো শুকান থাকিব যদিও দ্বিতীয় দিনৰ পৰা অৰুণাচল প্ৰদেশৰ কিছুমান ঠাইত পাতল বৰষুণ আৰম্ভ হ’ব পাৰে। তৃতীয় দিনৰ পৰা অসমতো পাতল বৰষুণৰ সম্ভাৱনা আছে। চতুৰ্থ আৰু পঞ্চম দিনাৰ পৰা বৰষুণৰ পৰিসৰ মেঘালয় আৰু নাগালেণ্ডলৈ সম্প্ৰসাৰিত হ’ব। এই সময়ছোৱাত দিনৰ সৰ্বাধিক তাপমাত্ৰা ৩ ৰ পৰা ৫ ডিগ্ৰী চেলচিয়াছ পৰ্যন্ত হ্ৰাস পোৱাৰ সম্ভাৱনা আছে।
বৰষুণৰ লগতে বতৰ বিজ্ঞান কেন্দ্ৰই ধুমুহা আৰু বিজুলী-ঢেৰেকণিৰ বাবেও সতৰ্কবাণী জাৰি কৰিছে। অহা দেওবাৰৰ পৰা অৰুণাচল প্ৰদেশত আৰু পৰৱৰ্তী দিনবোৰত অসম, মেঘালয়, নাগালেণ্ড আৰু মণিপুৰৰ বিভিন্ন ঠাইত বিজুলীৰ সৈতে পাতলৰ পৰা মজলীয়া বৰষুণ হ’ব পাৰে। গুৱাহাটী মহানগৰীৰ ক্ষেত্ৰত অহা চাৰিদিন আকাশ আংশিকভাৱে ডাৱৰীয়া হৈ থকাৰ সম্ভাৱনা আছে আৰু তাপমাত্ৰা ৩২ ডিগ্ৰীৰ আশেপাশে থাকিব।
অৱশ্যে ১২ মাৰ্চৰ পৰা গুৱাহাটীত আকাশ ডাৱৰীয়া হোৱাৰ লগতে পাতল বৰষুণ দিব পাৰে। যাৰ ফলত চহৰখনৰ তাপমাত্ৰা ৩০ ডিগ্ৰী চেলচিয়াছলৈ হ্ৰাস পাব। বতৰৰ শেহতীয়া খবৰবোৰৰ বাবে নাগৰিকসকলক বতৰ বিজ্ঞান কেন্দ্ৰৰ অফিচিয়েল ৱেবছাইট চাবলৈ আহ্বান জনোৱা হৈছে।





